বিভিন্ন ধৰণে সংঘটিত হোৱা জুয়ে পোৰা দুৰ্ঘটনাবোৰৰ কাৰণ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হ’ব পৰা গৈছে যে দুৰ্ঘটনাৰ ঘাই কাৰণ হ’ল অসাৱধানতা আৰু কোনো কোনো ক্ষেত্ৰত অজ্ঞানতা।

গাঁও আৰু চহৰ অঞ্চলত বাস কৰা দুখীয়া শ্ৰেণীৰ লোকৰ মাজত কিছুমান বিপদজনক কাৰকে এনেবোৰ দুৰ্ঘটনা হোৱাত অৰিহণা যোগোৱা বুলি ভবা হৈছে।

চাপৰকৈ সজা খেৰি ঘৰ, একেটা ঘৰতে বহুতো মানুহ থকা, ঠেক আৰু ল’ৰা-ছোৱালী আদিৰে ঠাঁহ খাই থকা পাকঘৰ, ওলমি থকা কাপোৰ পিন্ধি ৰন্ধা-বঢ়া কৰা, নিম্নমানৰ কেৰাচিন ষ্টোভৰ ব্যৱহাৰ, বিপদজনক ভাৱে ওলমি থকা বিদ্যুৎপৰিবাহী তাঁৰ আৰু নিয়ন্ত্ৰণহীন শিশুসকলত্বেছি ভাগ জুয়ে পোৰা দুৰ্ঘটনাৰ মূল কাৰক বুলি চিহ্নিত হৈছে।

আনহাতে আজিকালি প্ৰায়বোৰ মধ্যবিত্ত লোকৰ পাকঘৰত স্থান পোৱা ৰন্ধন গেছৰ বিজুতিৰ বাবে সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ সমূজ বিশ্লেষণ কৰিলে নিৰাপত্তামূলক সতৰ্কতাবোৰৰ প্ৰতি আওকণীয়া মনোভাৱ আৰু অজ্ঞানতাই মূল কাৰক হিচাপে চিহ্নিত কৰিব পাৰি।

ঔদ্যোগিক প্ৰতিষ্ঠানত হোৱা অগ্নিকাণ্ডসমূহৰ কাৰণ বিশ্লেষণ কৰি পোৱা গৈছে যে কমবয়সীয়া কৰ্মচাৰী সকলৰ অত্যুৎসাহিতা, বেছি সময় কাম কৰাৰ বাবে হোৱা অৱসাদ আৰু কিছু পৰিমাণে অজ্ঞানতা এই দুৰ্ঘটনাবোৰৰ কাৰণ।

অৱশ্যে কিছুমান প্ৰতিষ্ঠানত যন্ত্ৰপাতি সমূহৰ আসোৱাহপূৰ্ণ অৱস্থান আৰু সময়মতে কৰিবলগীয়া মেৰামতিৰ অভাৱো কিছুমান অগ্নিকাণ্ডৰ কাৰণ হিচাপে চিহ্নিত হৈছে।

ঘৰতেই হওক বা ঔদ্যোগিক প্ৰতিষ্ঠানতে হওক, যদি ল’বলগীয়া সাৱধানতা অৱলম্বন কৰো, শতকৰা ৭০ ভাগ এনে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যাব।

জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, সেই বিষয়ে জনসাধাৰণক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক সজাগ কৰাটো আমাৰ কৰ্তব্য।

সৌভাগ্যক্ৰমে সকলো শ্ৰেণীৰ ৰাইজ এই বিষয়ে সজাগ হ’লে ৭০ শতাংশ জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা হ’ব।

উন্নত দেশবোৰত আৰু আমাৰ দেশতো বহুতো ঠাইত অগ্নিদগ্ধৰ চিকিৎসাৰ বিশেষ সুবিধা থকা ‘বাৰ্ণ ইউনিট’বোৰৰ যোগেদি তলত উল্লেখ কৰা উপায়েৰে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰা হৈছে।

১)জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধৰ বিষয়ে আলোচনা চক্ৰ, বক্তৃতা আৰু প্ৰদৰ্শনী আদিৰ প্ৰয়োজন।

২)বাতৰি কাকত, আলোচনী আদিত এই বিষয়ে প্ৰবন্ধ প্ৰকাশ।

৩)ৰেডিঅ’ আৰু টেলিভিচনত আলোচনা আৰু মুখামুখি অনুষ্ঠান প্ৰদৰ্শন।

৪)বিদ্যালয়ৰ শিক্ষা আঁচনিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবলৈ প্ৰাথমিক সাহায্য আৰু প্ৰতিৰোধৰ বিষয়ে সজাগতা সভাৰ আয়োজন।

৫)ৰাজহুৱা ঠাইত সজাগতা সভাৰ আয়োজন আৰু বিজ্ঞাপন আঁৰি দিয়াৰ ব্যৱস্থা।

৬)ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে কৰ্মস্থলীতে সজাগতামূলক বক্তৃতা আৰু আলোচনাৰ আয়োজন।

ওপৰত উল্লেখ কৰা উপায়বোৰৰ কিছুমান অৱলম্বন কৰি মুম্বাই চহৰত ডাঃ মনোহৰ কেছৱানীৰ তৎপৰতাত কেইবা দশক আগৰে পৰা ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত প্ৰাথমিক সাহায্য আৰু প্ৰতিৰোধৰ বিষয়ে যথেষ্ট সজাগতা আনিব পৰা হৈছিল।

অসমতো এই লেখকে মুম্বাইৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ১৯৯৪ চনৰে পৰা তৈল নগৰী ডিগবৈত আৰম্ভ কৰা জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰ্যসূচী এতিয়াও অসমৰ বিভিন্ন ঠাইত পূৰ্ণ উদ্যমেৰে চলাই আছে। এই কাৰ্যসূচীৰ সুফল লাভ কৰাৰ প্ৰমাণো আমি ইতিমধ্যে পাইছো।

সুখৰ কথা যে ‘নেচনেক একাডেমী অব বাৰ্ণচ ইণ্ডিয়া’ৰ অহৰহ প্ৰচেষ্টাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ‘পাইলট প্ৰজেক্ট অন প্ৰিভেনছন অব বাৰ্ন ইনজুৰিজ’ নামৰ কাৰ্যসূচী আৰম্ভ কৰি এই দিশত কিছু পদক্ষেপ লোৱা আমি দেখিবলৈ পাইছো। পিছে কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বাস্থ্য সজাগতা কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰি পূৰ্ণগতিত ৰূপায়ণ নকৰালৈকে ইয়াৰ প্ৰকৃত সুফল লাভ কৰা টান হ’ব।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা উন্নত দেশবোৰত জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰ্যসূচী সক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ যোগেদি ৰূপায়ণ কৰাৰ বাবে সেইবোৰ দেশত জুয়ে পোৰা দুৰ্ঘটনাৰ সংখ্যা ইমানে কমি গৈছে যে এতিয়া তাত বহুতো বাৰ্ণ ইউনিট বন্ধ কৰি দিবলগীয়া হৈছে।

অৱশ্যে এই দিশবোৰত প্ৰতিৰোধৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে চৰকাৰী আইন কিছুমান বাধ্যতামূলকভাৱে সকলোৱে পালন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

উদাহৰণস্বৰূপে সকলো ঘৰতে ধোঁৱা ওলালে ধৰা পেলোৱা যন্ত্ৰ ৰখা, গাধোৱা ঘৰত থকা ‘গীজাৰ’ৰ উত্তাপ এক নিৰ্দিষ্ট পৰিমাণতে ৰখা, শিশুসকলৰ কাপোৰ জুই নলগা বিধৰ কৰা আদি বাধ্যতামূলক।

জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে আমি দুই ধৰণে পদক্ষেপ লোৱা মুচিত হ’ব-

১)প্ৰাথমিক প্ৰতিৰোধ কাৰ্যসূচী:

যিবোৰ পদক্ষেপৰ দ্বাৰা দুৰ্ঘটনা প্ৰতিৰোধ কৰি অগ্নিদগ্ধ হোৱা ৰোগীৰ সংখ্যা ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পৰা হয়।

২)দ্বিতীয় খাপৰ প্ৰতিৰোধ কাৰ্যসূচী:

যিবোৰ পদক্ষেপৰ দ্বাৰা অগ্নিদগ্ধ হোৱা ৰোগীক ক্ষীপ্ৰ আৰু ফলপ্ৰসূ প্ৰাথমিক সাহায্য আৰু উপযুক্ত চিকিৎসা প্ৰদান কৰি, কোনো বিকৃতি বা বিসংগতি নোহোৱাকৈ সোনকালে আৰোগ্যৰ পথলৈ আনিব পৰা হয়।

প্ৰাথমিক প্ৰতিৰোধ কাৰ্যসূচী:

যিহেতু শতকৰা ৭৫ ভাগ জুয়ে পোৰা দুৰ্ঘটনা ঘৰতেই সংঘটিত হয় আৰু তাৰো বগেছিভাগেই পাকঘৰতেই হয়, আমি এইবোৰৰ কাৰণ বিশ্লেষণ কৰি প্ৰতিৰোধ কাৰ্যসূচী আৰম্ভ কৰা উচিত হ’ব।

পাকঘৰত:

১)পাকঘৰটো আহল-বহল হোৱা উচিত, যাতে ৰান্ধনীয়ে সহজে ইফাল-সিফালে কৰিব পাৰে। পিছে ই ইমান ডাঙৰো হ’ব নেলাগে যাতে তাত মানুহ বহি আড্ডা মাৰিব পাৰে বা শিশুসকলে খেলা-ধূলা কৰিব পাৰে।

২)শিশুক পাকঘৰলৈ অনাটো বন্ধ কৰা উচিত। মাকে ভাত ৰন্ধাৰ সময়ত শিশুক আন ঠাইত ৰখাৰ ব্যৱস্থা কৰিব লাগে। মাকৰ অমনোযোগিতাৰ বাবে পাকঘৰত বহুতো শিশুৱে অগ্নিদগ্ধ হোৱা দেখা যায়।

৩)পাকঘৰৰ মজিয়াত ৰন্ধা-বঢ়া কৰা অনুচিত। এনে কৰিলে ৰান্ধনীৰ কাপোৰত লগাৰ সম্ভাৱনা বাঢ়ি যায়। তাৰ সলনি ওখ মেজ বা প্লেটফৰ্মত ৰন্ধা উচিত। মাটিৰ ঘৰত ৰন্ধা-বঢ়া কৰিলে এটা ওখ ঢাপ কৰি তাত চৌকা সজাই ৰান্ধিলে বেছি নিৰাপদ।

৪)পাকঘৰৰ বস্তু থোৱা ৰেকখন কেতিয়াও ৰন্ধা ঠাইৰ ঠিক ওপৰত বা আগত থাকিব নেলাগে। এনে কৰিলে জুই জ্বলি থাকোতে বস্তু নমাবলৈ যাওঁতে কাপোৰত জুই লগাৰ সম্ভাৱনা অধিক। তাৰ সলনি বস্তু থোৱা ৰেকখন প্লেটফৰ্মৰ তলত নাইবা কাষৰ বেৰত সজা উচিত।

৫)নিম্নমানদণ্ডৰ ষ্টোভ বা পাম্প দিয়া ষ্টোভ পাকঘৰত ব্যৱহাৰ কৰা কৰা নুচিত। পাম্প দিয়া ষ্টোভ প্ৰায়েই ফাটি গৈ দুৰ্ঘটনা কৰে। এনে ষ্টোভক বহুতে ‘পাকঘৰৰ বোমা’ আখ্যা দিছে।

৬)জ্বলি থকা ষ্টোভত কেতিয়াও কেৰাচিন তেল ঢালিব নেলাগে। এনে কৰিলে কেৰাচিনৰ ধোঁৱাৰ লগতে জুই ওলাই বহুতো লোক অগ্নিদগ্ধ হোৱাৰ উদাহৰণ আছে।

৭)পাকঘৰত লৰা-ধপৰা নকৰিব। ভাগৰ লাগিলে কিছু জিৰণি লৈহে পাকঘৰলৈ অহা উচিত।

৮)পিন্ধা কাপোৰ:

ৰান্ধনীয়ে ঢিলাকৈ ওলমি থকা কাপোৰ পিন্ধি ৰান্ধিবলৈ যোৱা অনুচিত। শাৰী বা চাদৰৰ আঁচল সদায় ভালদৰে খুচি লৈহে ৰন্ধা উচিত। কাপোৰৰ ওপৰত এখন এপ্ৰ’ণ পিন্ধি ল’ব পাৰিলে ভাল। কপাহী সূতাৰ কাপোৰ পিন্ধি ৰন্ধা-বঢ়া কৰা ভাল। কৃত্ৰিম সূতাৰে তৈয়াৰী সহজে জুই লাগে। তেনে কাপোৰ পৰিহাৰ কৰক।

৯)প্ৰেছাৰ কুকাৰৰ ঢাকনিখন খোলোতে সাৱধান হ’ব। আগতে ভাপখিনি ওলাই যাবলৈ দিহে ঢাকনিখন খুলিব। এনে নকৰাৰ ফলত হঠাতে ভাপ জোৰেৰে ওলাই আহি মুখ, বুকু আদি ঠাইত পোৰা দুৰ্ঘটনা হোৱা দেখা যায়।

১০)প্ৰেছাৰ কুকাৰ বা তাৱাৰ হেণ্ডেলডাল কেতিয়াও ৰান্ধনী থিয় হৈ থকা ফাললৈ উলিয়াই নথব। ক’ব নোৱাৰাকৈ হেণ্ডেলত হাত লাগি গৰম বস্তু গাত পৰিব পাৰে।

ৰন্ধন গেছ:

ৰন্ধন গেছৰ ষ্টোভ এতিয়া সকলো মধ্যবিত্ত লোকৰ পাকঘৰত ঠাই পাইছে। পিছে এই ষ্টোভ আৰু গেছৰ তত্ত্বাৱধান আৰু ল’বলগীয়া সাৱধানতাৰ বিষয়ে আমি কিমান সচেতন? সুৰক্ষামূলক সাৱধানতাৰ অজ্ঞতা বা অৱহেলাৰ বাবে এতিয়া বহুতো দুৰ্ঘটনা হোৱা দেখা যায়।

তলত উল্লেখ কৰা সুৰক্ষামূলক কথাবোৰ:

সকলোৱে পালন কৰা আৱশ্যক:

ক)ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভালভটো ৰন্ধা শেষ হোৱাৰ পিছত ভালদৰে বন্ধ কৰিব। অন্যথাই ইয়াৰ পৰা গেছ নিৰ্গত হৈ পিছৰ বাৰত জুই জ্বলাওঁতে ভয়াৱহ অগ্নিকাণ্ড হ’ব পাৰে।

খ)ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ষ্টোভৰ সংযোগী নলীডাল নিয়মিতভাৱে পৰীক্ষা কৰা উচিত। যদি নলীডাল মাজতে ফাটি থাকে, গেছ নিৰ্গত হৈ ভয়াৱহ অগ্নিকাণ্ড হ’ব পাৰে। দুই তিনিমাহৰ মূৰে মূৰে এই নলীডাল সলাই নতুনকৈ লগালে এনে দুৰ্ঘটনাৰ ভয় নাথাকে।

গ)ৰন্ধন গেছৰ ষ্টোভ জ্বলোৱাৰ আগতে সদায় পাকঘৰৰ দুৱা-খিৰিকিবোৰ খুলি দিব লাগে। এনে কৰিলে যদি কিবা কাৰণত নিৰ্গত গেছ জমা হৈ থাকে, সেইবোৰ ওলাই যাব।

ঘ)গেছ নিৰ্গত হোৱাৰ গম পালে বিজুলী-বাতি বা ফেনৰ চুইটচ কেতিয়াও জ্বলাবলৈ চেষ্টা নকৰিব। এনে কৰিলে ভয়াৱহ অগ্নিকাণ্ড হ’ব পাৰে।

শোৱা ঘৰত:

ক)বিছনাত বহি চিগাৰেট নেখাব।

খ)শোৱাৰ সময়ত খোলা চাকি বা লেম্প নুমাইহে শুব। অন্যথাই এইবোৰ বাগৰি পৰি অগ্নিকাণ্ড ঘটাব পাৰে।

গ)জ্বলি থকা লেম্পত কেতিয়াও কেৰাচিন ঢাকিবলৈ চেষ্টা নকৰিব।

ঘৰৰ অন্য ঠাইত:

ক)শিশুসকলক জুইশলা, মমবাতি, কোনোধৰণৰ খোলা জুই বা বিজুলী চালিত সা-সৰঞ্জামৰ লগত খেলিবলৈ নিদিব।

খ)ঘৰৰ ভিতৰত বা বাহিৰত জুই জ্বলালে কেতিয়াও জ্বলি থকা জুইত কেৰাচিন নঢালিব।

গ)দাহ্য পদাৰ্থ, যেনে- কেৰাচিন, পেট্ৰ’ল, আদি জুইৰ ওচৰত নাৰাখিব।

ঘ)ঘৰৰ বিদ্যুৎ সংযোগী তাঁৰবোৰ ঠিকমতে বেৰত লগোৱাৰ ব্যৱস্থা কৰিব। ওলমি থকা মেৰামতিহীন তাঁৰে বিপদ মাতি আনিব পাৰে।

ঙ)বৈদ্যুতিক ঘৰুৱা সা-সঁজুলি, যেনে- ইষ্ট্ৰি, ফ্ৰীজ, হিটাৰ, ৱাশ্বিং মেচিন আদিৰ সংযোগী তাঁৰবোৰ মাজে মাজে পৰীক্ষা কৰাব আৰু প্ৰয়োজন অনুসৰি মেৰামতি ।কৰিব বা সলাই পেলাব। ছিঙি থকা তাঁৰৰ পৰা বিপদ হোৱাৰ সম্ভাৱনা থাকে।

চ)বিয়া-সবাহ বা উৎসৱৰ সময়ত সজা ৰভাঘৰ কাগজেৰে সজ্জিত কৰিলে বিজুলী সংযোগী তাঁৰৰ ক্ষেত্ৰত সাৱধান হ’ব। ছিঙি থকা তাঁৰৰ বাবেই শ্বৰ্টচাৰ্কিট হৈ ভয়ানক অগ্নিকাণ্ড হোৱাৰ উদাহৰণ বহুতো আছে। এনে ৰভাঘৰত খোলা জুইৰ ব্যৱহাৰ নকৰাই ভাল।

ছ)উতলা পানী, গাখীৰ, গৰম দাইল আদি ঢাকনি নোহোৱাকৈ শিশুৱে পোৱা ঠাইত নথ’ব। উতলা পানী, গাখীৰ আদি টেবুল-ক্লথ পৰা টানি দিলে গৰম পানী গাত পৰি পুৰিব পাৰে।

জ)গা-ধোৱা ঘৰত পানী ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব। হাতেৰে পৰীক্ষা নকৰাকৈ পানী গাত ঢলাৰ বাবে বহুতৰে গাত পোৰাৰ উদাহৰণ আছে। শিশুক অকলে গৰম পানীৰে গা ধুবলৈ নপঠিয়াব।

ঝ)পেলনীয়া প্লাষ্টিকৰ ঠোঙা বা বটল আদি কেতিয়াও পুৰিবলৈ চেষ্টা নকৰিব। প্লাষ্টিকৰ বটলত জুই লাগিলে ফুটি যায় আৰু বতাহত দূৰলৈ উৰি যায়।

ই মানুহৰ গাত পৰিলে কাপোৰত জুই লাগে আৰু খালী ছালত বেয়াকৈ লাগি ধৰি খুব দ’কৈ পোৰে। তদুপৰি প্লাষ্টিক পুৰিলে কাৰ্বন মনোক্সাইড নামৰ বৰ বেয়া গেছ উৎপন্ন হয় আৰু ই বায়ুমণ্ডল দূষিত কৰে।

দেৱালীত:

পোহৰৰ উৎসৱ দেৱালীয়ে যেনেকৈ আমাৰ দেহ-মন উজলাই তোলে, এই উৎসৱৰ আনন্দই বহুতৰ জীৱনলৈ অন্ধকাৰো কঢ়িয়াই আনে। অসাৱধানতা আৰু অত্যুৎসাহিতাৰ বাবে বহুতো লোকৰ হাত-মুখ আদি অগ্নিদগ্ধ হোৱা দেখা যায়। এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ হ’লে আমি তলত উল্লেখ কৰা সাৱধানতা অৱলম্বন কৰিব লাগিব।

১)মাটিৰ চাকি বা মমবাতি সদায় ওখ ঠাইতহে জ্বলাব। মাটিতে চাকি জ্বলালে কাপোৰত জুই লগাৰ সম্ভাৱনা বাঢ়ি যায়। ঢিলাকৈ ওলমি থকা কাপোৰ পিন্ধি চাকি জ্বলাবলৈ কেতিয়াও নেযাব।

২)কেৱল মুকলি ঠাইতহে ফটকা ফুটাব। ঘৰৰ ভিতৰত বা ওচৰত কেতিয়াও ফটকা নুফুটাব।

৩)হাতত লৈ কেতিয়াও ফটকা নুফুটাব। সাধাৰণতে নুফুটে বুলি ভবা ‘কলগছ’ নামৰ ফুলজাৰিটো প্ৰায়েই হাততে ফুটি আঘাত কৰে। সেয়েহে ‘কলগছ’ সদায় দূৰৈত মাটিত থৈ দূৰৰ পৰা জ্বলাব।

৪)আধা জ্বলি থাকোতে ফুলজাৰি কেতিয়াও পেলাই নিদিব। ই অগ্নিকাণ্ড ঘটাব পাৰে।

৫)আধাপোৰা আৰু নুফুটা ফটকাৰ ওচৰলৈ নেযাব। এইবোৰ পিছত ফুটি বিপদ ঘটাব পাৰে।

৬)শিশু আৰু সৰু ল’ৰা-ছোৱালী অকলে ফটকা ফুটাবলৈ এৰি নিদিব। আপুনিও সিহঁতৰ লগত থাকি সুৰক্ষা দিয়ক আৰু নিজেও আনন্দ উপভোগ কৰক।

৭)বিপদজনক ফটকা, ৰকেট আদি ফুটোৱে অনুচিত। এইবোৰৰ পৰা বহুতো দুৰ্ঘটনা সংঘটিত হয়। জুয়ে পোৰাৰ উপৰিও এইবোৰে বেয়াকৈ শব্দ আৰু বায়ু প্ৰদূষণ কৰে।

৮)ঘৰে ঘৰে আতচবাজী নেখেলি ৰাজহুৱাকৈ এনে উৎসৱ পালন কৰিলে উৎসৱৰ আনন্দ দুগুণে বৃদ্ধি হোৱাৰ উপৰিও এনে উৎসৱ বহু পৰিমাণে নিৰাপদ হয়।

৯)চৰকাৰে আইনৰ দ্বাৰা বিপদজনক ফটকাৰ উৎপাদন আৰু বিক্ৰী বন্ধ কৰা উচিত। দুৰ্ঘটনাৰ সংখ্যাও কমিব বুলি আমাৰ দৃঢ় বিশ্বাস।

দীপাৱলীৰ আনন্দ আৰু পোহৰ আপোনাৰ জীৱন উজ্বলাই তোলক: অসাৱধানতাৰে জীৱনলৈ অন্ধকাৰ কঢ়িয়াই নানিব।

ঔদ্যোগিক প্ৰতিষ্ঠানত:

ঔদ্যোগিক প্ৰতিষ্ঠানত হোৱা অগ্নিকাণ্ডই আমাৰ দেশত বহুতো প্ৰাণ হানি কৰিছে। অসাৱধনতা, সুৰক্ষাৰ প্ৰতি অৱহেলা আৰু অত্যুৎসাহিতাৰ বাবে বহুতো এনে দুৰ্ঘটনা হোৱা দেখা যায়।

তলত উল্লেখ কৰা ব্যৱস্থাসমূহ নিষ্ঠাৰে পালন কৰিলে এনে দুৰ্ঘটনা ৰোধ কৰিব পৰা হ’ব-

ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰিচালকে ল’বলগীয়া ব্যৱস্থাসমূহ:

১)যন্ত্ৰসমূহ স্থাপন কৰোতে মাজত যথেষ্ট খালী ঠাই ৰখা উচিত।

২)যন্ত্ৰপাতি আৰু বৈদ্যুতিক সঁজুলিবোৰৰ প্ৰতিৰোধমূলক মেৰামতিৰ ব্যৱস্থা নিয়মিতভাৱে কৰা উচিত।

৩)কৰ্মচাৰীসকলক যন্ত্ৰপাতিসমূহ চলোৱা আৰু তত্ত্বাৱধান কৰাৰ প্ৰশিক্ষণ দিয়া উচিত।

৪)কৰ্মৰত কৰ্মচাৰীসকলে যাতে ল’বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহ ঠিকমতে পালন কৰে, তাৰ প্ৰতি চকু দিয়া উচিত।

৫)কৰ্মচাৰীসকলে কামৰ সময়ত ব্যক্তিগত সুৰক্ষাদায়ী আহিলাপাতি(Personal Protective Equipment) যাতে ব্যৱহাৰ কৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰখা উচিত।

৬)জৰুৰীকালীন পৰিস্থিতিত কৰ্মক্ষেত্ৰৰ পৰা ওলাই যাবলৈ বিকল্প পথৰ ব্যৱস্থা থকা উচিত।

৭)অগ্নিনিৰ্বাপনৰ সকলো সুবিধা আৰু ওচৰতে পোৱাকৈ পৰ্যাপ্ত পৰিমাণে পানীৰ ব্যৱস্থা থকা উচিত।

৮)টেলিফোন আৰু অন্য বিকল্প যোগাযোগৰ ব্যৱস্থা কৰ্মক্ষেত্ৰত থকা উচিত।

৯)সুৰক্ষা সজাগতা আৰু প্ৰাথমিক সাহায্যৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলক নিয়মিতভাৱে দিয়া উচিত।

১০)কৰ্মৰত অৱস্থাত হোৱা কাণেকাণমাৰি সাৰি যোৱা ঘটনাবোৰ(Near Miss Incidence) নিয়মিত প্ৰতিবেদন কৰ্তৃপক্ষলৈ জনোৱাৰ ব্যৱস্থা থকা উচিত। এইবোৰৰ বিশ্লেষণ আৰু পুনৰাই নহ’বলৈ প্ৰতিৰোধৰ ব্যৱস্থা লোৱাৰ নিয়ম থকা উচিত।

আমি সকলোৱে জনা উচিত যে প্ৰতি ৩০০ এনে কাণে কাণমাৰি সাৰি যোৱা ঘটনাই একোটা ডাঙৰ দুৰ্ঘটনা ঘটাব পাৰে।

কৰ্মচাৰীসকলে ল’বলগীয়া ব্যৱস্থাসমূহ:

১)কামৰ সময়ত লৰালৰি আৰু অত্যুৎসাহিতা পৰিহাৰ কৰা উচিত।

২)নিজে কাম কৰা যন্ত্ৰপাতিসমূহৰ পৰিচালনাৰ আৰু তত্ত্বৱধানৰ সম্যক জ্ঞান আহৰণ কৰা উচিত।

৩)কামৰ সময়ত পিন্ধিবলগীয়া সুৰক্ষা আহিলা আৰু পোছাক, যেনে- বুট, হাতমোজা, বেল্ট আদি নিশ্চিয়কৈ পিন্ধা উচিত।

৪)নিজৰ সুৰক্ষাৰ বাবে কামৰ সময়ত হোৱা কাণে কাণ মাৰি সাৰি যোৱা ঘটনাবোৰৰ প্ৰতিবেদন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ যত্ন কৰা উচিত।

৫)সুৰক্ষা সম্বন্ধীয় আৰু প্ৰাথমিক সাহায্যৰ প্ৰশিক্ষব লৈ এই বিষয়ে সম্যক জ্ঞান আহৰণ কৰাটো নিজৰ বাবে প্ৰয়োজনীয়।

দ্বিতীয় খাপৰ প্ৰতিৰোধ কাৰ্যসূচী:

উপযুক্ত প্ৰাথমিক সাহায্য আৰু চিকিৎসা ব্যৱস্থাৰ দ্বাৰা জুয়ে পোৰা আঘাতৰ উপসৰ্গবোৰ নোহোৱা কৰি ৰোগীক সুস্থ আৰু কাৰ্যক্ষম কৰিব পাৰিলে নিশ্চয় আমাৰ দ্বিতীয় খাপৰ কাৰ্যসূচী সফল হব।

এইখিনি কৰিবলৈ আমি তলত উল্লেখ কৰা ব্যৱস্থাসমূহ লোৱা উচিত হ’ব-

১)জুয়ে পোৰাৰ লগে লগে ঘা ডোখৰত পানী ঢালি ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰক।

২)জুয়ে পোৰা ঘাত কোনো ধৰণৰ প্ৰলেপ বা মলম লগোৱাৰ পৰা বিৰত থাকক।

৩)অগ্নিদগ্ধ ৰোগীক যিমান সোনকালে পাৰি চেলাইন দিয়াৰ ব্যৱস্থা কৰক আৰু উপযুক্ত চিকিৎসা দিব পৰা চিকিৎসালয়লৈ ক্ষীপ্ৰতাৰে স্থানান্তৰিত কৰক।

সমাজ সংস্কাৰৰ প্ৰয়োজনীয়তা:

আমাৰ সমাজত দিনে দিনে আত্মঘাতী হোৱা বা যৌতুকজনিত কাৰণত বোৱাৰীক পুৰি মৰা ঘটনাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে।

সামাজিক পৰস্পৰাৰ স্খলন পৰিয়ালৰ লোকৰ মাজত থকা বান্ধোনৰ অৱক্ষয় আৰু পতি-পত্নীৰ মাজত থকা বিশ্বাস ভংগ আৰু যৌতুকৰ প্ৰতি অহেতুক আক্ৰোশ আদিৰ বাবে এতিয়া সমাজত এনেবোৰ অস্বাভাৱিক অগ্নিদগ্ধৰ ঘটনা বাঢ়িবলৈ ধৰিছে।

দুৰ্ভাগ্যজনকভাৱে অকল নাৰীৰ মাজতেই নহয়, পুৰুষৰ মাজতো আত্মঘাতী অগ্নিদগ্ধৰ ঘটনা এতিয়া যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

সামাজিক সংগঠনসমূহ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে এনেবোৰ দুৰ্ঘটনাৰ বিশ্লেষণ কৰি প্ৰতিৰোধৰ ব্যৱস্থা লোৱা উচিত হ’ব।

নাৰী মুক্তি সংগঠনসমূহ নাৰীসকলক শিক্ষা-দীক্ষাৰে শক্তিশালী কৰি ঘৰুৱা আতিশয্য আৰু নিৰ্যাতনৰ প্ৰতিবাদ কৰিব পৰা কৰি গঢ়ি তুলিব পাৰিব লাগিব।

চৰকাৰে যৌতুক লওঁতাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব পাৰিলেহে এনেবোৰ অস্বাভাৱিক দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা হ’ব।

লেখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)