ভেদাই লতা হ’ল কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা উদ্ভিদ । সাধাৰণতে হাবি -জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'ভেবেলি লতা' বুলি কব খোজে ৷ কিন্তু, বৃদ্ধ সকলে ভেবেলি লতা বুলি আন এজোপা লতাকহে আঙুলিয়াব খোজে ৷ যিকি নহওক, ভেদাই লতাৰ ঔষধি গুণবোৰ তলত দিবলৈ চেষ্টা কৰিছোঁ ৷— ভেদাই লতাৰ ঔষধি গুণ —(১) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয় ।(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয় ।(৩) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে । (৪) প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য ।(৫) একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে ।(৬) দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজক ; বিষ কমি যাব ।(৭) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায় ।(৮) ইয়াৰ কুমলীয়া আগ কেইফুটামান নহৰুৰ লগত চাটনী কৰি ভাতৰ লগত খালে ভোক বাঢ়ে আৰু হজমী শক্তি বাঢ়ে ৷ উত্স: https://www.facebook.com/Mahiruh.sss