পিঁয়াজ নোহোৱাকৈ আমাৰ এসাঁজো ভাত নচলে৷বহুতৰ প্ৰিয় খাদ্য হ'ল কেঁচা পিঁয়াজ নাইবা চালাডত মিহলি পিঁয়াজ৷ পিঁয়াজৰ ব্যৱহাৰ ৫হেজাৰৰো অধিক বছৰ পুৰণি৷ বুৰঞ্জীয়ে কোৱা মতে ইজিপ্তত পিৰামিডৰ নিৰ্মাণৰ লগত জড়িত বনুৱাসকলক কামৰ বিনিময়ত পিঁয়াজ দিয়া হৈছিল৷ এচিয়াৰ বিভিন্ন দেশ আৰু মধ্যপ্ৰাচ্যত বহু হাজাৰ বছৰৰ পৰা পিঁয়াজৰ খেতি চলি আহিছে৷ কলম্বচে পিঁয়াজৰ সঁচ বেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ লৈ যায়৷আজি বিশ্বৰ অধিক পিঁয়াজ উৎপাদনকাৰী দেশৰ তালিকাত আমেৰিকাও আছে৷আন আন দেশ হ'ল-ভাৰত, পাকিস্তান, চীন, ৰাচিয়া, স্পেইন, ইজিপ্ত৷পিঁয়াজ ডাঙৰ, মজলীয়া আৰু সৰু তিনিটা আকাৰৰ হয়, সৰহ সংখ্যক খেতি মজলীয়া বিধৰ হয়৷আকৌ সচৰাচৰ আমি দেখা ৰঙা বিধৰ বাহিৰে এবিধ বগা পিঁয়াজো আছে৷পিঁয়াজৰ ব'টানিকেল নাম হ'ল- এলিয়াম চিপা(Allium cepa) পিঁয়াজৰ গুণাগুণ ইয়াক এবিধ উত্তম খাদ্যৰ তালিকাত ৰাখিব পাৰি৷ কাৰণসমূহ চমুকৈ: পিঁয়াজত এলিচিন ( Allicin )নামৰ ৰাসায়নিক তত্ব থাকে-যাৰ ফলত ই হৈ পৰে বেক্টেৰিয়া,ফাংগাচ আৰু ভাইৰাচ প্ৰতিৰোধকাৰী৷ কলেষ্টৰল কমায়৷ তেজৰ নলীৰ কঠোৰতা (stiffness ) কমায়, যাৰ ফলত ৰক্তচাপ কমে৷ প্লেটলেটক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমে৷ ট্ৰেচ মিনাৰেল ক্ৰমিয়াম থকাৰ ফলত ইনচুলিনে ভালদৰে ক্ৰিয়া কৰে আৰু ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক হয়৷ কোৱেৰচেটিন (Quertin) নামৰ এন্টিঅস্কিডেন্ট আছে যি হ'ল কেঞ্চাৰ প্ৰতিৰোধকাৰী, এন্টি-ইনফ্লেমটৰী আৰু ডায়েবেটিজ প্ৰতিৰোধকাৰী৷ ভিটামিন-বি কমপ্লেস্ক থকাৰ বাবে মগজুৰ ক্ৰিয়াত সহায়ক হয়৷ ভিটামিন-চি, মেংগানিজ, পটাচিয়াম আাদি থকাৰ ফলত শীতকালীন ৰোগ প্ৰতিৰোধত সহায়ক হয়৷ এজনে মানুহে দৈনিক কিমান পিঁয়াজ খাব লাগে জানেনে? যিমান মূল্য বাঢ়িলেও সেয়া আপোনাৰ বলে পোৱাৰ ভিতৰত থাকিব বুলিয়েই মোৰ বিশ্বাস৷কিয়নো মজলীয়া চাইজৰ আধা পিঁয়াজেই দিনটোৰ বাবে যথেষ্ট ৷অসমত, গুৱাহাটীত আৰু আন আন অঞ্চলত বৰ্তমান পিঁয়াজৰ মূল্য প্ৰতি কিলোত কিমান চলি আছে বাৰু? বাতৰিমতে দেশৰ সৰ্বাধিক পিঁয়াজ উপাদন হোৱা ঠাই মহাৰাষ্ট্ৰৰ নাচিকত ইয়াৰ মূল্য ৪০ৰ ওচৰ চাপিছেগৈ৷ বতৰৰ বিধি-পথালিৰ বাবে পিঁয়াজৰ খেতি বেয়া হলে মূল্য ১০০টকালৈকে উধাব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে৷দিল্লী, নয়ডাত ৪৫ ৰ পৰা ৫৫ টকা চলি থকা বুলি জনা গৈছে৷ লিখক: ডা০ ভূপেন শইকীয়া।