বাসক -

বৈজ্ঞানিক নাম- Adhtoda Vasika, Justicia adhatoda.

বাসক এবিধ মহামূল্যবান বনৌষধী। আয়ুৰ্বেদত বাসকৰ ব্যৱহাৰ প্ৰায় ৪০০০ বছৰ পুৰণি। প্ৰায় ৩০ টা মান ৰোগত বাসকৰ পাত, ফুল, বাকলি আৰু শিপাৰে উপচাৰ কৰা হয়। আহক আজি বাসকৰ বিভিন্ন ৰোগত ব্যৱহাৰ সম্পৰ্কে জানো।

ইয়াত উল্লেখ কৰা বিধান সমূহ পৰম্পৰাগত গত ভাৱে চলি অহা তথ্যৰ ওপৰত আধাৰিত আৰু আলোচনা, তথ্য সংৰক্ষণৰ বাবে উপস্থাপন কৰা হৈছে।

পৰামৰ্শ সমূহ ব্যৱহাৰৰ আগত চিকিৎসকৰ পৰামৰ্শ আৰু তত্ত্বাৱধানত লব -

১.ব্ৰঙ্কাইটিচ-

মাটিৰ পাত্ৰত থোৱা খোৱা পানীত কেইখিলামান পাত পেলাই থব। পিয়াহত এই পানী এগিলাচৰ লগত এচামুচ মৌ মিহলাই খাব।

২.জণ্ডিচ-

১৫ টোপাল পাতৰ ৰস এচামুচ মৌৰ লগত মিহলাই দিনত দুবাৰ খাব।

৩.কাঁহ-

৫/১০ টা পাত এগিলাচ পানীত ১০ মিনিট উতলাই চেকি ইয়াৰ এচামুচ পানী এচামুচ মৌৰ লগত মিহলাই দিনত তিনিবাৰ খাব।

৪.হাঁপানী-

ইয়াৰ শিপা ধুই শুকুৱাই পুৰি ছাই খিনিৰ লগত সমান পৰিমাণে মৌ মিহলাই কাঁচৰ পাত্ৰত থব। ইয়াৰ আধা চামুচ শোৱাৰ আগত চেলেকী খালে চাৰি পাঁচ দিনতে ফল পাব।

৫.মাহেকীয়া –

মাহেকীয়াত মাত্ৰাধিক তেজ গলে দুচামুচ পাতৰ ৰস দিনে দুবাৰ খাব।

৬.পাইল্চ-

৫ মি.লি. পাতৰ ৰস দিনে তিনিবাৰ খাব।

৭.কফ-

শিপা বা বাকলিৰ ক্বাথ ২ চামুচকৈ দিনে দুবাৰ খালে কফ উলাই যাব।

৮.কেনচাৰ-

১ মি.লি. পাতৰ ৰস ছাগলী গাখীৰৰ লগত মিহলাই পুৱা দুচামুচ কৈ ৪০ দিন খাব।

৯.টিউবাৰকুলচিচ-

২০ টোপাল পাতৰ ৰস এচামুচ মৌৰ লগত দিনে তিনিবাৰ খাব। অথবা বাসকৰ ফুলত চেনি চটিয়াই ৰদত মেলিব পুৱা গধুলি চামুচেৰে লৰাব। ৪ সপ্তাহ ৰদত এনেদৰে দি লৰালে ই জামৰ ৰূপ লব। ইয়াৰে আধা চামুচকৈ কুহুমিয়া গাখীৰৰ লগত খাব।

১০.গাঁঠিৰ বিষ-

পাত সেকি গৰমে গৰমে পিহি বিষত লেপ দিব। দুসপ্তাহত বিষ ভাল হব।

১১.লিভাৰ বা যকৃত ৰোগ-

৫/৬ গ্ৰাম পাতৰ ৰস এচামুচ মৌৰ লগত দিনে তিনিবাৰ ১৫ দিন খাব।

১২.ডিচেন্টেৰি-

৫/৬ গ্ৰাম পাতৰ ৰস মৌৰ লগত দিনে তিনিবাৰ।

জ্বৰ -মাটিৰ পাত্ৰত থোৱা পানীত ৫/১০ টা পাত পেলাই থব। ইয়াৰ এগিলাচ পানীত এচামুচ কৈ মৌ মিহলাই দিনে দুই তিনিবাৰ খাব।

১৩.ডাইৰীয়া-

১৫ টোপাল পাতৰ ৰস দিনে দুবাৰ খাব।

১৪.ইনফেক্সন বা সংক্ৰমণ-

২ টোপাল পাতৰ ৰস দিনে দুবাৰকৈ ৩ দিন খাব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ