<p style="text-align: justify; "> </p> <p style="text-align: justify; ">অতি কম সময়ৰ ভিতৰতে বজাৰলৈ আহিব পুৰুষৰ জন্ম নিয়ন্ত্ৰক পিল। কাৰণ পুৰুষৰ জন্ম নিয়ন্ত্ৰণ কৰিব পৰা এক হৰম’নৰ সন্ধান পাইছে গৱেষকসকলে। উক্ত হৰম’ন ব্যৱহাৰ কৰি এই ধৰণৰ জন্ম নিয়ন্ত্ৰক টেবলেট আৱিষ্কাৰ কৰিছে গৱেষকসকলে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো এণ্ডোক্ৰাইন’ ছ’চাইটীৰ বাৰ্ষিক অধিৱেশনত নতুনকৈ আৱিষ্কৃত ডাইমেথানড্ৰোলন আনডেকানোৱেট (ডিএমএইউ) নামৰ এই টেবলেটবিধ প্ৰদৰ্শন কৰা হয়। ৱাশ্বিটংন বিশ্ববিদ্যালয়ৰ মেডিচিন বিশেষজ্ঞ অধ্যাপক ড° ষ্টেফিনি পেজৰ মতে ডি এম এ ইউ-এ শুক্ৰাণু সৃষ্টি কৰা টেষ্ট’ষ্টেৰন আৰু আন হৰ’মনৰ মাত্ৰা কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈয়ে হ্ৰাস কৰি আনে। এই পিলবিধ এবাৰকৈ খোৱাৰ প্ৰয়োজন হ’ব। এটা গৱেষণাত দেখা গৈছে যে বহু পুৰুষে দীৰ্ঘম্যাদী জন্ম নিয়ন্ত্ৰণৰ পৰিৱৰ্তে জন্ম নিয়ন্ত্ৰণ পিল পছন্দ কৰে। সেইবাবেই পুৰুষৰ জন্ম নিয়ন্ত্ৰণ পিলৰ উৎপাদনক লৈ আগ্ৰহী হৈ উঠিছে বিভিন্ন প্ৰতিষ্ঠান। জে এম এ ইউৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে ১৮ ৰ পৰা ৫০ বছৰৰ এশগৰাকী পুৰুষৰ ওপৰত এটি গৱেষণা কৰা হয়। গৱেষকসকলে উক্ত পুৰুষসকলক ডি এম এ ইউ পিলবিধ খোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত এই লোকসকলৰ হৰম’ন আৰু কলেষ্টেৰল পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয়। পৰীক্ষাৰ অন্তত দেখা যায় যে যিসকল লোকে বেছি পৰিমাণে পিলবিধ সেৱন কৰিছে তেওঁলোকৰ টে’ষ্টোষ্টেৰন তথা স্পাৰ্মৰ পৰা নিৰ্গত শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয় দুবিধ হ’ৰমনৰ মাত্ৰা পুৰ্বৰ তুলনাত হ্ৰাস পাইছে।</p> <p style="text-align: justify; "><b><i>উৎস: নিয়মীয়া বাৰ্তা</i></b></p> <p style="text-align: justify; "> </p>