বৰ্তমান সময়ত এটি আলোচনাৰ বিষয় হৈছে চালানী মাজত বিষ। স্বাস্থ্য বিভাগৰ অধীনয়ত ধৰা পেলাইছে চালানী মাছৰ দেহত বিষাক্ত ৰাসায়নিক দ্ৰব্য ফৰ্মেলিনৰ। আজি আমি ফৰ্মেলিনৰ বিষয়ে কিছু কথা আলোচনা কৰিম।

ফৰ্মেলিন কি?

ফৰ্মেলিন হ'ল এবিধ ৰাসায়নিক দ্ৰব্য।বিশ্বত উৎপাদিত ২৫ বিধ ৰাসায়নিক দ্ৰব্যৰ ভিতৰত অন্যতম।

৩০-৫৫% ফৰ্মেলদিহাইড আৰু মিঠানলৰ সংমিশ্ৰণ কৰি ফৰ্মেলিন প্ৰস্তুত কৰা হয়।বিভিন্ন ধৰণৰ কল কাৰখানা যেনে চামৰা উৎপাদন, ৰেজিন, প্লাষ্টিক উৎপাদন, প্লাই ব'ৰ্ড উৎপাদন, খেতিপথাৰত ভেঁকুৰ ৰোগ নিয়ন্ত্ৰণ ৰ বাবে প্ৰস্তুত কৰা ঔষধি আদিত ফৰ্মেলিন ব্যৱহৃত হয়।

চিকিৎসা বিজ্ঞানত মৃত ব্যক্তিৰ শৰীৰ সংৰক্ষণ কৰি বহু দিনলৈ নপচাকৈ বহুদিনলৈ ৰাখিবলৈ ফৰ্মেলিনৰ ব্যৱহাৰ কৰা হয়।

ইয়াৰোপৰি বিজ্ঞানাগাৰত শৰীৰৰ কোনো অংগ প্ৰত্যঙ্গ নপচাকৈ ৰাখিবলৈও ফৰ্মেলিনৰ ব্যৱহাৰ কৰা হয়। ফৰ্মেলিন এবিধ এন্টিচেপতিক ঔষধি। সেই বাবেই অস্ত্ৰোপচাৰ কক্ষ বীজানুমুক্ত কৰিবলৈও ফৰ্মেলিন ব্যৱহৃত হয়।

খাদ্য দ্ৰব্যত কিয় ফৰ্মেলিন ব্যৱহাৰ কৰা হয়?

খাদ্য সমূহ যাতে বহুদিনলৈ সতেজ হৈ থাকে তাৰ বাবেই ব্যৱসায়ী সকলে ইয়াৰ ব্যৱহাৰ কৰে।বিশেষকৈ চালানী মাছ, যিবোৰ আমদানী কৰা হয় অন্ধ্ৰপ্ৰদেশ, গুজৰাট আদি বহিৰাজ্যেৰ পৰ, তেনেবোৰ মাছ যাতে বহুদিনলৈ সতেজ হৈ থাকে তাৰ বাবে ব্যৱসায়ী সকলে ফৰ্মেলিনৰ সহায় লোৱা দেখা যায়।

বহিঃ ৰাজ্যৰ পৰা অসমলৈ মাছ সমূহ আহি পাওঁতে প্ৰায় ৫/৬ দিন লাগি যায়। বৰফৰ মাজত মাছবোৰ ১০ দিনমানলৈ ভালে থাকে।সেয়েহে ব্যৱসায়ী সকলে আৰু দহ পোন্ধৰ দিনলৈ মাছ সমূহ সতেজ কৰি ৰাখিবলৈ ফৰ্মেলিনৰ ব্যৱহাৰ কৰে।

কেনেদৰে ব্যৱহৃত হয় ফৰ্মেলিন?

ফৰ্মেলিন পানীৰ সৈতে মিহলাই মাছসমূহ তাত দুবাই ৰখা হয়। কেতবোৰ ব্যৱসায়ীয়ে বেজীৰ দ্বাৰা শৰীৰৰ ভিতৰত এই বিষাক্ত দ্ৰব্য সুমুৱাই দিয়ে।

মানৱ শৰীৰত ফৰ্মেলিনৰ কুপ্ৰভাব-

ফৰ্মেলিন এবিধ উৰণশীল ৰাসায়নিক।বতাহঁতকৈ ই পাতল বাবেই ই উৰণশীল হয়।

১)বায়ু মণ্ডলত মিহলি হোৱা ফৰ্মেলিন যেতিয়া আমাৰ শ্বাস প্ৰশ্বাসৰ দ্বাৰা হাওঁফাওঁত প্ৰৱেশ কৰে তেন্তে শ্বাসনলীৰ সংকোচন হবলৈ ধৰে আৰু ব্যক্তিজনে উশাহ- নিশাহত কষ্ট অনুভৱ কৰি ধৰে।

২)নাকৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে আৰু বহুদিনলৈ সংস্পর্শত থাকিলে এজমা ৰোগত ভুগিব পাৰে।

৩)ছালৰ সৈতে সংস্পৰ্শলৈ আহিলে ছালত খজুৱতি ,ছাল ৰঙা পৰা,এলাৰ্জী প্ৰভৃতি ৰোগ হব পাৰে।

৪)খাদ্য দ্ৰব্যৰ সৈতে যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া মুখগহ্বৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে।

৫)পেটলৈ গলে খাদ্য পৰিপাক প্ৰক্ৰিয়াত বিলম্ব হব পাৰে।যাৰ ফলত পেট ফুলি থকা, আভোক আভোক লগা।

পেটৰ বিষ, আনকি পেটৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰি ৰক্তক্ষৰণ হৈ মেলিনা প্ৰভৃতি ৰোগৰ সৃষ্টি কৰিব পাৰে। ৰোগীৰ মৃত্যুও হব পাৰে।মনত ৰাখিব ৩০মি:লি: ফৰ্মেলিন সেৱন কৰা ব্যক্তিৰ মৃত্য হ’ব পাৰে।

৬)খাদ্য হজম হলে ফৰ্মেলিন লিভাৰত প্ৰৱেশ কৰি লিভাৰৰ বিকৃতি কৰিব পাৰে।

৭)লিভাৰৰ পৰা যেতিয়া তেজৰ সৈতে মিহলি হব তেতিয়া তেজৰ আম্লিক গুণৰ বৃদ্ধি কৰি এচিড'ছিছ ৰোগৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত ৰোগীৰ উশাহ নিশাহ ঘন ঘন হ’ব। আৰু সময়ত মৃত্যুও হ’ব পাৰে।

৮)নিয়মিত ফৰ্মেলিন যুক্ত খাদ্য খাই থাকিলে স্মতিৃশক্তি লোপ পাব পাৰে। চিন্তা শক্তি দুৰ্বল হ’ব পাৰে। অনবৰতে খিংখিঙীয়া স্বভাবৰ হব পাৰে তথা নাৰ্ভৰ অসুখ হ’ব পাৰে।

৯)ইয়াৰ বিষাক্ত ক্ৰিয়াৰ ফলত কেন্সাৰ ৰোগৰ প্ৰদূৰ্ভাৱ হব পাৰে। ফৰ্মেলিনৰ ফলত মায়েলয়ড লিউকেমিয়া নামৰ ৰক্ত কেন্সাৰ হয় বুলি ইতিমধ্যেই গৱেষণাত ধৰা পৰিছে।

ইয়াৰোপৰি আন কেতবোৰ কেন্সাৰ ৰোগ হ’ব পাৰে বুলি বিজ্ঞানী সকলে সন্দেহ ব্যক্ত কৰি গৱেষণা চলাই আছে।

১০)কিডনী বিকল হব পাৰে ফৰ্মেলিনৰ ফলত।ফৰ্মেলিন যুক্ত খাদ্য, কাৰ্বাইন যুক্ত খাদ্য, ছডিয়াম বেনজযদ যুক্ত খাদ্যৰ ফলতেই কিডনী বিকল(Renal failure)ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে।

১১)ফৰ্মেলিনে শৰীৰৰ কোষৰ আৱৰণ আৰু DNA ত আক্ৰমণ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হবলৈ ধৰে।যাৰ ফলত ব্যক্তি জনে বিভিন্ন ৰোগত ভুগিব ধৰে।

১২)গৰ্ভৱতী মহিলাই ফৰ্মেলিন যুক্ত আহাৰ খালে গৰ্ভস্থ সন্তানৰ বিকৃতি হব পাৰে।

কেনেকৈ জানিব খাদ্যত ফৰ্মেলিন আছে বুলি?

মৃত মাছ, মাংস যেতিয়া অতিৰঙচুৱা হয় তেতিয়া ফৰ্মেলিনৰ উপস্থিতি থকা বুলি সন্দেহ কৰিব পাৰি।

মাছ মাংস সমূহ টান টান হব তথা শুঁঙি চালে জ্বলা জ্বলা গোন্ধাব বা চকুৰ কাষলৈ আনিলে চকু জ্বলা পোৰা কৰিব।

ঘৰতে পৰীক্ষা কৰিব পাৰিনে?

প্ৰশ্নটিৰ উত্তৰত কব লাগিব যে কোনো ধৰণৰ ৰাসায়নিক সুলভ লভ্য পৰীক্ষা কৰাৰ সাধন বৰ্তমানলৈ বজাৰত উপলব্ধ নহয়। বিজ্ঞানাগৰ সমূহত পৰীক্ষা উপলব্ধ যদিও সৰ্ব সাধাৰণ মানুহৰ বাবে এয়া অসম্ভৱ। সেয়েয়ে চকুৰে পৰীক্ষা কৰাৰ বাহীৰে আন কোনো উপায় দেখা নাযায়।

লেখকৰ মতামত -

বহুজন বিজ্ঞানীয়ে ঘৰতে ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰা দ্ৰব্য আবিষ্কাৰ কৰিছো বুলি দাবী কৰি আহিছে যদিও বজাৰত উপলব্ধ হোৱা নাই। আমাৰ চৰকাৰে খাদ্য সুৰক্ষা বিভাগ তথা কৃষি গৱেষণা কেন্দ্ৰৰ সহায়ত যদি ঘৰতে বহি ফৰ্মেলিনৰ উপস্থিত পৰীক্ষা কৰা দ্ৰব্য বজাৰত উপলব্ধ কৰায় তেতিয়াহলে আমাৰ ৰাইজ নিশ্চয় উপকৃত হব আৰু চৰকাৰৰ এই প্ৰচেষ্টা ফলপ্ৰসু হ’ব।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711