বগা বাহক চিৰসেউজীয়া গছ। ই এবিধ জোপোহা গছ। বগা বাহকৰ ঠাৰিডাল গোলাকাৰ। গা-গছৰ মাজে মাজে সৰু সৰু গাঁঠি থাকে। ইয়াৰ পাতবোৰ ১২ ৰ পৰা ২০ চে:মি: মান দীঘল হয়। ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত বগা ৰঙৰ ফুল থোপাকৈ ফুলে আৰু ফেব্ৰুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত ২ চে:মি:মান দীঘল ফল পুৰঠ হয়। বাহক গছৰ পাত আৰু ফুলৰ সোৱাদ তিতা। এইবিধ গছো ঔষধি গুণেৰে পৰিপূৰ্ণ। বগা বাহকৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- ঘা হ’লে বগা বাহকৰ কোমল পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস গৰম কৰি ঘা ডোখৰ পৰিষ্কাৰ কৰি লগালে সোনকালে ঘা শুকায়। বগা বাহকৰ পাত থেতেলিয়াই ৰস খালে কফ বাহিৰ হয়। কুষ্ঠ ৰোগত মৌৰ লগত বগা বাহকৰ পাত থেতেলিয়াই ৰস খালে উপকাৰ পোৱা যায়। বগা বাহকৰ পাতৰ ৰসে পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। সাধাৰণ কাহত বগা বাহকৰ পাতৰ ৰস আৰু মৌ মিহলাই কেইদিনমান খালে কাহ ভাল হয়। লেং কাহত বগা বাহকৰ পাতৰ ৰস দুচামুচ আৰু মৌ আধা চামুচ কেইদিনমান খালে লেং কাহ ভাল হয়। বগা বাহকৰ পাতৰ ৰস আৰু পিপলি গুড়ি মিহলাই দিনে ১-২ বাৰকৈ আহাৰৰ পাছত খালে হাপানী ৰোগ ভাল হয়। ব্ৰংকাইটিছ ৰোগত বগা বাহকৰ পাতৰ ৰস আৰু পিপলি মৌৰ সৈতে খালে ৰোগ উপশম হয়। বগা বাহকৰ পাতৰ ৰস আৰু পিঁয়াজৰ পাতৰ ৰস ১-২ চামুচ দিনে ২ বাৰকৈ খালে যক্ষ্মা ৰোগ ভাল হয়। প্ৰসূতি ৰোগত বগা বাহকৰ শিপা থেতেলিয়াই ৰস উলিয়াই লগালে আৰাম পোৱা যায়। বগা বাহকৰ পাতৰ ৰসে বসন্ত ৰোগ প্ৰতিৰোধ তথা নিৰাময় কৰাত সহায় কৰে। বগা বাহকৰ পাত আৰু ফুল যিকোনো শ্বাস-প্ৰশ্বাস ৰোগৰ বাবে উপকাৰী। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।