আমাৰ দৈনন্দিন খাদ্য তালিকাৰ পৰা সমূহীয়া ভোজ ভাতলৈকে বিবিধ ঔষধি গুণসম্পন্ন মছলা খোৱা হয়। তৰকাৰী বা যিকোনো ব্যঞ্জন ৰান্ধিবলৈ ৰান্ধনীয়ে বিবিধ মছলাৰ যতন কৰি লয়। আঞ্জাখনত তেল-মছলা দি ৰান্ধিলে ই খাবলৈ বৰ সুস্বাদু হয়। অকল মছলা খোৱাত সোৱাদে নহয়, ইয়াৰ আছে বিভিন্ন ঔষধি গুণ। তেল-মছলাযুক্ত আঞ্জা খালে আমাৰ শৰীৰৰ বাবে ঔষধৰ কাম কৰে। আজি আমি তেনে কেইবিধমান ঔষধি মছলাৰ কথা আলোচনা কৰিবলৈ তলৈছো। পিয়াঁজ - পিয়াঁজ হৈছে মছলাৰ ৰজা। বিবিধ আঞ্জাত পিয়াঁজ ব্যৱহাৰ কৰা হয়। পিয়াঁজ ৰান্ধি বা কেঁচাইও খাই বৰ জুতি পায়। পিয়াঁজ শক্তিদায়ক। ই বিভিন্ন ৰোগৰ বীজাণু নাশ কৰে। পিয়াঁজে আমাৰ খাদ্যনলী পৰিষ্কৰ কৰে। মুখৰ দুৰ্গন্ধ আঁতৰ কৰে বুলি কোৱা হয়। ই হজমশক্তি বঢ়ায়, খোৱাৰ ৰুচি বঢ়ায়। পিয়াঁজে তেজ পৰিষ্কাৰ কৰে। পিয়াঁজৰ ৰস যক্ষ্মা, হাইজা, মেলেৰিয়া ৰোগৰ বাবে বৰ উপকাৰী। একাংগী ৰোগীৰ বাবে পিয়াঁজ বৰ উপাদেয়। পিয়াঁজৰ ৰস কৃমি, অজীৰ্ণ ৰোগৰ বাবে উত্তম। নহৰু - নহৰুৰ আছে বিবিধ ঔষধি গুণ। ই ডয়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবে মহৌষধ। পুৱা তিনি-পাঁচ ফোটা নহৰু চোবাই খাই এগিলাচ পানী খালে উচ্চ ৰক্তচাপ থকা লোকে সুফল পাব পাৰে। ইনফ্লুয়েঞ্জা, কৰ্কট ৰোগ, লেং কাহ, মেলেৰিয়া আদি ৰোগৰ বাবে উপকাৰী। হৃদৰোগ, বদহজমী আদি ৰোগৰ মহৌষধ। নহৰুৱে মানুহৰ শৰীৰৰ তেজ বৃদ্ধি কৰেগ। মস্তিষ্ক সক্ৰিয় কৰি ৰাখিব পাৰে। চুলি ক’লা কৰি ৰখাৰ উপৰি সৌন্দৰ্য বৃদ্ধি কৰে। খৰ-খজুৱতি আদিত নহৰুৰ ৰস লগালে সুফল পায়। আদা - মছলাৰ ভিতৰত আদা উৎকৃষ্ট। আদা বিবিধ আঞ্জাত দিয়াৰ উপৰি মাহ-প্ৰসাদৰ শৰাই খনতো আদা নহ’লে নহয়। আদাই হজমশক্তি বঢ়ায়। পেটচলা, উগাৰ অহা আদিৰ বাবে আদা উপকাৰী। বাত বিষ, কফ আদিৰ বাবেও উপাদেয়। কাহ হ’লে মৌৰ লগত খালে কাহ ভাল হয়। আদাই দাঁতৰ বিষ নাশ কৰে। অজীৰ্ণতা, এলাৰ্জি আৰু বমি বমি ভাব দূৰ কৰে। হালধি - বিবিধ ব্যঞ্জনত হালধি ব্যৱহাৰ কৰা হয়। হালধি বীজাণু নাশক হালধিয়ে তেজ পৰিষ্কাৰ কৰে। কেঁচা হালধিৰ ৰস খালে প্ৰস্ৰাৱৰ দোষ দূৰ কৰে। পুৱা হালধিৰ ৰস খালে পিত্ত ৰোগৰ পৰা উপশম পোৱা যায়। ই পিত্ত নাশক। কেঁচা হালধিৰ ৰসৰ লগত গাখীৰ মিহলাই খালে গাৰ ৰং উজ্জ্বল হয়। হালধিৰ ৰস গাত ঘঁহিলে গাৰ খৰ-খজুৱতি, চৰ্মৰোগ নাইকিয়া হয়। হালধি বিভিন্ন বেমাৰৰ প্ৰতিষেধক বুলি কোৱা হয়। হালধি দিয়া আঞ্জাখন খাবলৈ সোৱাদ লগা হয়। গাৰ ঘা-ফোঁহা শুকুৱাই হালধিয়ে। জালুক - মাংসৰ আঞ্জাখন সোৱাদযুক্ত কৰিবলৈ জালুক দিয়াট্যো আৱশ্যক। অকল সোৱাদযুক্তই নহয়, জালুক গুড়ি কৰি তাৰ লগত চেনি মিহলাই দিনত দুবাৰকৈ খালে কাহ-কফৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই বীজাণু নাশক। জালুক- হৃদৰোগ, হাঁপানি, ইনফ্লুয়েঞ্জা ৰোগত ই বৰ উপকাৰী। শিঙি বা মাগুৰ মাছৰ লগত ধনিয়া আৰু জিৰা-জালুক বটি আঞ্জা খালে মেলেৰিয়া কাহ-কফ নাইকিয়া কৰিব পাৰে। কালুকৰ আঞ্জাই অজীৰ্ণ ৰোগ দূৰ কৰে। আহাৰ খোৱাৰ ৰুচি বঢ়ায়। জিৰা - জালু-জিৰা একে ভাই, ইহঁতক খাই সোৱাদ পায়। আমাৰ গৃহিণীসকলে মাছ-মাংসৰ আঞ্জাখনত জালুক জিৰা দি ৰান্ধিলে সোৱাদে বেলেগ হয়। জিৰাই পাইলছ(অৰ্শ) ৰোগ উপশম কৰিব পাৰে। কুষ্ঠ, একাংগী বেমাৰৰ বাবে বৰ উপকাৰী। জিৰাই যকৃৎ সুস্থ কৰি ৰাখি ৰোগ প্ৰতিৰোধ কৰিব পাৰে। জালুক-জিৰাই শিশুৰ শাৰীৰিক গঠনত সহায় কৰে। জিৰা দিয়া আঞ্জাই খোৱাৰ ৰুচি বঢ়ায় আৰু হজম শক্তি বৃদ্ধি কৰে। ধনিয়া - শিঙৰা মাছ বা শিঙি মাছৰ লগত জিৰা-ধনিয়াৰ জোল কৰি খালে বৰ সোৱাদ পোৱা যায়। ধনিয়া এনিমিয়া(ৰক্তহীনতা) ৰোগত উত্তম ঔষধ। ব্ৰংকাইটিছ আৰু হৃদৰোগৰ বাবে অতি উত্তম। পেটৰ অসুখ, অজীৰ্ণতা, মূৰ ঘূৰণি, বমি বমি ভাব হ’লে ধনিয়াৰ আঞ্জা বৰ উপকাৰী। ধনিয়া দুই ধৰণে খাব পাৰি। ধনিয়া গুড়ি আৰু কেঁচা ধনিয়াৰ পাত আঞ্জাত দি খালে উপকাৰ পোৱা যায়। ইলাচি - মাংসৰ আঞ্জাখনত গৰম মছলা, ইলাচি, দালচেনি নিদিলে নহয়। মাংসৰ আঞ্জাত এইবিধ মছলা ৰান্ধনীৰ বৰ প্ৰিয়। ই অজীৰ্ণতা, পায়োৰিয়া ৰোগৰ বাবে উপকাৰী। ই মগজু সবল আৰু সুস্থ কৰি ৰাখিব পাৰে। পেটৰ অসুখ, প্ৰস্ৰাৱৰ দোষ নাইকিয়া কৰিব পাৰে। বুকুৰ ধপধপনি ৰোগত ইলাচি বৰ উপকাৰী বুলি কয়। দালচেনি - ই এবিধ সুগন্ধযুক্ত ৰুচিকাৰক মছলা। ই এবিধ উৎকৃষ্ট মছলা। ফেৰিঞ্জাইটিছ আৰু মেলেৰিয়া জ্বৰৰ এবিধ উৎকৃষ্ট মছলা। দালচেনি মছলাই অজীৰ্ণতা দূৰ কৰে। ই মানুহৰ মগজু সক্ৰিয় কৰাৰ লগতে মগজু শক্তিশালী কৰি তুলিব পাৰে। জলকীয়া - জলকীয়া এবিধ অত্যাৱশ্যকীয় মছলা। জলকীয়া নহ’লে মাছ-মাংস বা তৰকাৰীখনৰ সোৱাদেই নহয়। জলকীয়া দুবিধ। কেঁচা জলকীয়া আৰু শুকান জলকীয়া আঞ্জাত ব্যৱহাৰ কৰা হয়। জলকীয়া এবিধ ঔষধি গুণ সম্পন্ন মছলা। ই মানুহৰ মুখ-দাঁতৰ যিকোনো বীজাণু প্ৰতিৰোধ কৰিব পাৰে। ই বীজাণু নাশক, ৰুচিকৰ। টনচিল হ’লে কণ জলকীয়া পিহি মুখত লৈ থাকি তাৰ পিছত উলিয়াই পেলালে টনচিল ভাল হয়। কেঁচা জলকীয়া পুষ্টিকৰ আৰু ই গাৰ ৰং উজ্জ্বল কৰে। মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰে বুলি কোৱা হয়। জলকীয়াক ‘ভোজন ঠেলা’ বুলিও কয়। মেথি - মেথিৰ বহুতো উপকাৰী গুণ আছে। মেথি বৰ ৰুচিকাৰক। বায়ু আৰু জ্বৰৰ বীজাণু নাশ কৰে। ৰক্তহীনতা, কৃমি, গ্ৰহণী ৰোগৰ বাবে উপকাৰী। গৰ্ভাশয় শক্তিশালী কৰে আৰু গ্ৰহণী ৰোগত উপকাৰী। বাতবিষ, জণ্ডিচৰ মহৌষধ। ডায়েবেটিছ ৰোগৰ বাবে বৰ উপকাৰী। ৰাতি তিয়াই থৈ পুৱা সেই পানীখিনিৰ সৈতে গুটিবোৰ চোবাই খাব লাগে, ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হয়। তেজপাত(মাহপাত)- তেজপাত দিয়া দাইলখনৰ সোৱাদেই বেলেগ হয়। মাহপাতৰ আছে বিভিন্ন খাদ্য মৌল আৰু ঔষধি গুণ। মাহপাত বা তেজপাতত আছে- কেলৰি ৩.৬১ গ্ৰাম, প্ৰোটিন ৭.৭১, কাৰ্বোহাইড্ৰেট ৭৪.৯৭ গ্ৰাম, চৰ্বি ৮.৩৬ গ্ৰাম, ভিটামিন ১৮.৫ গ্ৰাম। ই ডায়েবেটিছ আৰু কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰে। চৰ্দি-কাহ-জ্বৰ আদি হ’লে দুটা তেজপাত দি ৰঙা চাহ খালে উপকাৰ পোৱা যায়। জহা পাত: জহা পাত এবিধ সুগন্ধিযুক্ত সেউজীয়া গছ। দীঘল পাতৰ এই জহাপাত চাহৰ লগত খোৱাৰ উপৰি আঞ্জাত বটি দিও খাব পাৰি। ই বৰ উপকাৰী। খোৱাৰ ৰুচি বঢ়ায় আৰু পুষ্টিকৰ। মান ধনিয়া: মান ধনিয়াৰ পাত কাচি দঁতীয়া। ই জোপোহা হয়। বিভিন্ন ব্যঞ্জনৰ লগত বটি খোৱা হয়। বিশেষকৈ চাটনি, নলকচুৰ লগত মান ধনিয়াৰ পাত বটি তাত কেঁচা জলকীয়া দিলে খাবলৈ বৰ জুতিলগা হয়। ই স্বাস্থ্য বৰ্ধক। লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)