(Ipomae peniculata)পাতালি কোমোৰা: ই শাক বৰ্গৰ লতাজাতীয় বনৌষধি। ইয়াক সংস্কৃতত- ক্ষীৰবিদাৰী, ক্ষীৰবল্লী, পৰ্যাস্বনী, বিদাৰীকন্দ, ক্ষীৰশুক্লা, ইক্ষুগন্ধা, ক্ৰোষ্টি, বিদাৰীকা, স্বাদুকন্দা, সিতশুক্লা, বীৰ্যবৰ্দ্ধিনী, বিড়ালী, বৃষ্যবল্লিকা, ভুকুষ্মাণ্ডী, স্বাদুলতা, বাৰিবল্লভা, গজেষ্টা, গন্দফলা বোলে। পৰিচয় - ইয়াক শাখা-প্ৰশাখাৰে গছ-গছনি, হাবি-বননিত বগাই বিস্তৃত হৈ থকা দেখা যায়। লতাডালৰ গুড়িত প্ৰথম অৱস্থাত মূলাৰ দৰে আলু হয়। কেইবছৰমান পিছত ইয়াৰ আলু পাঁচ কিলোৰ পৰা দহ কিলোলৈকে বৃদ্ধি পোৱা দেখা যায়। ইয়াৰ লতা বা আলু কাটিলে গাখীৰৰ দৰে পদাৰ্থ ওলোৱাৰ বাবে ইয়াক ‘ক্ষীৰবিদাৰী’ বোলে। লতাডাল মসৃণ হয়। ইয়াৰ পাত চিকহুৱা আলুৰ পাতৰ দৰে পাঁচ বা সাত ভাগত বিভক্ত হৈ থকা দেখা যায়। নাইবা হাতৰ আঙুলি পাঁচোটা মেলি দিলে যেনে দেখা যায়, ঠিক তেনে আকৃতিৰ হয়। পাতাবোৰ লতাডালৰ তিনি-চাৰি ইঞ্চি আঁতৰে আঁতৰে সোঁফালে এটা, আনটো পাত বাওঁফালে এনেকৈ আগলৈ পাত হয়। ফুল-পুষ্পদণ্ডত থোপা-থোপাকৈ হোৱা দেখা যায়। ফুলবোৰ দেখা কল্মৌ শাকৰ ফুলৰ দৰেই। ফুলবোৰৰ ৰঙো তেনেই। পিপাৰ আকৃতিৰ ফুলবোৰ ফুলি লতাডাল মনোমোহা হৈ উঠে। ফুল সৰি গ’লে পুষ্পদণ্ডৰ থোপা থোপাকৈ কল্মৌ শাকৰ ফলৰ দৰে হয়। ফলবোৰৰ ভিতৰত তুলাৰ দৰে পদাৰ্থৰ মাজত তিনিকোণীয়া গুটি পোৱা যায়। ফল পকিলে শুকাই ফাটি তুলাৰ লগত বতাহত দূৰ দূৰণিলৈ যায়। এই গুটি বোৰত বৰষুণ পৰিলে পুলি গজে। এনেকৈ ইয়াৰ গুটি গজি ইয়াৰ বংশবৃদ্ধি হয়। আন এক প্ৰকাৰ ভূইকোমোৰা আছে। ইয়াৰ পাত-ফুল উৰহীৰ দৰে, ফল ছিৰিছ গছৰ ফলৰ দৰে হয়। অসমত ইয়াক মধুৰসা আলু বোলে। গৰম দিনত ইয়াক কেঁচাই খায়। ই ৰসাল আৰু মিঠা। ইয়াৰ লগতা নোলায়। এইবিধৰ নাম বিদাৰী, স্বাদুকন্দা, ক্ষীৰশুক্লা, ইক্ষুগন্ধা, কন্দপলাশ, গজবাজীপ্ৰিয়া, ক্ৰোষ্টি, বিদাৰিকা বোলে। ১ নং গুণ: ক্ষীৰবিদাৰীৰ গুণ: কটু, তিক্ত, কষায়, মধুৰ, শীতবীৰ্য, স্নিগ্ধ, অনুলোমক, পিত্তসাৰক, বীৰ্যবৰ্ধক, কামোদ্দীপক, ৰসায়ন, মূত্ৰ্প্ৰৱৰ্তক, কফকাৰক, কান্তিবৰ্ধক, স্তন্যজনক, স্বৰব্ৰ্ধক, পাচক, ক্ষুধাবৰ্ধক, পিত্ত আৰু ৰক্তবিকাৰ, বাতজ-দাহ-প্ৰমেহ আদি ৰোগ নিবাৰক। ২ নং গুণ: গুৰু, স্নিগ্ধ, মধুৰ, শীতবীৰ্য, মধুৰবিপাক, বাতপিত্ত শামক, স্নেহন, অনুলোমক, পিত্তসাৰক, হৃদ্য, শোণিতস্থাপক, কফনিসাৰক, স্তন্যজনক, মূত্ৰকাৰক, যকৃৎ প্লীহাবৃদ্ধি নিবাৰক, দাহ প্ৰশমক, জ্বৰনাশক, বলকাৰক, বৃহংগন, ৰসায়ন, গৰ্ভপ্ৰদ, কোষ্ঠগতৰুক্ষতা, পিত্তবিকাৰ, বিবন্ধ, হৃদদৌৰ্বল্য, ৰক্তবিকাৰ, স্বৰভেদ, বাতপিত্তজনিত কাহ, প্ৰমেহ, শুক্ৰমেহ, মূত্ৰকৃচ্ছ্ৰ, বিবৰ্ণ, বিষম জ্বৰ, দৌৰ্বল্য, ক্ষয় আৰু শোথৰোগ নাশক। ইয়াৰ মাত্ৰ ৪ গ্ৰাম। যকৃত প্লীহা বৃদ্ধি হ’লে ইয়াৰ আলুৰ গুড়ি তিনি গ্ৰামৰ পৰা ছয় গ্ৰামলৈকে লৈ গৰম কৰি ঠাণ্ডা কৰা গাখীৰ বা পানীৰ লগত কেইদিনমান খালে পিত্তৰস অধিক হৈ শৌচ খোলোচা হয়। কোনো কাৰণে শৰীৰৰ ওজন কমি গ’লে ভূইকোমোৰাৰ গুড়ি ঘিউৰ লগত ভাজি তিনি গ্ৰামৰ পৰা ছয় গ্ৰামলৈকে চেনি মিহলোৱা গৰম গাখীৰৰ লগত কিছুদিন খালে শৰীৰৰ ওজন বাঢ়িব। ইয়াক সকলোৱে সকলো অৱস্থাতে খাব পাৰে। মহিলাৰ স্তন্য দুগ্ধ বৃদ্ধিৰ বাবে ইয়াৰ গুড়ি গৰম গাখীৰৰ লগত খালে উপকাৰ হয়। ঋতু নিয়মিত কৰিবলৈ লগতে কৃশতা নিবাৰণৰ বাবে ইয়াৰ গুড়ি তিনি গ্ৰামৰ পৰা ছয় গ্ৰামলৈকে মাখনৰ লগত দিনে দুবাৰকৈ খাব। স্বপ্নদোষ মূত্ৰাকৃচ্ছ্ৰ আৰু পিত্তজ পেটৰ বিষত ইয়াৰ ৰসৰ লগত জিৰাৰ গুড়ি মিহলাই চেনিৰ লগত খালে উপকাৰ হয়। মূত্ৰকৃচ্ছ্ৰ ৰোগত(কম কমকৈ পেচাব হৈ থকা ৰোগত) ভূইকোমোৰা, গোক্ষুৰ, যষ্ঠিমধু, নাগকেশৰ(নাহৰ ফুলৰ কেশৰ) প্ৰত্যকবিধ ছয় গ্ৰামকৈ লৈ থেতেলিয়াই চাৰিশ গ্ৰাম পানীৰ লগত সিজাই এশ গ্ৰাম থকাত নমাই চেকি মৌৰ লগত খালে পেচাব খোলোচা হয়। পিত্তজ শূল(পেটৰ বিষত) ৰোগত ইয়াৰ ৰস মৌৰ লগত খালে বিষ নাইকিয়া হয়। দুৰ্বল ল’ৰা-ছোৱালীৰ দুৰ্বলতা আৰু কৃশতা নিবাৰণৰ বাবে ভূইকোমোৰাৰ গুড়ি আৰু বাকলিৰে সৈতে ধুই গুড়ি কৰা আলু সমানে মিহলাই ঘিউত ভাজি মৌ আৰু চেনি মিহলাই গৰম গাখীৰৰ লগত খুৱাই থাকিলে ল’ৰা-ছোৱালী হৃষ্টপুষ্ট হয়। নাইবা ভূইকোমোৰাৰ গুড়িৰ লগত পিপলিৰ গুড়ি মিহলাই মৌৰ লগত খুৱালেও হজমী শক্তি বৃদ্ধি হৈ খাদ্যবস্তু সহজে হজম হয়। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন