মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়। নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। বহুতো চিকিত্সকৰ মতে, নিমৰ কোমল পাতৰ গুড়ি ৫ গ্ৰাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্ৰতিৰোধ হয় বুলি কয়। জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়। মহানিমৰ পাত সিজাই চেঁচা হলে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়। চুলিবোৰ ভাল হয়। মূৰৰ ছালৰ ৰোগ নিৰাময় হয়। সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। তদুপৰি নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলে গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়। মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়। সকলো প্ৰকাৰৰ জ্বৰ, কাহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত। তেজ বমি হ’লে বা এনেয়ে বদহজম হৈ বমি হ’লে মহানিমৰ পাতৰ ৰস খালে বন্ধ হয়। যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায় বুলি কোৱা হয়। চকুৰ চানি পৰা ৰোগ হ’লে মহানিমৰ পাতৰ ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়। বাতৰক্ত কুষ্ঠ ৰোগত নিমপাত কেঁচা হালধি বটি প্ৰলেপ দিলেও সুফল পোৱা যায়। নিমৰ গুটি বা পাত চূৰ্ণ কৰি খালে কৃমি, বাত, অৰ্শ, কুষ্ঠ বাতৰক্ত আৰু প্ৰমেহ ৰোগ নিৰাময় কৰিব পাৰে। নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়ৰিয়া আদি নহয়। দাঁত উজ্জল আৰু ভাল হয়। দাঁতৰ সৌন্দৰ্য্য বাঢ়ে। মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়। লেখক :-ধনেশ্বৰ হুজুৰী উৎস ;- নন্দিনী