পৰিচয় মূলা সৰ্বজন পৰিচিত এবিধ খাদ্যদ্ৰব্য। পাতবোৰ দীঘল আৰু কণ্ড মাটিৰ তললৈ জোঙা হৈ বাঢ়ি যায়। পাত আৰু কণ্ড উভয়ে তৰকাৰী হিচাবে ব্যৱহৃত হয়। আঘোণ পুহ মাহত মূলাৰ খেতি কৰা হয় আলু কবিৰ দৰে ই এবিধ খৰালিৰ খেতি। মূলাগছত ফুল আৰু বীজ হয়। ফুলবোৰ বগা বা হালধিৰ ৰঙৰ হয়। মূলাৰ শাস্ত্ৰীয় নাম-মূলক হৰিপৰ্ণ নীলকন্ঠ ইত্যাদি। লিখক: ধৰ্মকান্ত শৰ্মা।