শৰীৰক পুনৰ নবীকৰন Renew কৰিবলৈ পুনৰ্নৱা

সকলো পুৰনি সামগ্ৰীক আমি নবীকৰন Renew বা নতুন ৰুপলৈ আনিব পাৰো । পিছে শৰীৰক নবীকৰন কৰা বুলি কলে আচৰিত কথা নহয়নে?
ভগৱানে আমাৰ বাবে এনে এবিধ বনৌষধী উদ্ভিদ দিছে যাৰ জৰিয়তে আমাৰ দেহটোক পুনৰ নতুন ৰুপলৈ আনিব পাৰো । সেয়ে আয়ুৰ্বেদত এই উদ্ভিদ বিধৰ নাম "পুনৰ্নৱা" ৰখা হৈছে। গ্ৰাম্যাঞ্চলত বহুতে পনৌনোৱা বুলিও কয়। খৰালি কালত ডালপাত মৰহি থাকে যদিও বৰ্ষাকালত পুনৰ নদনবদন হৈ দেখা দিয়ে অসমৰ বনে জংগলে বা ভাৰত নাইবা বিভিন্ন দেশত পুনৰ্নৱা পোৱা যায় ।
ইংৰাজী নাম Horse purslane ,বনস্পতীয় নাম -- Boerhavia Diffusa মাটিত বগাই যায় আৰু এক দেৰ ফুট ওখ হয় ॥ পাত গোলাকৃতি আৰু তল ভাগ কিছু বগা । সচৰাচৰ বিভিন্ন স্থানভেদে ৰঙা বগা নীলা দাল পাত ফুল যুক্ত ফ৩টা প্ৰজাতি আছে। যেনে :

১। সাথী

২।বিশকপৰা আৰু

৩।পুনৰ্নৱা
ব্যৱহাৰ আৰু সেৱন মাত্ৰা -
পুনৰ্নৱাৰ পঞ্চাংগ অৰ্থাত দাল ,পাত, ফুল ,বীজ, আৰু মূল সকলো অংশই ঔষধত ব্যৱহাৰ হয় । দাল/পাতৰ ৰসৰ মাত্ৰা ২ৰ পৰা ৪ চামুচ ( ১০-২০মি:লি:) মূল বা শিপাৰ ৰস ১--২ চা: আৰু ফুল বা বীজৰ ৰস আধাৰ পৰা ১ চামুচ । দাল-পাত -শিপা সকলো অংশ ব্যৱহাৰৰ মাত্ৰা এবাৰত ১ৰ পৰা ২চামুচ (শুকাই থলেও গুণ নষ্ট নহয়) বয়স অনুসৰি মাত্ৰা মিলাব ।
শাক ভাজি ,তৰকাৰী বা চাতনী হিচাবেও পৰিয়ালৰ সকলোৱে খাব পাৰে ।
আদা শোথ (শুকান আদা) ,তুলসী, পিপলী,শিলিখা, ত্ৰিফলা মৌ ,হালধী আদি ৰোগ অনুসৰি মিহলাই খালে বেচি গুণকাৰী ।
গুণাগুন -
১। পুনৰ্নৱা আমাৰ শৰীৰৰ সৰ্ব ৰোগ নাশক সৃষ্টিকৰ্তাৰ মহৎ দান । ইয়াৰ অত্যধিক বয়স ৰোধ কৰিব পৰাAnti-aging গুণ থকা বাবে নিয়মিত সেৱন কৰা লোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী হোৱাৰ লগতে সদাযৌৱন প্ৰাপ্ত হয় । শাস্ত্ৰত কোৱামতে এজন বৃদ্ধলোকেও পুনৰ্নৱা সেৱন কৰি দীৰ্ঘায়ু আৰু যৌৱন অৱস্থালৈ ঘুৰি আহিব পাৰে ।

পুনঃ পুনৰ্নৱা ভৱতি।
স্বাভাবিক নিৰ্বলী বা ৰোগজনীত দুৰ্বল লোকে গাখীৰেৰে দিনত ২বাৰ খালে পুষ্টি তথা (টনিক সদৃশ) গাত বলশকতি পায় ।
২। দেহৰ যিকোনো অংশ ফুলি গলে (যিকোনো কাৰনত)নাইবা দেহৰ কোনো অংশত পানীজমা হলে বা পেটত জলোদৰ হলে পুনৰ্নৱা অত্যন্ত হিতকাৰী । খোৱাৰ লগতে ফুলা অংশত লেপ দিব পাৰে ।
৩। অৰ্থৰাইটিচ গাথিবিষ বাতবিষ বা গাৰ নানাবিধ বিষত সেৱন আৰু প্ৰলেপ অতি উপকাৰী ।
৪। তেজ পৰিস্কাৰক আৰু বৃদ্ধিকা্ৰক।
৫। কিডনী হৃদয় হাওঁফাঁও যকৃত প্ৰোষ্টেট গ্ৰন্থি আদিক সকলো প্ৰকাৰে সুৰক্ষিত ৰাখে ।

৬। পুনৰ্নৱাৰ বিৰেচল গুণ থকাৰ বাবে শৌচ প্ৰস্ৰাৱ কিছু খোলোচা কৰে আৰু দেহৰ অদৰ্কাৰী পদাৰ্থ বাহিৰ কৰি দিয়ে । প্ৰস্ৰাৱৰ নানা ৰোগ উপসম হয় ।
৭। পাচন ক্ৰিয়া বা পেটত হব পৰা নানাবিধ ৰোগৰ বাবে পুনৰ্নৱা মহৌষধ । শিলিখা বা ত্ৰিফলাৰ লগত খাব পাৰে । খোৱাৰ পিচত।
৮। জণ্ডিচ ৰোগ হলে পুনৰ্নৱা খোৱাৰ লগতে ইয়াৰ শিপা সৰু সৰু ২১টা বা ১০৮টা টুকুৰা কৰি মালা গুথিব আৰু ৰোগ আৰোগ্য নোহোৱালৈকে গলত পিন্ধিব । আৰোগ্য হলে মালাডাল কোনো ডাঙৰ গছত আৰি থব। ।
৯। চৰ্দি জৰ কাহ হাপানি আদি ৰোগত যথেস্থ্য হিতকাৰী আৰু জমা হৈ থকা বা শ্লেষ্মা উলিয়াই দিয়ে । তুলসী, পিপলী, আদা ,শোথ, মৌ আদিৰ লগত খালে বেচি গুণকাৰী । শিশুৰ বাবে কম পৰিমানত ২/৩বাৰ খুৱাব।

১০। চকুৰ ৰোগত পুনৰ্নৱা খোৱাটো হিতকাৰী । চকু ফুলা চকুৰ খজুৱতি পানী ওলোৱা ৰঙা পৰা বা দিনত বা ৰাতি কম দেখা হলে গাখীৰ ,মৌ বা ঘিৰ লগত পুনৰ্নৱা ৰস মিহলাই চকুত অন্জন বা চকুৰ কোণত দুটোপাল দিলে আৰাম পায় ।
১১। ঘা ফোহোৰাত লেপ দিলে সোনকালে পকে আৰু শুকাই যায় ।
১২। বিছাই ডাকিলে, বিষাক্ত কীট আদিয়ে কামুৰিলে পুনৰ্নৱাৰ লেপ লগাব । চালৰ ৰোগৰ বাবে উপকাৰী ।
১৩ । মেদবহুলতাৰ বাবে ক'লাজিৰা,জনীগুটি , পুনৰ্নৱা ১:৩:৫ গ্ৰাম অনুপাতত সিজাই দিনে দুবাৰ খাব ।
ইয়াৰোপৰি অনিদ্ৰা, বমি ভাৱ ,অভোক, লিভাৰ দুৰ্বলতা গনোৰীয়া হেপাটাইটিচ ড্ৰপচী ৰক্তপ্ৰদৰ মুত্ৰকৃচ্ছ,আদি শৰীৰৰ সকলো ধৰনৰ ৰোগতে পুনৰ্নৱা দেহৰ হিতকাৰী বনদৰৱ ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ