গোটা পাচলিৰ ভিতৰত এবিধ ডাঙৰ পাচলি হ’ল কোমোৰা। চিলিণ্ডাৰসদৃশ বগা বৰণৰ কোমোৰাৰ বৈজ্ঞানিক নাম । হোৱাইট গৰ্ড মেলন, এছগৰ্ড, উইন্টাৰ মেলন আদি নামেৰেও জনা যায়। কোমোৰা একবৰ্ষজীৱী লতাজাতীয় উদ্ভিদ্গ। অসমীয়া মানুহে ঘৰৰ মুধচত ছালত কোমোৰা বগাবলৈ দিয়ে। কুমলীয়াতে সেউজীয়া বৰণৰ জালি কোমোৰাটো পূৰঠ হৈ বগা কোমোৰাত পৰিণত হয়। পূৰঠ কোমোৰা চাংঘৰত এবছৰলৈকে সংৰক্ষণ কৰি খাব পাৰি। কোমোৰাৰ ভিতৰৰ বগা মঙহাল অংশবোৰ কোমল আৰু অতি পুষ্টিকৰ খাদ্য। ইয়াত যথেষ্ট পৰিমাণে পানী পোৱা যায়। কোমোৰাৰ পৰা চেনিৰে ডুবাই ৰাখি মিঠায়ো প্ৰস্তুত কৰা হয়। কোমোৰা ভিটামিন চি, কে আৰু ভিটামিন বি, কেলচিয়াম আদি লৱণসমূহেৰে উৎকৃষ্ট পাচলি। কোমোৰা নিয়মীয়াকৈ বহুমূত্ৰ ৰোগীয়ে খাব পাৰে। উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো কোমোৰাৰ অৰিহণা উল্লেখযোগ্য। কোমোৰাই কৌষ্ঠকাঠিন্য দূৰ কৰাতো সহায় কৰে। মাংসৰ লগত কোমোৰাৰ আঞ্জা খাবলৈ ভাল। ওজন হ্ৰাস কৰা, হজমী শক্তি প্ৰদান কৰা, হৃদযন্ত্ৰৰ সমস্য দূৰ কৰাতো কোমোৰা অপৰিহাৰ্য পাচলি। চাইনাচাইট্ৰিছ, এজমা, ব্ৰংকাইটিছ, পানী লগা আদি অসুখবোৰ হোৱাত বাধা দিব পৰা শক্তি আছে কোমোৰাৰ। কিডনী সম্বন্ধীয়, প্ৰস্ৰাৱজনিত সমস্যা প্ৰতিৰোধ কৰে। কোমোৰা সকলো লোকে খোৱাৰ বাবে উপযুক্ত। লেখিকা: কবিতা ফুকন(অসম বাণী)