শতমূল -

শতমূল এবিধ কাঁইটীয়া লতাজাতীয় গছ । পাতবোৰ খিচখিচীয়া দীঘল । এই লতাবিধ বাৰিষা কালত বৃদ্ধি হয় আৰু শীতকালত মৰহি যায় । কিন্তু মৰহি গ’লেও ইয়াৰ শিপাবোৰ সজীৱ হৈ থাকে । এই শিপাবোৰৰ পৰা বৰ্ষাকালত পুনৰ গজালি মেলি লহপহীয়া হৈ উঠে । আজিকালি শতমূলৰ খেতি কৰা দেখা যায় । ইয়াক বহুতে কেঁচা অৱস্থাত পাচলি হিচাপেও ব্যৱহাৰ কৰে ।

যিহেতু এই লতাবিধ উষ্ণ আৰু নীতিশীতোষ্ণ পৰিৱেশত লহপহীয়া হয় সেয়ে এইবিধক ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততেই কম-বেছি পৰিমাণে দেখিবলৈ পোৱা যায় । লগতে এছিয়া মহাদেশৰ যিবোৰ উষ্ণ আৰু নাতিশীতোষ্ণ অঞ্চল আছে সেইবোৰত ইয়াৰ বাণিজ্যিক খেতি দেখিবলৈ পোৱা যায় ।

শতমূল যিহেতু বহুতো প্ৰান্তত পোৱা যায় সেয়ে এইবিধৰ নামো ভিন্ন ভিন্ন । ইয়াক অসমীয়াত শতমূল, বাংলা ভাষাত শতমূলী আৰু শাস্ত্ৰীয় হিচাপে ইন্দীবৰী, বৰী, নাৰায়ণী শতমূলী, শতপদী, পীবৰী ইত্যাদি নামেৰে জনা যায় । ইয়াৰ বৈজ্ঞানিক নাম Asparagas recemosusl.

শতমূল সঞ্চয়ী গুচ্ছমূলবিশিষ্ট লতাজাতীয় উদ্ভিদ হোৱাৰ বাবে ইয়াৰ কন্দমূল অংশহে ঔষধীয় দ্ৰব্যত ব্যৱহৃত হয় । শতমূলৰ পুষ্টি উপাদান লক্ষণীয় ।

শতমূলত উচ্চমানৰ ফলিক এচিড, পটাছিয়াম, ডায়েটৰী ফাইবাৰ, ভিটামিন-এ , ভিটামিন-বি৬ আদিৰে ভৰপূৰ । প্ৰতি ১০০ গ্ৰাম শতমূলৰ পুষ্টিতত্ত্বসমূহ হ’ল-

এনাৰ্জী ৮৫ কেজি, কাৰ্বহাইড্ৰেট ৪ গ্ৰাম, শৰ্কৰা-১.৮৮ গ্ৰাম, ডায়েটৰী ফাইবাৰ-২.১ গ্ৰাম, ফেট-০.১২ গ্ৰাম, প্ৰ’টিন-২.২ গ্ৰাম ।

তদুপৰি ইয়াত ভিটামিন-এ, বিটা কেৰ’টিন, লুটেইন জিয়াচান্থিন, থিয়ামিন (বি১), ৰিব’ফ্লেভিন (বি২), নিয়াচিন (বি৩), পেন্ট’থেনিক এচিড (বি৫), ভিটামিন বি৬ , ফলেট (বি৯), কোলাইন, ভিটামিন-ই, ভিটামিন কে আদিও থাকে ।

তদুপৰি ইয়াত কেলচিয়াম, লো, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি খনিজ পদাৰ্থও পোৱা যায় ।

শতমূল বহুধা গুণসম্পন্ন । ইয়াৰ ৰসাল আৰু মঙহাল শিপা দৰবত আৰু পথ্যত ব্যৱহাৰ হয় । শতমূলৰ ৰস মেধা বৃদ্ধিকাৰক, অগ্নি বৃদ্ধিকাৰক , দৃষ্টিশক্তি বৃদ্ধিকাৰক, শুক্ৰবৰ্ধক, পুষ্টিসাধন, পিত্তনাশক, কফনাশক, ধাতু দুৰ্বলতানাশক ।

ইয়াৰ উপৰি শতমূলৰ ব্যৱহাৰে ৰোগ নাশ কৰে । উদাহৰণ স্বৰুপে অপস্মাৰ বা মৃগী ৰোগ, ক্ষয় ৰোগ, অতিসাৰ, গ্ৰহণী, অজীৰ্ণ বা শূলৰোগ, দৃষ্টিশক্তিহীনতা, কুকুৰীকণা, চকু নমা, চকু ফুলা, চকুৰ পৰা পানী পৰা, কেটাৰ ওলোৱা, মহিলাৰ মূৰ ঘূৰণি, নিদ্ৰাহীনতা, দুৰ্বলতা, গা, মূৰ, বুকুৰ বিষ, শৰীৰ জ্বলা-পোৰা কৰা, প্ৰসৱ বিকৃতি, গনোৰিয়া জাতীয় যৌন ৰোগ, প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগ, যৌনাংগ সম্বন্ধীয় ৰোগ, ৰক্তপিত্ত, শৌচদ্বাৰৰ বিভিন্ন ৰোগ ।

ৰোগ প্ৰতিৰোধী -

ৰোগ প্ৰতিৰোধী ক্ষমতা আহৰণ আদি কৰি বহুতো ৰোগত ইয়াৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে । আজিকালিৰ ঔষধীয় বজাৰত শতমূলৰ চূৰ্ণ আৰু কেপছুল কিনিবলৈ পোৱা যায় । সেইবোৰো নিয়ম অনুসৰি ব্যৱহাৰ কৰিব পাৰি । যদিও শতমূল ভাৰতীয় ভেষজ আৰু ৰসায়নত অতি প্ৰাচীন কালৰ পৰাই অন্তৰ্ভুক্ত, কিন্তু শতমূলৰ আদি বাসস্থান পূৰ্ব ভূমধ্য সাগৰীয় অঞ্চলহে । সেয়ে শতমূল নিজ নিজ নামেৰে পৃথিৱীৰ উষ্ণ আৰু নাতিশীতোষ অঞ্চলত জনপ্ৰিয় । ইয়াৰ কণ্ডমূলৰ উপৰি গাজবোৰ পাচলি আৰু চালাডৰ উপকৰণ হিচাপে বহুলভাৱে ব্যৱহৃত ।

লেখক :- ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

উৎস :- জি এনআৰচি স্বাস্থ্য