দাঁতৰ ৰোগ বুলিলে ভুক্তভোগীয়েহে গম পায় যন্ত্ৰনা কিমান । বিভিন্ন কাৰনত শিশু-ডেকা-বুঢ়া সকলো বয়সৰ লোকৰে দাঁতৰ ৰোগ হব পাৰে । ইয়াৰ মুল কাৰন দাঁতৰ প্ৰতি অযতন,অপৰিস্কাৰ নাইবা দেহত প্ৰয়োজনীয় গ আৰু ঘ খাদ্যপ্ৰান তথা কেলচিয়ামৰ অভাৱ আদি । দাঁতৰ বিষ, দাঁত পোকে খোৱা, দাঁত লৰা, আলু উখহা, দন্ত ক্ষয় , দাতেৰে তেজ পুজ ওলোৱা আদি নানা ৰোগ হব পাৰে ।সথিক যতন আৰু সহজতে পাব পৰা প্ৰাকৃতিক বন দ্ৰব্যৰে ওপৰোক্ত ৰোগ সমুহ সহজতে নিৰাময় হব পাৰে । দাঁতৰ বিষ নিৰাময়ৰ বাবে - ৪/৫টা লং থেতেলি ২/৩টোপ নেমুৰস মিহলাই দাঁতৰ বিষোৱা ফালে লৈ থাকিব । বকুল ফল বা বকুল চালৰ ৰস উলিয়াই মুখখন কিছুসময় কুলকুলিয়াব । আদা চোবাই কিছুসময় মুখত ৰাখিব । খোৱা হিং নাইবা ফিটকিৰি পানীত মিহলাই কুলুকুলু কৰিব । পিপলী ,ঘিউ আৰু মৌ মিলাই দাঁতত লগাই ৰাখিলে উপসম পাব । সৰিয়হ তেল,নেমু ৰস ,নিমখ মিহলাই দাত মাজিব , নাইবা তেল ,হালধী আৰু নিমখ মিহলাই দাঁত ঘহিব পাৰে । কুমলীয়া জাতিবাঁহৰ এচাৰি (জেকনি) নাইবা আঠিয়া কলপাতৰ কেচা ঠাৰি গৰম কৰি বিষোৱা দাঁতেৰে চোবাই থাকিলে বিষ কমে আৰু দাঁতলৰা ভাল হয়। দাঁত লৰা :- ৮) ওপৰৰ ২নং,৭নং ,দিহাতো কৰিব ৯। নিমপাত , ঠাৰি বা চালৰ পোৰা ছাইৰে দাঁত মাজিব কেচা ঠাৰিৰ দাতোনেৰেও ঘহিব পাৰে । দাঁতেৰে তেজ ওলোৱা - দুবৰিবন এমুঠিথেতেলাই দাঁতেৰে কামুৰি থাকিব। বকুল ফল বা চালৰ ৰসেৰে মুখ কুলকুলিয়াব। ৰঙা জাঁতৰ এৰা ঠাৰীৰে দাত নিয়মিত মাজিব মধুৰীআমৰ ২০খনমান পাত থেতেলাই এগিলাচ পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব । কৰ্দৈ টেঙাৰ শিপা আৰু কেহৰাজৰ শিপাৰ ৰস মিহলাই দাঁতত লগালে তেজ ওলোৱা কমে । দাঁতৰ আলু উখহা বা পকি পুজ ওলোৱা- মহানিমৰ চালৰ পোৰা ছাইৰে দাঁত মাজিব বগা সৰিয়হ বতি দাতত কিছুসময় লগাই থব এৰা তেল আৰু কৰ্পুৰ মিহলাই দাঁতত লগাব । সৌৰা ,বঙালি এৰা,ভেৰেনা (ভেন্দেৰা বা ভতৰা) ঠাৰিৰে দাঁত মাজিব । নাইবা ওপৰৰ ১০,১১,১২, ১৩ নং দিহাবোৰ কৰিব ।দাঁত পোকে খোৱা আৰু দাত ক্ষয় যোৱা তিতাভেকুৰি গুটি ২০টা মান শুকাই বিড়ি খোৱাৰ দৰে জলাই ধোৱাটো মুখত কিছুসময় ৰাখিলে পোক মৰি বিষ কমিব । কেচা হালধী পুৰি দাঁতেৰে চোবাই থাকিব আকনৰ এঠা মাটিৰ পাত্ৰত শুকুৱাই তাত পানী অলপ মিহলাই তুলাৰে পোকে খোৱা দাঁতত কিছুসময় লগাই ৰাখিলে পোক মৰে ,পিচত মুখ ধুব ( ৰস মুখৰ ভিতৰত নাযাবলৈ সাৱধাম হব) ভীমকলৰ শিপা নাইবা সিজু গছৰ শিপাৰ ৰস দাঁত ত লগাই ৰাখিলে দন্তক্ষয় কমে - সুপথ্য মহানিম,তিতাভেকুৰি বা যিকোনো তিতা বস্তু , আমলখী ,নেমু আদি যিকোনো টেঙা ফল, বকুল ফল, ভিটামিন চি , ডি আৰু কেলচিয়াম যুক্ত আহাৰ প্ৰচুৰ পৰিমানে খাব বিষ কমাবৰ বাবে ওপৰৰ দিহাবোৰ কৰিব । নিৰোগী বা যিকোনো দন্তৰোগ প্ৰতিৰোধৰ বাবে নিম, সৌৰা ,এৰা,বকুল,ভেৰেনা বা ভেন্দেৰা ,পচতিয়া,মধুৰিআম, আম, বাঁহৰ কুমলীয়া এচাৰি, আদি ঠাৰিৰ দাতোনেৰে দাঁত ঘহাটো উত্তম । মাজে মাজে নিমৰ দাল,পাত,বা চালৰ পোৰা ছাই, এঙাৰ, নিমখ+সৰিয়হ তেল,হালধী+মিঠাতেল+নিমখৰ মিশ্ৰন, আদিৰে দন্তমঞ্জন কৰাটো দাঁতৰ ৰোগ প্ৰতিৰোধৰ বাবে উত্তম । বন্ধুসকল, সৰু লৰাছোৱালীক বকুল ফল খাবলৈ দিব ,নিজেও খাব । লেখক: যতীন দাস উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ