আমাৰ শৰীৰৰ বাবে উপযোগী কেইবাপ্ৰকাৰৰ ভিটামিনেৰে সমৃদ্ধ এবিধ পুষ্টিকৰ আৰু ৰসাল ফল হৈছে অমিতা, যাক নিয়মিত ৰুপত খাব পাৰিলে আমাৰ শৰীৰত ভিটামিনৰ কেতিয়াও অভাৱ নহয় । ডাক্তৰী পৰামৰ্শৰ দ্বাৰা ৰোগী ব্যক্তিসকলক খাবলৈ দিয়া ফলবিলাকৰ ভিতৰত অমিতাও অন্তৰ্ভূক্ত । কাৰণ ইয়াৰ এটা নহয়, অনেক উপকাৰিতা আছে । সহজতে অৱশোষিত হোৱাৰ বাবে অমিতাই অতি সোনকালে শৰীৰৰ উপকাৰ সাধন কৰিব পাৰে । উল্লেখযোগ্য যে অমিতা কেচাঁতে পাচলি হিচাপে আৰু পকিলে ফল হিচাপে খাব পাৰি । অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ,বি,চি আৰু কিছু পৰিমাণে ভিটামিন ডিও পোৱা যায় । ইয়াৰ লগতে অমিতা কেলছিয়াম, পটাছিয়াম,ফছফৰাছ, কেৰটিন, আইৰন, এণ্টি অক্সিডেণ্ট, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনেৰে ভৰপূৰ । তদুপৰি অমিতা হৈছে 'পেপেইন' নামৰ পোষক পদাৰ্থৰ একমাত্ৰ প্ৰাকৃতিক উৎস । পাচলিৰ বজাৰত অমিতা গোটেই বছৰ জুৰি উপলব্ধ হৈ থাকে । অমিতাৰ কেইটামান বিশেষ গুণাগুণৰ বিষয়ে জানো আহক । অমিতা পেটৰ ৰোগসমূহৰ বাবে বৰ উপকাৰী । অমিতা খালে পাচন তন্ত্ৰ সুস্থ হৈ থাকে । ইয়াৰ দ্বাৰা পেটৰ ৰোগসমূহৰ পৰা হাত হাৰি থাকিব পাৰি । অমিতাই বিশেষকৈ পেটৰ তিনি প্ৰকাৰৰ ব্যাধি অম্ল,বাত আৰু পিত্ত ৰোগ প্ৰতিহত কৰিব পাৰে । অমিতাত মজুত থকা ভিটামিন এ চকু আৰু ছালৰ বাবে লাভদায়ক । ইয়াৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় আৰু ছাল সুস্থ,পৰিষ্কাৰ আৰু উজ্জল হৈ পৰে । অমিতাত কেলছিয়াম যথেষ্ট পৰিমাণে পোৱা যায় । ইয়াৰ দ্বাৰা শৰীৰৰ হাড়বিলাক শক্তিশালী হয় । যিসকল ব্যক্তিয়ে বাৰে বাৰে জ্বৰ-কাহত ভোগে,তেওঁলোকে নিয়মিত ৰুপত অমিতা খোৱা উচিত । ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায় । লিখক: ৰিদিপ ৰঞ্জন চেতিয়া।