বৰ থেকেৰা এবিধ বহুবৰ্ষী গছ। ইয়াৰ পাতবোৰ যথেষ্ট ডাঠ হোৱাৰ লগতে ডাঙৰ ডাঙৰ। পাতৰ ৰং ডাঠ সেউজীয়া। বৰ থেকেৰা গছত বগা ৰঙৰ ফুল ফুলে। ফুলৰ পৰা গোলাকৃতিৰ ফল হয়। ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া, পকিলে ইয়াৰ বৰণ হালধীয়া হয়। দেখাত অতি লোভনীয় আৰু মনোৰম ফলবোৰ কিন্তু বৰ টেঙা। বৰ থেকেৰা ‘এচকৰবিক’ খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰে ভৰপূৰ। বৰ থেকেৰাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- সঞ্চিত গ্ৰহণী ৰোগত বৰ থেকেৰাৰ আঞ্জা বনাই খালে ৰোগ নিৰাময় হয়। আমাশয় ৰোগত বৰ থেকেৰা গুটিৰে সৈতে এৰাতি তিয়াই সেই পানী পিছদিনা খালে উপকাৰ পোৱা যায়। পুৰণি বৰ থেকেৰাৰ চৰবত খালে শৰীৰৰ মেদ কমে। বৰ থেকেৰা নানা ৰোগৰ প্ৰতিষেধক। সেয়ে মাজে-সময়ে ভাতৰ লগত বৰ থেকেৰাৰ আঞ্জা খাব লাগে। অজীৰ্ণ হ’লে বৰ থেকেৰা পানীত তিয়াই তাৰ ৰস খালে অজীৰ্ণ ৰোগ নিৰাময় হয়। পুৰণি বৰ থেকেৰাৰ চৰ্বতে তেজ হাগনী ৰোগ নিৰাময় কৰাত সহায় কৰে। বৰ থেকেৰাই সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে। বৰ থেকেৰা মাজে-সময়ে খালে ছাল নিমজ হয়। সেয়ে বৰ থেকেৰা পানীত তিয়াই সেই পানী চেনি অকণমান আৰু নিমখ অকণমান দি খালে ছাল নিমজ হয়। অৱশ্যে এচামুচৰ বেছি খোৱা উচিত নহয়। পেটৰ অসুখতো বৰ থেকেৰা পানীত তিয়াই খচি সেই পানী এচামুচকৈ দিনে দুই-তিনিবাৰ খালে উপকাৰ পোৱা যায়। পানী লাগিলেও বৰ থেকেৰাৰ পানী খালে ৰোগ সোনকালে নিৰাময় হয়। উৎস: অসম বাণী।