লঘোন বা উপবাস এটা অতি প্ৰাচীন প্ৰথা। ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে হিন্দু, ইছলাম, বৌদ্ধ আদি সকলো ধৰ্মতে বিভিন্ন ধৰণে উপবাস বা লঘোন দিয়াৰ নিয়ম আছে। ধৰ্মীয় ৰীতি-নীতিৰ লগত এক প্ৰত্যক্ষ সম্বন্ধ থকাৰ বাবেই ইয়াৰ আঁৰৰ বৈজ্ঞানিক ভিত্তিখিনি প্ৰায়েই উপেক্ষা কৰা দেখা যায়।

চিকিৎসা বিজ্ঞানী তথা স্বাস্থ্য সচেতন কিছুমান ব্যক্তিৰ বাহিৰে লঘোন সম্বন্ধে বহুতৰেই ধাৰণা অস্পষ্ট। ‘লঘোন’ক বহুতৰেই ধৰ্ম আৰু পৰম্পৰাৰ পৰিধিৰ মাজতেই ৰাখিব খোজে। এই অস্পষ্টতাখিনিকেই নৱকান্ত বৰুৱাদেৱে ‘লঘোন’ নামৰ কবিতাটোৰ জৰিয়তে ব্যংগাত্মকভাৱে প্ৰকাশ কৰিছিল।

সমগ্ৰ জীৱদেহ পৰিচালিত হয় অসংখ্য জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰ। এই জৈৱ ৰাসায়নিক বিক্ৰিয়াসমূহৰ মুখ্য উদ্দেশ্য হ’ল খাদ্যৰ উপাদানসমূহৰ পৰা শক্তি আহৰণ কৰি তাক সঞ্চয় কৰি ৰখা বা সঞ্চিত শক্তি দৈনন্দিন দৈহিক কাৰ্যপ্ৰণালীত খৰচ কৰা। ইয়াৰ উপৰি বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ জৈৱ যৌগ উৎপন্ন কৰি দেহটো সুচাৰুৰূপে পৰিচালিত কৰা।

প্ৰতিটো দেহকোষেই পৰিৱেশৰ লগত সামঞ্জস্য বজাই ৰখাৰ বাবে নিজকে অভিযোজন কৰাৰ প্ৰয়াস কৰে। আমি আহাৰ যিয়েও নাখাওঁ কিয়, ইয়াৰ মূল উপাদান হ’ল শৰ্কৰা, প্ৰ’টিন, মেদ বা চৰ্বি। অন্ত্ৰত খাদ্য পাচন হৈ যেতিয়া শোষণ হয়, তেতিয়া মূলতঃ শৰ্কৰা অংশ গ্লুক’জ হিচাপে, প্ৰ’টিনসমূহ এমিন’ এচিড হিচাপে, মেদ বা চৰ্বিসমূহ ফেটি এচিড আৰু গ্লিচাৰেল হিচাপে শোষণ হয়।

দেহত খাদ্য দ্ৰব্যসমূহৰ ভিতৰত সাধাৰণতে গ্লুক’জৰ অণুকহে শৰীৰৰ কোষসমূহে শক্তিৰ বাবে ব্যৱহাৰ কৰে। ব্যৱহাৰ নোহোৱাকৈ ৰৈ যোৱা অতিৰিক্ত গ্লুক’জ কিছু পৰিমাণে গ্লাইক’জেন হিচাপে যকৃত আৰু মাংসপেশীসমূহত সঞ্চিত হৈ থাকে। বাকী ৰৈ যোৱা গ্লুক’জসমূহ শৰীৰৰ বিপাকীত ক্ৰিয়াত ভাগ লৈ প্ৰ’টিন আৰু চৰ্বিলৈ পৰিৱৰ্তন হয়। বাকী এমিন’ এচিডসমুহো পিছত কিছুমান দেহ গঠনত খৰচ হয় আৰু ৰৈ যোৱাখিনি ইউৰিয়া উলিয়াই দিয়ে। তেনেদৰে ফেটি এচিড বা গ্লিচাৰেলসমূহ সাধাৰণতে কিছু পৰিমাণে কলেষ্টেৰল নামৰ এক বিশেষ ধৰণৰ জৈৱ যৌগলৈ ৰূপান্তৰিত হয় আৰু বাকীখিনি মেদ বা চৰ্বি হিচাপে জমা হৈ থাকে।

মানুহৰ দৈনন্দিন জীৱনত শক্তিৰ যোগান ধৰে এই গ্লুক’জবোৰে। এসাঁজ আহাৰ প্ৰায় ১৮ৰ পৰা ২৪ ঘন্টাত সম্পূৰ্ণ চিন-চাব নোহোৱা হৈ যায়। আমাৰ দেহত সঞ্চিত গ্লাইক’জেনেৰে(গ্লুক’জৰ সঞ্চিত ৰূপ) কেৱল এক বেলা(প্ৰায় ৮ৰ পৰা ১২ ঘন্টা) চলিব পাৰি। লঘোনে থাকিলে প্ৰথম অৱস্থাত শৰীৰে সঞ্চিত গ্লাইক’জেনসমূহ খৰচ কৰে। তাৰ পাছত নতুনকৈ গ্লুক’জ সৃষ্টি কৰাৰ বাবে কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ হয়। দেহ গঠনত জড়িত প্ৰ’টিন অণুসমূহ গ্লুক’জলৈ পৰিৱৰ্তন হ’ব ধৰে। কিন্তু প্ৰ’টিন হেৰুৱাই গ্লুক’জ সৃষ্টি হোৱাটো এটা ব্যয়বহুল প্ৰক্ৰিয়া তথা প্ৰ’টিন দেহৰ পৰা হেৰুওৱা মানে কাৰ্যকৰী যৌগ হেৰুওৱা এই গ্লুক’জ কেৱল মগজু, ৰক্তকণিকা আৰু বৃক্কৰ কিছু অংশতহে ব্যৱহাৰ হয়। বাকী সকলো কলাই শক্তিৰ বাবে চৰ্বি ব্যৱহাৰ কৰে।

গতিকে এক বা দুই দিনৰ ভিতৰত এইটোও বন্ধ হৈ কেৱল মেদ বা চৰ্বিসমূহহে ইন্ধন হিচাপে ব্যৱহাৰ হ’বলৈ ধৰে। এই সমগ্ৰ বিষয়টো মগজুৱে কেতবোৰ জৈৱিক সংকেত তথা কিছুমান হৰম’নৰ জৰিয়তে পৰিচালনা কৰে। লাহে লাহে মগজুৱে তথা হৃদযন্ত্ৰই গ্লুক’জৰ পৰিৱৰ্তে চৰ্বিৰ পৰা সৃষ্টি হোৱা কিছুমান যৌগ, যাক কিট’ন ব’ডী বুলি কয় তাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। ফলত দেহৰ প্ৰ’টিনসমূহ সুৰক্ষিত হৈ থাকে।

গতিকে দেখা গ’ল যে ২৪ ঘন্টা নিৰাহাৰে থাকিলে দেহত জমা থকা শৰ্কৰা(গ্লাইক’জেন) সম্পূৰ্ণ শেষ হয়, লগতে ভালেমান চৰ্বি আৰু অলপ প্ৰ’টিন শক্তিৰ বাবে ব্যৱহাৰ হয়। এই ব্যৱহাৰে দেহটো পুনৰ গঠন কৰাৰ সুবিধা কৰি নতুনত্ব প্ৰদান কৰাত সহায় কৰে। উপবাস অৱস্থাত কিছুমান হৰম’ন যেনে- কেটাক’লামাইন আৰু গ্লুকাগ’ন, থাইৰয়ড, গ্ৰোথ হৰম’ন আদিয়ে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াটো পৰিচালিত কৰে। এই হৰম’নসমূহৰ মুখ্য কাম খৈছে তেজত গ্লুক’জৰ মাত্ৰা সঠিক কৰি ৰখা।

ইয়াত এটা কথা মন কৰিবলগীয়া যে দীৰ্ঘকাল উপবাস খাটিলে, দেহৰ শৰ্কৰাৰ ভাণ্ডাৰ শেষ হোৱাৰ পাছত(৮ৰ পৰা ১২ ঘন্টা) যদিও পেশী কলাসমূহৰ কিছু প্ৰ’টিন গ্লুক’জলৈ পৰিৱৰ্তন হয়, মগজুৰ পৰা নিৰ্গত গ্ৰোথ হৰম’ন খৰচ হোৱা প্ৰ’টিন পুনৰ সংস্থাপন হোৱাত সহায় কৰে। গতিকে লঘোন দিয়া প্ৰক্ৰিয়াটোৱে মুখ্যতঃ অতিৰিক্ত চৰ্বি কমোৱাতহে সহায় কৰে।

ডাঃ বেঞ্জামিন হৰ্ন নামৰ এগৰাকী গৱেষকে চলোৱা এক গৱেষণাত উল্লেখ আছে যে আমেৰিকাৰ উটাহ নামৰ এখন ৰাষ্ট্ৰৰ এক বিশেষ সম্প্ৰদায়ৰ মাজত হৃদৰোগ তথা মেদজনিত সমস্যা বহুত কম। ইয়াৰ মূলতেই সেই সম্প্ৰদায়ৰ জীৱনশৈলীত প্ৰচলিত নিয়মিত উপবাস। উপবাসে দেহৰ অতিৰিক্ত মেদ নোহোৱা কৰি মেদজনিত ৰোগসমূহৰ পৰা ৰক্ষা কৰে। যেনে- হৃদৰোগ, ৰক্তচাপ, মেদবহুলতা, ওজন বৃদ্ধিৰ পৰা হোৱা গাঁঠিৰ বিষ আদি। আন এটা গৱেষণাত কোৱা হয় তিনি দিন বা তাতকৈ অধিক সময়ৰ বাবে কৰা উপবাসে তেজত ইনছুলিন আৰু গ্লুক’জৰ পৰিমাণ ৩০ শতাংশলৈ হ্ৰাস কৰে।

লগতে IFS-1(Insulin like growth factor) নামৰ এবিধ যৌগৰ পৰিমাণো হ্ৰাস কৰে, যাৰ ফলত মানুঅৰ আয়ুস বাঢ়ে আৰু কেঞ্চাৰৰ সম্ভায়নীয়তা বহু পৰিমাণে কমি যায়। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত উপবাসে শৰীৰত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ উপৰি ইনছুলিন প্ৰতিৰোধ অৱস্থাৰ শাম কটাত সহায় কৰে। ফলত ইনছুলিনে সঠিকভাৱে কাম কৰিবলৈ লয়।

প্ৰশ্ন হয় উপবাস কেনেকৈ কৰিব বা উপবাস কৰাৰ কিবা নিয়ম আছে নেকি? সাধাৰণতে এসাঁজ বা দুসাঁজ আহাৰৰ পৰা সম্পূৰ্ণ বিৰত থকা নাইবা সম্পূৰ্ণ এটা দিন অনাহাৰে থাকি সন্ধিয়া লঘু আহাৰ গ্ৰহণ কৰাটোকে উপবাস কৰা বুলি কওঁ।

দুই-তিনি দিন ধৰি কৰা উপবাসৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। উপবাসৰ সময়ত সাধাৰণ দৈনন্দিন কাম-কাজৰ বাদে আন শাৰীৰিক পৰিশ্ৰম বৰ্জনীয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁৰ আত্মজীৱনী ‘সত্যৰ অন্বেষণ’ত উপবস সম্বন্ধে সুন্দৰ পৰীক্ষামূলক ব্যৱহাৰিক বৰ্ণনা দিছে।

মহাত্মা গান্ধীয়ে উপবাসক কেৱল সুস্বাস্থ্যৰ এক আহিলা হিচাপেই গণ্য কৰি আহিছে। গান্ধীজীয়ে জীৱনত ১৭ বাৰ বিভিন্ন কাৰণত উপবাসে আছিল আৰু আটাইতকৈ দীঘলীয়া ২১ দিনলৈ উপবাস কৰিছিল। উপবাসৰ সময়ত তেওঁ পানীৰ বাহিৰে আন খাদ্য গ্ৰহণ কৰা নাছিল।

গান্ধীজীৰ মতে, উপবাসে শাৰীৰিক সতেজতা, মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে কৰ্মক্ষেত্ৰত নিয়মানুৱৰ্তিতা আনে। সেয়েহে উপবাসক নিজৰ দৈনন্দিন জীৱনৰ এটা অভ্যাস কৰি ল’ব পাৰিলে এক সুস্বাস্থ্যৰ দীৰ্ঘায়ু জীৱন আশা কৰিব পাৰি।

লেখক: ডাঃ হিতেশ্বৰ শৰ্মা(নিয়মীয়া বাৰ্তা)