আম পকা আম বলকাৰক, বায়ুপিত্ত নাশক, পুষ্টিকাৰক আৰু শুক্ৰ বৰ্দ্ধক। কিন্তু কেঁচা আম ত্ৰিদোষজনক আৰু বায়ু-পিত্তবৰ্দ্ধক। আংগুৰ ক্ষয়, জ্বৰ আৰু ৰক্তপিত্তনাশক। অমৰা বায়ু, পিত্ত, ক্ষত আৰু ৰক্তদোষনাশক। অমিতা অৰ্শ ৰক্তপিত্ত, গুল্ম প্লীহা ৰোগত ভাল। কল তৃষ্ণা, দাহ, বায়ু, ক্ষয় ও ৰক্তপিত্তনাশক। ই চকুৰ বাবে হিতকৰ। কঠাল ই শীতবীৰ্য্য সম্বন্বিত, বলকাৰক কিন্তু কফকাৰক। ব্ৰণ, বায়ু, পিত্ত আৰু ৰক্তপিত্তনাশক। গুৰপাকী আৰু পেটৰ অসুখত বেয়া। কঠাল গুটি ই শুক্ৰবৰ্দ্ধক আৰু প্ৰস্ৰাৱকাৰক। কমলা শোথ, ৰক্তদোষ, অৰুচি, বমি, পিত্ত, তৃষ্ণা আৰু শৰীৰ বেদনা নাশক। কাজীটেঙা অৰুচি, কলেৰা, ক্ৰিমি, বাতৰোগ আৰু পেটৰ অসুখত পৰম উপকাৰী। কৰদৈ টেঙা ই বায়ু ও পিত্তনাশক প্ৰস্ৰাৱকাৰক, কোষ্ঠশোধক আৰু শুক্ৰবৰ্দ্ধক। যকৃত প্লীহাৰ ৰোগ বা দুৰ্বলতা নাশ কৰে। খেজুৰ ই পেট ঠাণ্ডা ৰাখে আৰু পুষ্টিকাৰক কিন্তু পিত্তবৰ্দ্ধক। খেজুৰ ৰস ই ভোক বৃদ্ধি কৰে, পুষ্টিসাধন কৰে আৰু শুক্ৰবৃদ্ধি কৰে। ই বাতবেদনাও উপশম কৰে। জাম ইয়ে অতিসাৰ, ব্ৰণ, দাহ, পিত্ত, শ্বাস, কাহ, ৰক্তদোষ নাশ কৰে। তাল তালফল পকিলে কফ আৰু পিত্তবৰ্দ্ধক হয়, আনহাতে শুক্ৰবৰ্দ্ধক আৰু মুত্ৰকাৰক। তেতেলি পকা তেতেলি ভোক বৃদ্ধিকাৰক, কফ আৰু বায়ু নাশক। আনহাতে কেঁচা তেতেলি গুণ ইয়াৰ বিপৰীত। ডালিম ই জ্বৰ, হৃদৰোগ, কন্ঠৰোগ উপশম কৰে। আনহাতে ই বলকাৰক আৰু শুক্ৰবৰ্দ্ধক। নাৰিকল ৰক্তদোষ, বাত আৰু দাহ প্ৰশমিত কৰে। ডাব নাৰিকলৰ পানী পিত্তনাশক, তৃষ্ণনাশক আৰু ক্ষুধাবৃদ্ধিকাৰক। তদুপৰি ই শুক্ৰবৰ্দ্ধক। বেল অগ্নিমান্দ্যকাৰক আৰু মলশোধক। বাদাম ই উষ্ণবীৰ্য্যকাৰক, বাতনাশক, কফকাৰক আৰু বাতপিত্ত নাশক। কিন্তু ৰক্তপিত্ত ৰোগীৰ বাবে অনিষ্টকৰ। লিখক: ধৰ্মকান্ত শৰ্মা।