কন্যাকাল হোৱাৰ পৰা মাতৃত্ব হৈ থকালৈকে নাৰীৰ স্তনত নানা ৰোগে দেখা দিয়া পৰিলক্ষিত হয়।

ৰোগৰ কাৰণ

স্তনত হোৱা বিভিন্ন ৰোগৰ কাৰণসমূহ হ’ল- স্তনযুগল পৰিৱৰ্তন হোৱাৰ কাৰণে অৰ্থাত্ যৌৱন অৱস্থাত স্তনযুগলত মাংস জমা হৈ ডাঙৰ হয় আৰু বয়স হোৱাৰ লগে লগে এই মাংস শুকাই গৈ একেবাৰে সৰু হৈ পৰে। তেজ দুষিত হোৱাৰ কাৰণে নানা ৰোগ বিশেষকৈ স্তনত খুদ খহু বা বিষ ফোহা আদি হ’ব পাৰে। ছালৰ দোষতো নানা ৰোগ হয়। খাদ্যপ্ৰাণৰ অভাৱতো স্তনত বিভিন্ন ৰোগে দেখা দিব পাৰে।

স্তনত হোৱা সাধাৰণ কেইবিধমান ৰোগৰ বন-দৰব তলত দিয়া হ’ল।

স্তনত গাখীৰ কমিলে

(১) এৰি তেলেৰে স্তনদ্বয় মালিচ কৰিব লাগে।

(২) ৬০ গ্ৰাম মাটি মাহ আধা লিটাৰ গাখীৰত এৰাতি তিয়াই ৰাতিপুৱা মাহখিনি চোবাই খাব লাগে আৰু গাখীৰখিনি গৰম কৰি খালে স্তনত যথেষ্ট গাখীৰ বৃদ্ধি হয়।

(৩) শতমূলৰ শিপাৰ ৰস ৫০ গ্ৰাম ২০০ মিলিলিটাৰ গাখীৰত মিহলাই ৭-৮ দিন খালেই স্তনদ্বয়ত গাখীৰ জমা হয়।

(৪) কলমৌ শাক, হাতী খুটুৰা, মৰাণ আদা, তিল, চজিনাৰ পাতে স্তনত গাখীৰ বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে।

(৫) অমিতা তৰকাৰী কৰি খাব লাগে।

স্তন সৰু হৈ গ’লে

যৌৱনপ্ৰাপ্ত যুৱতীৰ স্তন সৰু হৈ থকাও দেখা যায়। এনে যুৱতীয়ে বনৌষধিৰ দ্বাৰা স্তনযুগল স্বাভাৱিক অৱস্থালৈ সহজে আনিব পাৰে। এই ক্ষেত্ৰত দিনে ৫০ গ্ৰামকৈ মোৱা আলু নাইবা সমপৰিমাণৰ শতমূলৰ ৰস একেৰাহে এমাহ খালে স্তনৰ আকাৰ স্বাভাৱিক অৱস্থাৰ হৈ ধুনীয়া হৈ পৰে। কুটলিয়া কলামাহৰ (শাস্ত্ৰীয় নাম নিষ্পাকী) ৰস ১০০ গ্ৰামকৈ গৰম কৰি ৭-৮ দিন খাব লাগে।

স্তনত বিষ হ’লে

হালধি এটুকুৰা পিহি তাত অলপ পানী দি স্তনত কিছু সময় প্ৰলেপ দি ৰাখিলে বিষ সহজে নাইকীয়া হয়।

স্তনত খুদ খহু বা ফোঁহা হ’লেঃ

কেঁচা হালধি এটুকুৰা পিহি স্তনত সানিব লাগে আৰু ৫০ গ্ৰাম ৰস খাব লাগে।

স্তন টন্-টনালেঃ

কলমৌ শাক ১০০ গ্ৰাম পিহি স্তনত লগাব লাগে আৰু ইয়াৰ তৰকাৰী কৰি খোৱা ভাল।

স্তনত শিৰাকোষ হ’লেঃ

স্তন ভালদৰে কুহুমীয়া পানীৰে ধুই জলফাই আৰু নাৰিকল তেল মিহলি কৰি স্তনদ্বয় মালিচ কৰিব লাগে।

স্তনদ্বয় তললৈ ওলমি পৰিলেঃ

ই যদিও ৰোগ নহয় প্ৰায়বিলাক নাৰীৰে ২-৩ টা সন্তান জন্ম দিয়াৰ পাছতে স্তনদ্বয় তললৈ ওলমি পৰা দেখা যায়। কেতিয়াবা আকৌ বহু গাভৰুৰো এনে হ’ব পাৰে। স্তনযুগল এনেহ’লে পুৰুষৰ আকৰ্ষণ সাধাৰণতে কম হয়। বনৌষধিৰ দ্বাৰা স্তনযুগল বয়সলৈকে স্থিৰ ৰাখিব পৰা যায়।

(১) এৰি গছৰ তেল, শালমাছৰ তেল আৰু কেঁচা বেল একেলগে তপতাই ল’ব লাগে। শেষত যেতিয়া অকল তেলখিনি ৰবগৈ তেতিয়া তাক ভালদৰে বটলত ভৰাই ৰাখি নিয়মীয়াকৈ স্তনদ্বয়ত সানি মালিচ কৰিলে স্তনযুগল স্থিৰ হৈ অতি আকৰ্ষণীয় হৈ পৰে।

(২) ৫০ গ্ৰাম চাউল ২৫০ গ্ৰাম পানীত কিছুসময় এটা মাটিৰ পাত্ৰত তিয়াই ৰাখি সেই চাউল খচি তাৰ পানীখিনি খাব লাগে আৰু ঋতু হোৱা ছোৱালীয়ে ঋতু হোৱা সময়ৰ পৰা ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ সেই পানী নাকেৰে খাব লাগে। স্তন কেতিয়াও ওলমি পৰিব নোৱাৰে।

স্তনত আঘাত পাই তেজ ওলালেঃ

এৰি তেল লগাই কাপোৰৰ পটিৰে বান্ধিলে তেজ ওলোৱা বন্ধ হয় আৰু বিষ কমে।

স্তনৰ ৰোগ প্ৰতিষেধকৰ বন-দৰব

স্তনৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে কুহুমীয়া পানীৰে স্তনদ্বয় ভালদৰে ধুই বিশুদ্ধ সৰিয়হ তেলেৰে স্তনদ্বয় ভালদৰে সদায় দুবাৰকৈ মালিচ কৰিব লাগে।

গুণাৰাম খনিকৰ