পৰিচয় বকুল গছ এবিধ পবিত্ৰ গছ। ই ডাল পাতেৰে বৃহৎ গছ হৈ উঠে। বকুল গছৰ ধুনীয়া বগা সুগন্ধযুক্ত সৰু সৰু ফল হয়। এই ফুল দেৱকাৰ্য্যত ব্যৱহৃত হয়। ফুলৰ কাৰণেই গছজোপা প্ৰসিদ্ধ। বকুল ফুল ৰাতি ফুলে আৰু চৌদিশে সুগন্ধি বিলায়। বকুলৰ শাস্ত্ৰীয় নাম-বকুল, মধুগন্ধা, সিংহকেশৰ। বকুল গছৰ ছাল আৰু ফল বিশেষভাৱে উপকাৰী। লিখক: ধৰ্মকান্ত শৰ্মা।