পৰিচয় বাহক তিতা এবিধ সৰু শাক জাতীয়। জোপোহা গছ। পাতবোৰ দীঘল দীঘল আৰু এজোপা ৰুলে সোনকালে বিস্তাৰিত হৈ উঠে। আমাৰ ইয়াত বাহক তিতাৰ গছ দুবিধ পোৱা যায়। এবিধ ৰঙা ফুলৰ আনবিধ বগা ফুলৰ। বগা ফুলৰ বিধ দৰৱত ব্যৱহৃত হয়। এই গছৰ পাত, মূল-ছাল সকলো অংগ দৰৱত লগোৱা হয়। ইয়াৰ শাস্ত্ৰীয় নাম-বাশিকা, সিংহিকা, সিংহৰ্পন ইত্যাদি। লিখক: ধৰ্মকান্ত শৰ্মা।