আমলখি - উৎকৃষ্ট এন্টি অক্সিডেন্ট খাদ্যপ্ৰাণ ‘গ’ৰো ভঁৰাল। নিয়মীয়াকৈ আমলখি বা ইয়াৰ ৰস পান কৰাসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হোৱাই নহয়, যৌৱনো অটুত থাকে। আমলখি খুন্দি মূৰত কেইঘন্টামান প্ৰলেপ দিলে চুলি সৰা বন্ধ হয়। পেটচলা ৰোগত শুকান আমলখিৰ গুৰি ক’লা নিমখৰ সৈতে খাব লাগে। অম্লশূল ৰোগত মৌৰ সৈতে আমলখিৰ ৰস খালে ভাল। আমলখি- হজমিকাৰক, অৰুচিনাশক, বমিনাশক। ছালকুঁৱৰী: ছালকুঁৱৰীৰ ৰস চাৰি/পাঁচ চামুচকৈ পুৱা-গধূলি খাব পাৰিলে শৰীৰৰ পৰা সকলো ধৰণৰ টক্সিন ওলাই যায়। ছালকুঁৱৰী বহু ৰোগৰ মহৌষধ। ইয়াৰ এচামুচ ৰসত সামান্য গৰুৰ ঘিউ মিহলি কৰি খালে অৰ্শ ভাল হয়। প্লীহা বৃদ্ধিত ছালকুঁৱৰীৰ দুচামুচ ৰস অলপ হালধি গুৰি মিহলি কৰি খালে ভাল। উচ্চ ৰক্তচাপত ছালকুঁৱৰীৰ পাত বটি মূৰত প্ৰলেপ দিলে ভাল। মূৰ কামোৰণিতো তেনেদৰে প্ৰলেপ দিলে উপকাৰ পোৱা যায়। কোষ্ঠ কাঠিন্য, ৰক্তপিত্ত, এলাৰ্জী, যৌন শক্তি লোপ পোৱা, চৰ্মৰোগ আদি নানা ৰোগত ছালকুঁৱৰীয়ে সুফল দিয়ে। শিলিখা - আহাৰৰ পিছত দৈনিক দুটাকৈ শিলিখা খাব পাৰিলে পেটৰ যিকোনো সমস্যা যেনে- বদহজম, কৌষ্ঠকাঠিন্য, অৰুচি, এচিডিটী আদি সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি। আয়ুৰ্বেদ শাস্ত্ৰমতে শিলিখা হ’ল সৰ্বৰোগহৰ। শিলিখাই- উচ্চ ৰক্তচাপ, হৃদৰোগ, টিউমাৰ, যকৃতৰ অসুখ, হাঁপানি, ৰক্তহীনতা, বদহজম, অৰুচি, কোষ্ঠকাঠিন্য, দাঁত আৰু চকুৰ অসুখ আদিত ব্যৱহাৰ কৰিলে সুফল দিয়ে। দুপৰটেঙা - প্ৰস্ৰাৱ কম কমকৈ হ’লে দুপৰ টেঙা বটি নাভিত ভৰণ দিলে শীঘ্ৰে প্ৰস্ৰাৱ খোলা হয়। মূত্ৰ পাথৰি ৰোগত দুপৰটেঙাৰ পাত খুন্দি সামান্য চেনি মিহলি কৰি কিছুদিন খালেই ৰোগ উপশম হয়। ভেদাইলতা: পিত্ত ৰোগত ভেদাইলতা আৰু পূৰাকলৰ আঞ্জা খাই থাকিলে ভাল হয়। পেটৰ যিকোনো অসুখত ভেদাইলতা সুফল দিয়ে। দুবৰি বন: ৰক্তৰোধক, ৰক্তবিকাৰ, চৰ্মৰোগ আৰু অৰুচিনাশক। নাকেৰে তেজ পৰিলে দুবৰি বনৰ ৰস কেইটোপালমান নাকত দিলে শীঘ্ৰে আৰাম পোৱা যায়। তেজ গ্ৰহণীত দুবৰি বনৰ ৰস চাৰি চামুচ দুবাৰকৈ তিনি চাৰিবাৰ খালে তেজ বন্ধ হয়। জবা ফুল - জবা ফুল কেইপাহমান বটি মূৰত সানি প্ৰায় এঘন্টাৰ পিছত মূৰ ধুব লাগে। সপ্তাহত এবাৰকৈ এইদৰে কিছুদিন ধুলে উফি নাইকিয়া হয়। সৰু ল’ৰা-ছোৱালীৰ জ্বৰ হ’লে এই ফুলৰ কেইপাহমান হাতেৰে মোহাৰি তালুত ভৰণ দিলে সুফল পোৱা যায়। পচতীয়া: স্মৃতিশক্তি বৃদ্ধিৰ বাবে পচতীয়া পাত ঘিউত ভাজি খাব লাগে। মূৰ বিষালে পচতীয়াৰ শুকান পাতৰ ধোঁৱা ল’লে বিষ কমে। পচতীয়াৰ- পাত এলাৰ্জী, বাত বিষনাশক। বাহক - মেলেৰিয়া আৰু কৃমি ৰোগ নাশৰ বাবে বাহকৰ ফুল নিয়মীয়াকৈ খাব লাগে। বগা বাহকৰ পাতকেইখিলামান পাতত দি খালে কাহ ভাল হয়। নহৰু: নহৰু- পুষ্টিকাৰক, হৃদৰোগ, খৰ খজুৱতি, কৃমিনাশক। নিয়মীয়াকৈ কেঁচা নহৰু খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই তেজ আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। অকল সেয়াই নহয় নিয়মীয়াকৈ নহৰুৰ ব্যৱহাৰে- ছাল আৰু স্তনৰ কৰ্কটৰোগ প্ৰতিৰোধ, কোষ্ঠকাঠিন্য, এচিডিটী, ঘোঁৰাশলখা, স্নায়ৱিক দুৰ্বলতা, মহিলাৰ ঋতুস্ৰাৱ ভাল কৰাৰ উপৰি যৌনশক্তি লোপ পাব ধৰা ব্যক্তিৰ নহৰুৱে টনিকৰ দৰে কাম কৰে বুলি শেহতীয়াকৈ পৰীক্ষা-নিৰীক্ষাই প্ৰমাণ কৰিছে। জেতুকা: জেতুকাৰ পাত বটি মাজে মাজে ভৰিৰ তলুৱাত দিলে উচ্চ ৰক্তচাপত আৰাম পোৱাৰ বাদেও দৃষ্টিশক্তি বৃদ্ধিত সহায়ক হয়। জেতুকাৰ পাত, কেইমুঠিমান, আমলখি, শিলিখা কেইটামান, মহাভৃংগৰাজ, কেহেৰাজ, মানিমুনিৰ কেইখিলামান পাত একেলগে বটি কেইঘন্টামান মূৰত ভালকৈ সানি ধুই দিলে- চুলি সৰা, পকা বন্ধ কৰি নতুন চুলি গজাতো সহায় কৰে। জেতুকাৰ ৰসেৰে ফোঁহা ধুলে ফোঁহা সোনকালে শুকায়। চজিনা: চজিনাৰো আছে অনেক ঔষধি গুণ। ইয়াৰ ফুল, পাত, ফল খাই থাকিলে বাত বিষ উপশম হোৱাৰ লগতে কুকুৰীকণা ৰোগতো সুফল দিয়ে। স্নায়ৱিক দুৰ্বলতা, পিত্ত পাথৰি, বহুমুত্ৰ, যক্ষ্মা, যকৃত আদি ৰোগত চজিনাৰ পাত, ফল সুফলদায়ক। বুকুত কফ বহি গ’লে চজিনাৰ কোমল পাত বগা সৰিয়হৰ লগত আঞ্জা কৰি খাব লাগে। মহানিম- ৰক্তশোধক, এলাৰ্জী নাশক, কৃমিনাশক, দন্তক্ষয়, জ্বৰ, মধুমেহ, মেলেৰিয়া আৰু বসন্ত ৰোগৰো ই উত্তম প্ৰতিৰোধক। নিমপাত নিয়মীয়াকৈ ভাজি খালে- ৰক্ত পৰিষ্কাৰ হয়, এলাৰ্জী কমে, ছাল নিমজ হয়। নিমপাত সিজাই ঠাণ্ডা কৰি মুখ কুল কুলিয়ালে দাঁতৰ বিষ ভাল হয়, এই পানীৰে স্নান কৰিলে খজুৱতিও ভাল হয়। নিতৌ সন্ধিয়া পৰত মহানিমৰ শুকান পাতেৰে ধোঁৱা দিলে মহ, ডাল আদি আঁতৰি যায়। ব্ৰাহ্মী শাক: স্নায়ৱিক দুৰ্বলতাৰ বাবে ব্ৰাহ্মী শাক অদ্বিতীয়। নিয়মীয়াকৈ ব্ৰাহ্মী শাক ঘিউত ভাজি খালে স্মৃতিশক্তিও বৃদ্ধি হয়। স্নায়ৱিক দুৰ্বলতাৰ পৰা হাত সাৰিবলৈ ৫০ মিলিলিটাৰ ব্ৰাহ্মী শাকৰ ৰসৰ লগত ১০ মিলিমিটাৰ বিশুদ্ধ মৌ মিহলি কৰি খাব লাগে। মহা ভৃংগৰাজ: মহা ভৃংগৰাজ পাতৰ ঔষধি গুণ অনেক। ইয়াৰ পাত মাছৰ কণীৰ সৈতে ভাজি খালে ৰক্তহীনতাৰ বাবে ভাল। চুলি সৰা বা পকা বন্ধ কৰিবৰ বাবে মহাভৃংগৰাজৰ পাত ১৫-২০ খিলা ভালদৰে পিচি ৰসখিনি চুলিৰ গুৰিত লগাই এক-ডেৰ ঘন্টাৰ পিছত মূৰটো ধুই পেলাব লাগে। কেইসপ্তাহমান এইদৰে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। নৰসিংহ: ই হৈছে খাদ্যপ্ৰাণ ‘ক’ৰ ভঁৰাল। ইয়াত খাদ্যপ্ৰাণ ‘খ’ লৌহ পদাৰ্থও পোৱা যায়। নৰসিংহৰ পাত চকু আৰু পেট কামোৰণিত ভাল। ৰক্তহীনতাৰ বাবে নৰসিংহ মহৌষধ। লেখক: প্ৰসাদ দাস