সাপে কামোৰা

সকলো সাপ বিষাক্ত নহয় যদিও সাপে কামোৰা মাত্ৰেই উপযুক্ত চিকিৎসা লোৱা উচিত। কাৰণ, সাপে কামুৰিলে ইয়াৰ বিষ শিৰা-উপশিৰাইদি তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ তৎক্ষণাৎ বিয়পি পৰে। প্ৰধানকৈ এই বিষ মগজুলৈ বিয়পি পৰিলে ৰোগীক বচোৱা অলপ কঠিন হৈ পৰে। সেই কাৰণে সাপে কামোৰাৰ লগে লগে বিষ যাতে তেজৰ লগত মিহলি হৈ বিয়পি পৰিব নোৱাৰে তাৰ বাবে কামোৰাৰ দুয়োফালে পট্টিৰে টানকৈ বান্ধিব লাগে। ইয়াৰ পাছত উপযুক্ত চিকিৎসা যথা সময়মতে ল’লে ৰোগী আৰোগ্য নোহোৱাৰ কোনো কাৰণ নাথাকে। অৱশ্যে বিষাক্ত সাপে মগজুত দংশন কৰিলে ৰোগী বচোৱা কঠিন হয় যদিও দংশনৰ লগে লগে চিকিৎসা ল’লে এই ৰোগীও বচাব পৰা হয়।

বিষাক্ত সাপ চিনি পোৱাৰ সহজ উপায়

১) ৰঙীন যিকোনো সাপ বিষাক্ত।

২) সি সাপৰ ছালৰ বাকলি বহল সেই সাপ বিষাক্ত।

৩) কামুৰিলে যদি কেৱল ২ টা দাঁতৰ দাগ বহে তেন্তে সেই সাপ বিষাক্ত বুলি ধৰিব পাৰি।

৪) অপৰাজিতাৰ শিপা গাখীৰৰ লগত খালে তেজৰ বিষ নাইকিয়া হয়।

৫) অপৰাজিতাৰ শিপা হালধিৰ লগত খালে হাড়ৰ বিষ কমে।

৬) অপৰাজিতাৰ শিপা পিপলি গুড়িৰ লগত খালে মজ্জাগত বিষ দূৰ হয়।

৭) ঘিউ, মৌ, মাখন, পিপলি, জালুক, শুঠ আৰু সৈন্ধৱ লোণ একেলগে মিহলাই খালে সাপে কামোৰা সকলো প্ৰকাৰ বিষ কমে।

৮) দোৰোণ বন খুন্দি কামোৰা ঠাইত লগাব লাগে আৰু ইয়াৰ ৰস খুৱাব লাগে।

উৰহ মাৰিবলৈ

১) বিচনাত বা অন্যান্য বস্তুত উৰহ হ’লে তাক মাৰিবৰ কাৰণে তৰুৱাকদম গছৰ ছাল খুন্দি সেই উৰহ হোৱা ঠাইত ৰাখিব লাগে নাইবা ইয়াৰ ছালৰ ৰস ছটিয়াব লাগে। নৰসিংহৰ পাতো এনেদৰে ব্যৱহাৰ কৰিলে উৰহ সহজে মৰে।

২) গন্ধ বিৰিঙাৰ পাতৰ ৰসে উৰহ মাৰিব পাৰে।

মদৰ নিচা গুচাবলৈ

পকা তেঁতেলি টেঙা বা কুঁজি বা বৰ ঠেকেৰা ১০ গ্ৰাম এগিলাচ পানীত ভালদৰে গুলি খুৱালে মদৰ নিচা তৎক্ষণাত নাইকিয়া হয়।

গাত এছিড পৰিলে

গাত এছিড পৰিলে এছিড পৰা ঘা যথেষ্ট ঠাণ্ডা পানীৰে ধুই তাত নাৰিকলৰ তেল আৰু চূণৰ পানী মিহলোৱা মিশ্ৰণ সানিব লাগে।

পেটৰ ভিতৰত জোক সোমালে

তিয়ঁহ এটা কেঁচাই খাব লাগে বা ইয়াৰ ৰস উলিয়াই খালে জোক মৰি বাহিৰ ওলাই আহে।

লিখক: ড০ গুণাৰাম খনিকৰ, সহজ লভ্য বন দৰবৰ গুণ।