শুকলতিৰ ঔষধ গুণ - শুকলতি পায়োৰিয়া(দাঁত ফুলা), বদহজমী, পেট ফুলা, পেটত ঘা হোৱা, ডায়েৰীয়া, বমি হোৱা, হৃদৰোগৰ নিৰাময়ত উপকাৰী। ইয়াৰ পাতৰ ৰসৰ পৰিমাণ দুই চামুচ। শিপাৰ ৰস এক চামুচ পৰিমাণে। মূৰৰ বিষত, মাইগ্ৰেণ বেমাৰ ইয়াৰ পাত আঞ্জা কৰি খাব লাগে। ডায়েৰীয়া, ডিচেন্ট্ৰী বেমাৰত ইয়াৰ পাতৰ ৰস দুই চামুচ পৰিমাণে দিনে দুবাৰ খাব লাগে। কেঁচা পাতৰ ৰস উপযোগী। বাত বেমাৰত শুকলতিৰ শিপাৰ ৰসেৰে মালিচ কৰিলে ভাল হয়। শৰীৰৰ বিভিন্ন ঠাইত বিশেষকৈ হাত-ভৰি ফুলিলে ই বিষ কমোৱাত(pain reliever) বৰ সহায় কৰে। শুকলতিৰ পাত হৃদৰোগ আৰু কিডনীৰ নামৰ মেডিকেল জাৰ্নালত লিখিছে xukhoti leaves are very good for your heart and kindneys। ইয়াৰ পাতৰ ৰসৰ পৰিমাণ ৫ গ্ৰাম। দিনে দুবাৰকৈ ১৫ দিন ব্যৱহাৰ কৰিব লাগে। মনৰ চাপ(stress), চিন্তা, ভাবনা, মূৰৰ বিষত পাতৰ ৰস সানিলে আৰু ইয়াৰ তেল উলিয়াই ঘঁহিলে এই সমস্যাবোৰ দূৰ হয়। ব্যৱহাৰৰ বিধি- ৫ গ্ৰাম পৰিমাণৰ ৰস দিনে পুৱা-গধূলি ২০-২৫ দিন ব্যৱহাৰ কৰা ভাল। প্ৰসৱৰ পাছত হোৱা পেটৰ বিষত মহিলাই শুকলতিৰ শাকৰ আঞ্জা এসপ্তাহ দিনে এবাৰকৈ খালে বিষ কমি যায়। লেখক: উপেন দত্ত(অসম বাণী) ভোটোৰা বা ভোট এৰা গছৰ ঔষধি গুণ - ভোটোৰা বা ভোট এৰা বহুবৰ্ষজীৱী সৰু গছ। ইয়াৰ পাত খাঁজ কটা। কেঁচা অৱস্থাত পাতৰ ৰং সেউজীয়া। পকিলে হালধীয়া বৰণৰ হয়। ভোট এৰা গছত থোপাকৈ সৰু সৰু সেউজীয়া গুটি লাগে। ইয়াৰ কাণ্ড আৰু পাত বিষাক্ত। ভোট এৰাৰ ডালেৰে জেওৰা দিয়া হয়। ইয়াৰ পাত আৰু কাণ্ড বিষাক্ত যদিও ইয়াৰো কিছুমান ঔষধি গুণ আছে। সেইবোৰ এনেধৰণৰ- গৰম পানীয়ে পুৰিলে ভোটোৰা পাত থেতেলিয়াই ৰস উলিয়াই কণীৰ কুহুমৰ লগত সানি লগালে নুফুলে আৰু বিষো কমে। ভোটোৰা ঠাৰিৰে দাঁত মাজিলে দাঁত পোকে নাখায় আৰু দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হয়। কৰ্ণমূল(Mumps) হ’লে ভোটোৰা ঠাৰিৰ ৰসত নিমখ মিহলাই কুলিকুলি কৰিলে ৰোগ নিৰাময়। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী) খৰিকাজাঁইৰ দ্বাৰা সৌন্দৰ্য - ফুলে-ফুলনিখনক ধুনীয়া কৰি ৰাখে। ঠিক তেনেদৰে তাৰ সুগন্ধিৰে আমাৰ মনটোও সতেজ, উৎফুল্লিত আৰু স্বাস্থ্যৱান কৰি ৰাখে। ফুলৰ সুগন্ধিৰে তৎক্ষণাৎ হাতাশা, হেঁচা, খং নাইকিয়া কৰে। যিদৰে আমি গৰমত ঘৰ্মৰ দুৰ্গন্ধ পাওঁ, তেতিয়া মনটো তৎক্ষণাৎ বেয়া লাগি যায়। এই বেয়া লগাই সকলো কাম বেয়া কৰাত সহায় কৰে। ফুলৰ ক্ষেত্ৰত খৰিকাজাই ফুলৰ সুগন্ধি সকলোৱেই ভাল পায়। ই তৎক্ষণাৎ মনটো উৎফুল্লিত কৰি তোলে। সুখী কৰে। ভাগৰ কমাই সক্ৰিয় কৰি তোলে। খৰিকাজাই এন্টি বেক্টেৰিয়া আৰু এন্টি ভাইৰেল। ই শালমইনাৰ দাগ নাশ কৰে। গৰ্ভৱতীৰ পেটত হোৱা দাগ নাশ কৰে। নিদ্ৰাহীনতা নাশ কৰে। ৰাতি শোৱা গাৰুৰ ওপৰত দুই টোপাল দি শুলে তৎক্ষণাৎ টোপনি আহে। পুৱা সতেজ দেখায়। অৰ্থাৎ মন আৰু দেহক স্বাস্থ্যৱান কৰি তোলে। শালমইনা নাশ কৰে। ইয়াৰ চাহ বনাই পুৱা খালে মেটাবলিজিম বাঢ়ে যাৰ ফলত ওজন কমায়। ইয়াৰ চাহৰ সুগন্ধ আছে আৰু সোৱাদো যথেষ্ট হয়। পুৰণি কালত ৰাণীসকলে গোলাপ ফুলৰ লগত খৰিকাজাই মিলাই গা ধোৱা পানীত মিহলাই ধুইছিল। কাৰণ ই ছালক সতেজ কৰি ছালৰ শুকান অৱস্থা নাশ কৰে। গা ধোৱাৰ আগেয়ে গা ধোৱা পানীত দুই টোপালমান মিহলাই ল’ব। জাপানত গ্ৰীণ টিৰ লগত খৰিকাজাই সমানে মিলাই সিজাই ঠাণ্ডা কৰি এটা স্প্ৰে বটলত থৈ দিয়ে। PH লেভেলৰ তাৰতম্য নাথাকে। গৰমত আমাৰ চুলিৰ গুৰি খুব ঘামি যায়। খৰিকাজাই ফুল আৰু দুটোপাল নেমুৰ ৰস মিলাই চুলিৰ গুৰিত স্প্ৰে কৰিব। খৰিকাজাই ফুলৰ তেলে আমাৰ সিৰাসমূহক তৎক্ষণাৎ আৰাম(relax) দিয়ে। গৰমত দিনত ভৰি ধোৱা পানীত খৰিকাজাই ফুল সিজাই দুই চামুচ ভিনেগাৰ মিহলাই দুয়োখন ভৰি ডুবাই থ’ব। এনে কৰিলে উচ্চ ৰক্তচাপ ক্ৰমান্বয়ে কমাব পাৰি। খৰিকাজাইৰ সুগন্ধি বহু দূৰলৈ যায়। গতিকে এনে সুগন্ধি গৰমত ব্যৱহাৰ কৰিব। গাত খজুৱতি বা ঘামচি হ’লেও ইয়াৰ খজুৱতি নাশ কৰি ঘামচিও নাশ কৰে। যিসকলৰ চুলিত খুব বেছি উফি থাকে, তেওঁলোকে খৰিকাজাইৰ তেল চুলিৰ গুৰিত লগাব। কম দিনত উফি নাইকিয়া হ’ব। ভৰি ফটা হ’লে খৰিকাজাইৰ পাত আৰু জবা ফুল পাত বটি লগাব আৰু অলিভ অইল দি ছালৰ মালিচ কৰিব। এনেদৰে সপ্তাহত এবাৰকৈ কৰিলে ছালখন মিহি, কোমল আৰু সতেজ হ’ব। গোলাপৰ পাহিৰ লগত বটি ভৰিত লগালে মিহি কৰিব। খৰিকাজাইৰ চাহ দিনটোত এবাৰকৈ খালেও সতেজ আৰু সক্ৰিয় হৈ থাকিব পাৰিব। দেহৰ লোচনৰ লগত এই তেল চাৰি টোপাল মিহলাই লগালে তেজ চলাচল সঠিককৈ হয় আৰু ছালৰ উজ্জ্বলতা বঢ়ায়। আজিৰ দিনত বেছিভাগ সৌন্দৰ্য বৰ্ধনৰ সামগ্ৰীত এই খৰিকাজাইৰ সুগন্ধি পোৱা যায়। খৰিকাজাইৰ তেল আৰু আৰগন(Argon) তেল সমানে মিহলাই শৰীৰত লগালে সিৰাসমূহ শান্ত কৰি মন আৰু দেহক আৰাম দিয়ে। আমাৰ সিৰাসমূহে আৰাম পালে শৰীৰৰ বহু ৰোগ নাশ হয়। এই তেল ব্যৱহাৰ কেৱল শীতল ঠাইবোৰত কৰা হয়। যেনে- বাতানুকুল কোঠাত। এইদৰেই খৰিকাজাইৰ ব্যৱহাৰ কৰি আমি আনন্দিত হৈ থাকিব পাৰো। আৰু আনকো শান্তি দিয়াত সহায় কৰিব পাৰো। লেখিকা: ভানু শৰ্মা(অসম বাণী) হাতীশুৰা বনৰ ঔষধি গুণ - হাতীশুৰা এবিধ বহুবৰ্ষজীৱী বন। ইয়াৰ বৈজ্ঞানিক নাম Heliotropium indicum Linn। ই সাধাৰণতে শুকান ঠাইত গজে। পাতবোৰৰ আকৃতি কলিজাৰ দৰে। ইয়াৰ পুষ্প বিন্যাস হাতীৰ শুৰৰ দৰে তললৈ ওলমা আৰু পাক খাই থকা। দেখাত হাতীৰ শুৰডালৰ দৰে কাৰণে বোধ হয় ইয়াৰ নাম হাতীশুৰা। এইবিধ বন দুৰ্গন্ধময়। প্ৰকৃতিৰ প্ৰত্যেক বিষ উদ্ভিদৰে কিবা এটা নহয় কিবা ঔষধি গুণ থকাৰ দৰে হাতীশুৰা বনৰো ঔষধি গুণ আছে। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- ফোহা বা ঘা হ’লে হাতীশুৰা বনৰ পাত থেতেলিয়াই লেপ লগালে আৰাম পোৱা যায়। হাতীশুৰা গছৰ পাতে প্ৰস্ৰাৱ বৃদ্ধিত সহায় কৰে। লেখক: ললিতা শৰ্মা লহকৰ(অসম বাণী) শুকান আদা বা শুন্ঠিৰ গুণ - আদা এবিধ মছলাজাতীয় উদ্ভিদ। ইয়াৰ ইংৰাজী নাম ‘ginger’ আৰু বৈজ্ঞানিক নাম ‘Zingiber officinals rose’। ইয়াৰ পাত দীঘল আৰু সুগন্ধিযুক্তি। ইয়াৰ কাণ্ড আঁহযুক্ত, জ্বলা আৰু সুন্দৰ গোন্ধযুক্ত। ই মাটিৰ তলত হয়। ইয়াৰ ফুল সেউজীয়া আভাযুক্ত হালধীয়া বৰণৰ। কেঁচা অৱস্থাত ইয়াক আদা বুলি কোৱা হয় আৰু বিশেষ প্ৰকাৰে শুকুওৱা শুকান আদাক শুন্ঠি বুলি কোৱা হয়। অৱশ্যে অঞ্চলভেদে শুকান আদাৰ নাম বেলেগ বেলেগ হোৱা দেখা যায়। শুন্ঠি বা শুকান আদাৰো যথেষ্ট ঔষধি গুণ আছে। কেতিয়াবা খালী পেটত পানী খালে পেট বিষায়। তেতিয়া শুকান আদা গুড়েৰে খালে আৰাম পোৱা যায়। পেটৰ বিভিন্ন ৰোগৰ বাবে শুকান আদা খোৱা লাভদায়ক। যিকোনো পাচলি ৰান্ধোতে শুকান আদা বা শুন্ঠি ব্যৱহাৰ কৰিলে পাচক সম্বন্ধীয় অসুবিধা দূৰ হয়। যিসকলৰ ভোক নালাগে, খোৱাৰ আগত শুকান আদা খালে ভোক বাঢ়ে। কৌষ্ঠকাঠিন্যত ভোগাসকলৰ বাবে শুকান আদা উপকাৰী। তেওঁলোকে পানীৰ লগত শুকান আদা খাব লাগে। গাখীৰ হজম নহ’লে গাখীৰত অকণমান শুকান আদা দি খালে হজম হোৱাত সহায় কৰে। অনবৰত পানী লাগি থাকিলে শিলিখা, শুকান আদা আৰু জিৰাৰ চাটনি তৈয়াৰ কৰি আহাৰৰ আগত খালে সোনকালে পানীলগা নিৰাময় হয়। গ্ৰহণী ৰোগত শুকান আদা গুড়ৰ লগত খালে সুফল পোৱা যায়। কাহ হ’লে শুকান আদা শিলিখা গুড়ি খালে আৰাম পোৱা যায়। মাত বহি গ’লে মৌৰ লগত শুকান আদা খালে সুফল পোৱা যায়। শৰীৰৰ চৰ্বি কমাবলৈ খোৱা বস্তুৰ লগত শুকান আদা আৰু শুন্ঠি মিহলাই খোৱাটো লাভদায়ক। শুকান আদাৰ লগত দশমূলৰ ৰস গৰম ঘিউত সিজাই খালে জণ্ডিচ ৰোগীৰ ৰোগ নিৰাময় হোৱাত সহায়ক হয়। গৰম গাখীৰত শুকান আদা মিহলাই দুই-তিনিবাৰকৈ দিনে খালে চৰ্দি সোনকালে ভাল হয়। মুঠতে শুকান আদাৰো কেঁচা আদাৰ দৰে বহুত ঔষধি গুণ আছে। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী) জীৱনত যোগাসনৰ ভূমিকা - এটা সুস্থ-সবল-সুন্দৰ জীৱন যাপন কৰিবলৈ আমি প্ৰত্যেকেই যোগাসনক গুৰুত্ব দিয়া উচিত। আমাৰ দেশত অতি প্ৰাচীন কালৰেপৰা যোগ চৰ্চা চলি আহিছে। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰথমতে যোগ চৰ্চা কৰিহে যুদ্ধ কৰিবলৈ পৰামৰ্শ দিয়াৰ বিষয়ে পোৱা যায়। প্ৰায় ডেৰ হাজাৰ বছৰ আগেয়ে পতঞ্জলি নামৰ ঋষি এজনে মানৱ শৰীৰত যোগৰ প্ৰভাৱৰ বিষয়ে মানুহক অৱগত কৰিছিল। প্ৰাচীন কালত যোগৰ দ্বাৰাই ঋষি-মুনিসকলে বহুতো অলৌকিক কাৰ্য কৰাৰ বিষয়েও আমি জানি আহিছো। এনেবোৰ কাৰ্য সম্ভৱ হয় যোগবিদ্যাৰ বলত শৰীৰৰ বিভিন্ন ক্ৰিয়াক নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতাৰ বাবে। বিংশ শতিকাৰ শেষৰ ফালে বাবা ৰামদেৱে এই যোগ বিদ্যাকে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলে। আজিৰ ভাৰতৰ বহু লোকে যোগক জীয়াই থকাৰ সম্বল কৰি লোৱা দেখা গৈছে। যোগৰ অৰ্থ হৈছে মনঃসংযোগ বা একগোট কৰিবৰ বাবে কৰা প্ৰণালীবদ্ধ এক সাধনা। যোগ চৰ্চাৰ যোগেদি মনে দৃঢ়ভাৱে শৰীৰক পৰিচালনা কৰি আগবঢ়াই লৈ যায়। যোগবিদ্যাৰ বিষয়ত ভাৰতত পুৰণি গ্ৰন্থও পোৱা যায়। বিশ্ব স্বাস্থ্য সন্থাৰ সূত্ৰ অনুসৰি স্বাস্থ্য বুলিলে কেৱল শৰীৰৰ সাধাৰণ সুস্থতাকে বুজা নাযায়। ইয়াক এটা বহল অৰ্থত অৰ্থাৎ শাৰীৰিক-মানসিক-সামাজিকভাৱে উন্নত-সুস্থিৰ অৱস্থাটোকহে বুজা যায়। এই সূত্ৰ অনুযায়ী কেৱল ৰোগবিহীন হ’লেই স্বাস্থ্যৱান বুলিব নোৱাৰি। শৰীৰটোৰ ভিতৰত থাকিব লাগিব এটা সুন্দৰ-সুস্থ মনো। এই মনটোক ঠিকে ৰখাটো বা নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে যিদৰে ব্যায়াম কৰাৰ আৱশ্যকতা আছে, তেনেকৈ মন সুস্থ কৰি ৰাখিবলৈ প্ৰাণায়াম আৰু ধ্যান কৰাটো দৰকাৰী। যোগবিদ্যাৰ দ্বাৰা এই শিক্ষা লাভ কৰিব পাৰি সকলো মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’লেহে এখন সুন্দৰ-উন্নত সমাজৰ আশা কৰিব পাৰে। স্বাস্থ্য ৰক্ষাত যোগাসন - যোগাসনৰ দ্বাৰা শৰীৰৰ প্ৰত্যেক কোষে অক্সিজেন লাভ কৰে আৰু নিয়মীয়া হয়। কোষবোৰলৈ তেজ চলাচল হৈ শৰীৰ সুস্থ ৰখাত সহায় কৰে। হজমৰ বাবে নিৰ্দিষ্ট গ্ৰন্থিৰ ৰস নিৰ্গত হোৱাত সহায় হয়। শৰীৰৰ বিভিন্ন গ্ৰন্থিসমূহৰ গ্ৰন্থিৰস নিৰ্গত হোৱাত সহায় কৰে। যাৰ দ্বাৰা শৰীৰৰ সকলো দিশত কাৰ্যক্ষম হৈ থাকিব পাৰে। শৰীৰত উন্নত হোৱা বৰ্জিত পদাৰ্থ নিষ্কাসন হয়। শৰীৰৰ গাঁঠিবোৰ সঞ্চালন হোৱাৰ বাবে গাঁঠিৰ জড়তা নোহোৱা হয়। ছালৰ মসৃণতা বাঢ়ে। প্ৰাণায়াম-ধ্যানৰ দ্বাৰা খং কমে, মন শান্ত হয়। যিটো জীৱনৰ বাবে অতি আৱশ্যকীয়। দুৰ্যোগৰ সময়তো সহনশীলতা বাঢ়ে। মনোযোগ বৃদ্ধি পায়। জীৱনৰ চিন্তাধাৰবোৰ আধ্যাত্মিকতাৰ এটা স্তৰলৈ গতি কৰে। তাৰ বাবে অৱশ্যে লাগিব একান্ত ধ্যান আৰু সাধনা। লেখিকা: আৰতি ভূঞা(অসম বাণী)