প্ৰাকৃতিক জীৱনশৈলী -

ব্যায়াম:

দৈনন্দিন জীৱনত মানুহৰ বাবে ব্যায়াম অপৰিহাৰ্য অংগ। অকল আমি ব্যায়ামাগাৰলৈ গ’লেই যে ব্যায়াম কৰা হ’ব, সেইটো ধাৰণা ভুল। প্ৰাত:ভ্ৰমণ , দৌৰা, বিভিন্ন খেলা-ধূলা কৰা আদিৰ জৰিয়তেও আমাৰ দৈনন্দিন জীৱনত শৰীৰ অনুশীলন হ’ব পাৰে। শৰীৰটোক আৰাম আৰু নীৰোগী কৰিবলৈ হ’লে আমি আমাৰ জীৱনত ব্যায়াম বা শৰীৰ চৰ্চাত গুৰুত্ব দিব লাগিব।

ঘৰত বেছি সময় কটোৱা -

এজন ব্যক্তিৰ দৈনন্দিন জীৱনত বহুতেই কাম থাকে। বজাৰ-সমাৰ কৰাৰ উপৰি কৰ্মস্থলীলৈ যোৱা। ইফালে-সিফালে যোৱা আদি। প্ৰয়োজনীয় কামখিনি সময়মতে কৰি যদি আমি অধিক সময় ঘৰত থাকিব পাৰো, তেতিয়াহ’লে আমাৰ স্বাস্থ্য ভালে থাকিব। কাৰণ লেতেৰা আৱৰ্জনাৰ লগতে ধূলি-মাকতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ঘৰত বেছি সময় কটাব লাগিব।

বিশুদ্ধ পানী -

পানীয়ে মানুহৰ প্ৰাণ। দৈনন্দিন আমি যি পানী খাওঁ, সেইখিনি পানী সদায় পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত হ’ব লাগিব। আইৰন বা আৰ্ছেনিকযুক্ত বা লেতেৰা পানী সেৱন কৰিলে কেতিয়াও আমি ‘প্ৰাকৃতিক জীৱনশৈলী’ৰ জীৱন লাভ কৰিব নোৱাৰো। অকল ঘৰতেই নহয়, বাহিৰত ফুৰিবলৈ বা কৰ্মস্থলীতো আমি পানী খাওঁতে গুৰুত্ব দিব লাগিব।

খাদ্যত গুৰুত্ব -

আপুনি দৈনন্দিন খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ জীৱনশৈলী। প্ৰকৃতিপ্ৰদত্ত খাদ্যৰ সৈতে যোগসূত্ৰ ৰাখিলে এটি নীৰোগী শৰীৰ লাভ কৰি আপুনি প্ৰকৃতি জীৱনশৈলীৰ জীৱন অতিবাহিত কৰিব পাৰিব। তেনে খাদ্যৰ বাবে আপোনাৰ ঘৰখনেই হ’ল কেন্দ্ৰবিন্দু। পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ লগতে সতেজ আৰু স্বাস্থ্যসন্মত হ’ব লাগিব আপোনাৰ খাদ্য। খাদ্যত কোনোধৰণৰ ৰাসায়নিক পদাৰ্থ থাকিব নালাগিব।

কম অপচয় -

ঘৰুৱাভাৱে তৈয়াৰ কৰা খাদ্য সদায় কম অপচয় হয়। বেছি দিনলৈ খোৱাৰ উপৰি দীৰ্ঘদিন ধৰি ঘৰতে ৰাখিবও পাৰে। কম অপচয় হোৱাকৈ সদায় ঘৰৰ বাগিচাখনৰ পৰা শাক-পাচলি আনি খালে সুস্বাস্থ্যৰ লগতে বেছি পেলাবলগীয়াও নহয়। আপুনি বাহিৰৰ পৰা কিনা খাদ্যৰ সময় বেছি সময়লৈ ৰাখি খাব নোৱাৰিব আৰু অত্যধিক মছলাই সেই খাদ্যত প্ৰয়োজনীয় সকলো সমল নোহোৱা কৰাৰ লগতে শৰীৰৰ বাবে অপকাৰো হয়। কম অপচয় কৰি ঘৰুৱাভাৱে তৈয়াৰ কৰা খাদ্যত গুৰুত্ব দিলে এটা সুস্থ জীৱনশৈলী লাভ কৰিব পাৰিব।

লেখক: পল্লৱ দ্বীজেন

উৎস: দেওবৰীয়া সম্ভাৰ