সিজু গছ দেখাত কেক্টাছৰ দৰে। পাতবোৰ দীঘল আৰু কোমল আৰু মৃসণ। এইবিধ গছক বড়ো আদি কিছুমান জনগোষ্ঠীয়ে তুলসীৰ দৰে পবিত্ৰ জ্ঞান কৰি পূজা কৰে। সন্ধিয়া সিজু গছৰ তলত চাকি জ্বলায়। সিজু গছৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- মৌ আধা চামুচৰ লগত দুচামুচ সিজুৰ সিদ্ধ পাতৰ ৰস কেইদিনমান খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়। হুপিং কাহতো এনেদৰে খালে ভাল ফল পোৱা যায়। বাত বিষত সিজু গছৰ পাতৰ ৰসৰ লগত সৰিয়হ তেল মিহলাই মালিচ কৰিলে আৰাম পোৱা যায়। দাঁতৰ বিষ হ’লে সিজু গছৰ আঠা কপাহেৰে দাঁতত লগালে বিষ কমে। কাহ হ’লে সিজুৰ কোমল পাত কেইখিলামান জুইত সেকি লৈ থেতেলিয়াই ৰস উলিয়াই এচিকুটমান নিমখ দি কেইদিনমান খালে কাহ ভাল হয়। মৌ বা বৰলে কামুৰিলে সিজু গছৰ শিপা আৰু জালুক বটি লগালে ফুলা কমাৰ লগতে বিষো কমে। শিশুৰ ডিঙিৰ পৰা উশাহ লওঁতে ঘেৰ্ঘেৰনি শব্দ হ’লে সিজুৰ সাহ, জালুক, পিপলি আৰু নিমখ খুন্দি ভাজি খালে ভাল ফল পোৱা যায়। সিজুৰ পাত, পাতেগজাৰ পাত থেতেলিয়াই নাভিত ভৰণ দিলে প্ৰস্ৰাৱ হয়। মৌৰ লগত সিজুৰ পাতৰ ৰস আহাৰৰ পাছত খালে প্ৰস্ৰাৱৰ দোষ ভাল হয়। হালধি গুড়িৰ লগত সিজুৰ আঠা মিহলাই লগালে অৰ্শ ৰোগত ভাল ফল পোৱা যায়। টাইফয়েড বা নিউমোনিয়া জ্বৰত সিজুৰ পাত থেতেলিয়াই মূৰত ভৰণ দিলে জ্বৰ কমে। নালী ঘা হ’লে সিজু গছৰ আঠা আৰু আচু গছৰ গুড়ি সম পৰিমাণে লগালে ঘা শুকায়। সিজু গছৰ ঠাৰি থেতেলিয়াই ঘা, ফোঁহাত লেপ দিলে ফোঁহা ফাটি তেজ-পুঁজ ওলাই যায় আৰু বিষ বেদনা নোহোৱা হয়। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।