শাল মইনা, যৌৱনৰ দুৱাৰ দলিত খোজ দিয়াৰ লগে লগে প্ৰায়ে বহুলোকৰ বাবে এক অনাকাংক্ষিত পীড়া দিবলৈ আৰম্ভ কৰা সমস্যা।

এই সমস্যাই কেতিয়াবা জীৱনৰ পিছ বয়সলৈ আমনি কৰে। সাধৰণতে হৰমনৰ প্ৰভাৱৰ ফলত হোৱা এই সমস্যাৰ বাবে পুৰুষ আৰু মহিলা আটায়ে শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিব লগা হয়।

আয়ুৰ্বেদত ইয়াক ক্ষুদ্ৰ ৰোগৰ অন্তৰ্ভুক্ত কৰি মুখ দুষিকা, যৌৱন পিড়িকা বা তাৰুণ্য পিটিকা নামেৰে বৰ্ণনা কৰা হৈছে।

সাধৰণতে এই ৰোগত আমাৰ ছালৰ তলত থকা তৈল গ্ৰন্থি সমূহ বন্ধ হৈ-

*মুখ,

*ডিঙি,

*বুকু,

*পিঠি বা শৰীৰৰ আন অংশত কিছুমান গুটি আকৃতিৰে উখহি উঠে।

যেতিয়া স্বাভাৱিক অৱস্থাত আমাৰ ছালখন নিমজ কৰি ৰখা শৰীৰৰ পৰা নিঃসৃত তেল জাতীয় পদাৰ্থবোৰ (যাক আমি ছেবাম বুলি কওঁ) বেছিকৈ ওলাব ধৰে বা অন্য কোনো কাৰণত এই তেলবিধ নিঃসৃত হোৱা নলীবোৰ বন্ধ হৈ পৰে তেতিয়া ছালৰ তলত আৱদ্ধ হৈ পৰা এনে পদাৰ্থ সমূহে এই ৰোগৰ সৃষ্টি কৰে।

উখহি উঠা গুটিৰ দৰে ঠাইখিনিৰ পৰা কেতিয়াবা বগা ৰঙৰ পদাৰ্থ বা পূঁজ জাতীয় পদাৰ্থ ওলোৱা দেখা যায়।

সাধাৰণতে বিষ অনুভৱ নহয় যদিও কেতিয়াবা আকৌ ঠাইখিনি অতি বেছিকৈ আক্ৰান্ত হলে বিষ অনুভৱ হবও পাৰে।

আনহাতে শালমইনা উপশম হোৱাৰ পিছতো আক্রান্ত অংশটোত বহুদিনলৈ ক'লা দাগ ৰৈ যায়।

আয়ুৰ্বেদত ইয়াক বাত, কফ আৰু ৰক্ত দূষিত হোৱা বাবে উৎপত্তি হয় বুলি কোৱা হৈছে। আচাৰ্য শাৰংগধৰে শুক্ৰ ধাতু দূষিত হলে এই ৰোগ হয় বুলি উল্লেখ কৰিছে।

দেখাত শিমলু গছৰ কাঁইটৰ নিচিনা উখহি থকা এই ৰোগ বিধে মুখৰ সৌন্দৰ্য নষ্ট কৰি ছালৰ ক্ষতি কৰাৰ লগতে মানসিক অশান্তিৰ সৃষ্টি কৰে।

শালমইনা হোৱাৰ কাৰণ সমূহ -

আয়ুৰ্বেদত প্ৰধানকৈ-

*কফ,

*বাত,

*ৰক্ত আৰু

*শুক্ৰ দূষিত হলে এই ৰোগ হয় বুলি কোৱা হৈছে।

তাৰোপৰি কিছুমান আচাৰ্যই স্বভাৱগত বুলিও উল্লেখ কৰিছে।

খাদ্যাভ্যাস -

অতি বেছি কটু ৰস যুক্ত(যেনে জ্বলা আৰু মছলা যুক্ত) আৰু অতি মিঠা, গুৰু খাদ্য গ্ৰহণ কৰা; অতি বেছি স্নিগ্ধ আৰু দুগ্ধজাত আহাৰ(অতি তেলযুক্ত তথা গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য খোৱা); মাংস, মদ জাতীয় দ্ৰৱ্য অধিক গ্ৰহণ কৰা আদি।

জীৱনশৈলী -

*মল, মূত্ৰ আদিৰ স্বাভাৱিক বেগ বহু সময় ধাৰণ কৰি থকা(আয়ুৰ্বেদত মুঠ তেৰটা আধাৰণীয় বেগৰ কথা উল্লেখ আছে যাক কোনো কাৰণতে ধাৰণ কৰিব নালাগে),

*ৰাতি উজাগৰে থকা,

*অতি বেছিকে শোৱা বা টোপনি যোৱা,

*অতি বেছি উপৱাস থকা,

*ৰদত বেছিকৈ থকা আদি।

মানসিক কাৰণ:

*অতি বেছি শোক বা মানসিক চাপ,

*ক্ষোভ,

*ক্ৰোধ,

*সন্তাপ আৰু

*উত্তেজনাত থকা আদি।

গতিকে এনেবোৰ কাৰণ আমি এৰাই চলিবলৈ সদায় যথাসাধ্য চেষ্টা কৰা উচিত।

এতিয়া আহোঁ ইয়াৰ প্ৰতিকাৰ আয়ুৰ্বেদত কি দৰে বৰ্ণনা কৰিছে:

শালমইনা বা যৌৱন পিড়িকা হোৱা বুলি নিশ্চিত হোৱাৰ লগে লগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব পাৰিলে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি।

আধুনিক চিকিৎসা পদ্ধতিত সাধৰণতে এন্টিবায়টিক আৰু ষ্টেৰইডৰ দ্বাৰা লাক্ষণিক চিকিৎসা কৰা হয়।

আনহাতে আয়ুৰ্বেদত শোধন চিকিৎসা(বমন, বিৰেচন, নস্য, ৰক্তমোক্ষণ আদি) আৰু শমন চিকিৎসা(আয়ুৰ্বেদিক ঔষধ খাবলৈ আৰু আক্ৰান্ত অংশত লগাবলৈ দিয়া) কৰা হয়।

শোধন চিকিৎসা উপযুক্ত সা সুবিধা থকা চিকিৎসা কেন্দ্ৰত তথা অৰ্হতা সম্পন্ন আয়ুৰ্বেদিক চিকিৎসকৰ তত্বাৱধানতহে কৰিব পাৰি। কিন্তু শমন চিকিৎসা চিকিৎসকৰ পৰামৰ্শ মতে ঘৰতো গ্ৰহণ কৰিব পাৰি।

ইয়াৰ বাবে খোৱা আৰু আক্ৰান্ত স্থানত লগোৱা ঔষধ সমূহে দূষিত হোৱা দোষবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে।

গাত লগোৱা লেপ(মলম জাতীয়) আৰু তেল জাতীয় ঔষধবোৰে সংক্ৰমণ ৰোধ কৰাৰ লগতে ফুলি উঠা অংশটো ঠিক কৰে আৰু শুকাই অনাত সহায় কৰে।

তাৰোপৰি ই ছালৰ উজ্জ্বলতা বঢ়াত সহায় কৰে। সাধৰণতে তৈলাক্ত ছালৰ বাবে লেপ আৰু শুকান ছালৰ বাবে তেল প্ৰয়োগ কৰা হয়।

প্ৰায়ে শমন ঔষধ প্ৰয়োগ কৰি লাভ কম হলেহে শোধন চিকিৎসাৰ সহায় লোৱা হয়।

কি কি ঔষধি দ্ৰব্য ব্যৱহাৰ কৰা হয় -

*শলমলি(আমি শিমলু বুলি কওঁ),

*ধান্যক(ধনিয়া),

*বসা,

*লোধৰা,

*দাৰু হৰিদ্ৰা,

*মঞ্জিষ্ঠা,

*নিম,

*সাৰিবা,

*গুড়ুচী আদি সাধৰণতে শালমইনাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

এই সমূহ দ্ৰৱ্যৰ-

*বীজাণুনাশক,

*শোথ নাশক,

*বিষ নাশক,

*বৰ্ণ প্ৰসাদক(যিয়ে ছালৰ উজ্জ্বলতা বঢ়ায়),

*সকলো ধৰণৰ চৰ্ম ৰোগ নাশক,

*এলাৰ্জি নাশক,

*ৰক্তস্ৰাৱ নাশক,

*ব্রণ ৰোপক(যিয়ে ঘাঁ আদি শুকুৱাত সহায় কৰে),

*চিন্তা নাশক আদি গুণ আছে।

সেয়েহে উপযুক্ত মাত্ৰাত সঠিক ভাৱে প্ৰয়োগ কৰিলে শালমাইনা প্ৰতিকাৰ কৰাত ইয়ে যথেষ্ঠ সহায় কৰে।

একেদৰে-

*জাষ্টিমধ্বাদি লেপ,

*শৰপুঙ্খাদি লেপ,

*মচুৰাদি লেপ,

*লোধৰাদি লেপ,

*শলমলি কল্কাদি লেপ,

*অৰ্জুনাদি লেপ,

*বটাংকুৰাদি লেপ,

*কুমকুমাদি তেল,

*হৰিদ্ৰাদি তেল,

*মঞ্জিষ্ঠাদি তেল আদি ৰোগাক্ৰান্ত অংশত লগাবলৈ ব্যৱহাৰ কৰা হয়।

চিকিৎসাৰ ফলপ্ৰসূ উদাহৰণ হিচাপে ইয়াত এটা যোগ উল্লেখ কৰা হ'ল -

*মঞ্জিষ্ঠা চূৰ্ণ 500 মিলিগ্ৰাম, দাৰুহৰিদ্ৰা চূৰ্ণ 500 মিলিগ্ৰাম, আমলখি চূৰ্ণ 300 মিলিগ্ৰাম একেলগে মিহলাই গৰম পানীৰে তিনিবাৰকৈ, খাদ্য গ্ৰহণৰ পিছত।

*হিংগাষ্টক চূৰ্ণ 500 মিলিগ্ৰাম আৰু ত্ৰিকটু চূৰ্ণ 300 মিলিগ্ৰাম সামান্য গৰম পানীৰে দিনে এবাৰকৈ, খাদ্য গ্ৰহণৰ পিছত।

*গন্ধক ৰসায়ন 250 মিলিগ্ৰাম দিনত দুবাৰকৈ, খাদ্য গ্ৰহণৰ পিছত।

*যৱাদি লেপ স্থানিক(আক্ৰান্ত অংশত) ভাবে প্ৰয়োগ। যৱ (Hordeum vulgare L.) গুটি, লোধৰা(Symplocos racemosa Roxb.) বাকলি আৰু যষ্টিমধু(Glycyrrhiza glabra Linn.) মূল সম পৰিমানে মিহলাই এইবিধ অতি ফলপ্ৰসূ লেপ তৈয়াৰ কৰিব পাৰি।

*শলমলি(শিমলু) কাঁইটৰ চূৰ্ণ(গুৰি কৰি) লেপ(পেষ্ট) বনাই লগাবলৈ দিলেও সুফল পোৱা যায়।

একেদৰে

-আৰোগ্যবর্ধনী বতী,

-কৈশোৰ গুগুলু,

-বৃহৎ মঞ্জিষ্ঠাদি ঘন বতী,

-অমৃতা গুগুলু,

-পঞ্চনিম্বাদী চূৰ্ণ,

-পঞ্চতিক্ত ঘৃত গুগুলু আদি অতি ফলপ্ৰসূ শাস্ত্ৰীয় ঔষধ আয়ুৰ্বেদত বৰ্ণনা কৰা হৈছে।

এই লিখনিটোত কেৱল আয়ুৰ্বেদৰ দ্বাৰা আমি পাব পৰা সুফলবোৰ বৰ্ণনা কৰিবলৈ এনেবোৰ ঔষধৰ নাম উল্লেখ কৰা হৈছে।

সকলোলৈকে অনুৰোধ থাকিল, এনে ঔষধ সমূহ যেন অৰ্হতা সম্পন্নআয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰে। স্থানিক প্ৰয়োগৰ বাবে উল্লেখ কৰা লেপ সমূহ অৱশ্যে নিজেই প্ৰয়োগ কৰিব পাৰে।

শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিজে কি কৰিব পাৰোঁ -

*সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ওপৰত উল্লেখিত শালমইনা হোৱাৰ কাৰণ সমূহৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰা উচিত।

*গৰম আৰু সাত্ম্য আহাৰ খোৱা উচিত।(খাদ্য গ্ৰহণৰ উচিত নিয়মৰ ওপৰত এই গ্রুপত লিখনি প্ৰকাশ পাইছে, সেয়েহে ইয়াত উল্লেখ কৰা নহল)।

বিশেষকৈ অতি বেছি তেলযুক্ত আৰু মছলাযুক্ত খাদ্য বৰ্জন কৰা ভাল। সেউজীয়া শাক পাচলি আৰু ফলমূল সঠিক পৰিমানে খোৱাৰ অভ্যাস কৰিব লাগে।

*সদায় ভালদৰে গা ধোৱাতো অতি জৰুৰী। বিশেষকৈ মুখমণ্ডলৰ প্ৰতি সঠিকভাৱে মনোযোগ দিয়া ভাল।

দিনটোত কমেও দুবাৰ ভালদৰে মৃদু চাবোন (ফেচ ৱাছ) আৰু পানীৰে ধুব লাগে। ঘৰৰ বাহিৰৰ পৰা ঘুৰি আহি প্ৰত্যেক বাৰেই ভালদৰে মুখ ধুব লাগে।

গা ধুই শৰীৰটো ভালদৰে কোমল কাপোৰেৰে ঘহি মচিব লাগে। এনে কৰিলে ছালৰ উপৰিভাগৰ পৰা মৃত কোষবোৰ আঁতৰি যায়।

*যিমান পাৰি ছালত সতেজ বায়ু আৰু সূৰ্য্যৰ পোহৰ পৰিব দিয়ক(ইয়াত অতি তীব্ৰ ৰ'দৰ কথা কোৱা হোৱা নাই)।

ইয়ে ছালৰ ৰন্ধ্ৰবোৰ খোল খাই থকাত সহায় কৰে আৰু ৰক্ত সঞ্চালন বৃদ্ধি কৰে।

*নিজকে বিভিন্ন যোগাত্মক কৰ্মত ব্যস্ত ৰাখিব চেষ্টা কৰিব লাগে যাতে মনৰ পৰা বেয়া চিন্তা, দুৰ্ভাৱনা আদি আঁতৰি যায়।

বিশেষকৈ যৌৱন অৱস্থাত মনলৈ সততে আহি থকা যৌনতা সম্পৰ্কীয় ভাৱ বোৰ আঁতৰাই ৰাখিব পাৰিলে ভাল।

শালমইনাৰ বাবে শাস্ত্রোক্ত আৰু অনুভূত ঘৰতে বনাব পৰা কিছুমান ঔষধি গুণযুক্ত লেপ -

*ভালকৈ পকি ঢিলা হোৱা অমিতা পানীত পিটিকি লেপ(পেষ্ট) বনাই লৈ পোন্ধৰৰ পৰা বিশ মিনিট সময় আক্ৰান্ত অংশত লগাই ৰাখি পিছত পৰিষ্কাৰ পানীৰে ধুই দিব লাগে।

পিছত টাৱেলেৰে ভালদৰে ঘঁহি মচি লৈ তাত তিল তেল বা নাৰিকল তেল ঘঁহিব লাগে।

এনেদৰে এক সপ্তাহ কৰিলে শালমইনা ভালেখিনি কমি যোৱাৰ লগতে ইয়াৰ দাগবোৰো নোহোৱা হয়।

*জামুনৰ গুটি পানীত পিহি লেপ লগালে শালমইনা কমি যোৱাত সহায় কৰে।

*বেচন আৰু হালধিৰ পাউদৰ সম পৰিমানে লৈ দৈৰ লগত মিহলাই লেপ বনাব লাগে। এই লেপ শালমইনা হোৱা অংশত ভালদৰে ঘঁহি ঘঁহি লগাব লাগে।

যেতিয়া ই নিজে শুকাই যায় তেতিয়া পানীৰে ধুব লাগে। এনে কৰিলে যথেষ্ট সুফল পোৱা যায়।

*শিমলু গছৰ কাঁইট গছডালৰ পৰা এৰুৱাই দিলে ওলোৱা গাখীৰৰ দৰে দ্ৰৱ্যবিধ শালমইনাৰ ওপৰত পোনপটীয়াকৈ লগাই দি শুকাই গলে পানীৰে ধুই দিব লাগে। আয়ুৰ্বেদত ইয়াক অতি প্ৰভাৱশালী লেপ বুলি গণ্য কৰা হৈছে।

*জাতিফল(জায়ফল, nutmeg) আৰু ৰঙা চন্দনৰ লেপ বনাই লগালে সুফল পোৱা যায়।

*মহানিমৰ শিপা পানীত তিয়াই থৈ সেই পানী শালমইনাৰ ওপৰত লগালে ই ভাল হোৱাত সহায় কৰে।

*মচুৰ দালি, কৰ্পূৰ, গাখীৰ আৰু ঘিঁ মিহলাই লেপ বনাব লাগে। এই লেপ লগালে শালমইনা নোহোৱা হোৱাৰ লগতে ইয়াৰ ফলত হোৱা দাগবোৰো নোহোৱা হোৱাত সহায় কৰে।

*কমলা টেঙাৰ শুকান বাকলি খুব মিহিকৈ গুৰি কৰি গোলাপ জলৰ লগত মিহলাই লেপ লগালে শালমইনা উপশম হোৱাত সহায় কৰে। লগতে ইয়াৰ দাগবোৰো নাইকিয়া হয়।

*কমলাৰ বাকলি পোনপটীয়াকৈ শালমইনাৰ ওপৰত ঘঁহিলেও সুফল পোৱা যায়।

আমি বহুতেই ওপৰত বৰ্ণনা কৰা বিধান সমূহৰ কিছুমান আগৰেপৰাই হয়তো জানোঁ। এইখিনিতে উল্লেখনীয় যে এনেবোৰ বিধান প্ৰয়োগৰ পিছত যদি সুফল পোৱা নাযায় বা লক্ষণ সমূহ বাঢ়ি যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰি ঔষধ সেৱন কৰা উচিত।

কিয়নো কেতিয়াবা কেৱল অনুমানৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰি নিজে বিধান ল'লে বা ঔষধ সেৱন কৰিলে কুফলহে পোৱা যায়। আনহাতে ফলপ্ৰসূ চিকিৎসাৰ বাবে ৰোগ আৰু ৰোগী পৰীক্ষা দুয়োটাই অতি জৰুৰী।

নিজৰ কিছু চেষ্টা, মানসিক দৃঢ়তা আৰু আয়ুৰ্বেদৰ উচিত প্ৰয়োগেৰে আমি এনেবোৰ ৰোগৰ পৰা মুক্ত হৈ সুস্থ জীৱন যাপন কৰিব পাৰোঁ।

লেখক: ডাঃ মৃণাল বৈশ্য,

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 9613747425