চহৰত নেদেখিলেও গাওঁ অঞ্চলত এইবিধ গছ দেখিবলৈ পোৱা যায়। ই এবিধ প্ৰসিদ্ধ ঔষধি গছ। ইয়াৰ গছ গাৰোমাহৰ নিচিনা দেখি। পচতীয়া গছ বৰ উপকাৰী গছ। ইয়াৰ পাতৰ বতাহ লাগিলে মানুহৰ শৰীৰৰ বাতৰ বিষ দূৰ হয়। পচতীয়া সাধাৰণতে চাৰিবিধ। বগা আৰু নীলা ফুলৰ পচতীয়া বিধহে আমাৰ ইয়াত পোৱা যায়। পাত, গছৰ ছাল, শিপা ফুল আৰু গুটি ঔষধত ব্যৱহাৰ কৰা হয়।

পৰিমাণ

কেঁচা পাতৰ ৰস দুই তোলা। গছৰ ছালৰ ৰস দুই তোলা, গুটিৰ চূৰ্ণ দুই অনা। ক্কথ বা কহৰ কাৰণে ছাল, পাত বা শিপা দুই তোলা লৈ থেতেলাই চাৰিগুণ পানীৰে সিজাই চাৰিভাগৰ এভাগ ৰাখিব লাগে।

গুণাগুণ আৰু ব্যৱহাৰ

বেদনা নিবাৰক, প্ৰস্ৰাৱ কাৰক, বলকাৰক আৰু জ্বৰনাশক। ইয়াৰ তিতা, কেঁহা, জলা ৰস থাকে। ই অগ্নিবৰ্ধক, কফ্ আৰু পিত্তবৰ্ধক, চুলি আৰু চকুৰ হিতকাৰক, শৰীৰৰ বৰ্ণবৰ্ধক, মেধাজনক আৰু স্মৃতিশক্তি বৃদ্ধিকাৰক। জ্বৰ, প্লীহা, যকৃত গুল্ম অৰুচি, শোথ, কৃমি, আমদোষ, আমবাত, সকলো প্ৰকৃৰ বাত, ব্যাধি, কাহ, শ্বাস, প্ৰত্তিশ্যায় শূল, ব্ৰণ, দুষ্টব্ৰণ, কুষ্ঠ, বেহুচ, গলৰ বেমাৰ, বিষদোষ মেদৰোগ আৰু সন্ধিবাত আদি ৰোগ নাশক। পচতীয়াৰ পাত অতি উপকাৰী। যিকোনো ঠাইত উখহি জামৰি যায়। ফোঁহা আদিত লেপ দিলে ফোঁহা বহি যায় বা পকি ফাটি পূঁজ পানী বাহিৰ হৈ যন্ত্ৰণাৰ উপশম ঘটে। যিকোনো বাত বিষ আদিত পচতীয়াৰ পাতৰ সেক দিলে আশাতীত ফল পোৱা যায়। প্ৰসূতিৰ হাত, ভৰি, কঁকাল আদি বিষালেও পচতীয়াৰ পাতৰ সেক ল’লে ভাল ফল পোৱা যায়। এনেবোৰ বেমাৰত অকল সেক দিলে নহয় পাতৰ ৰস থেতেলিয়াই এবাৰ বা দুবাৰ খাবও লাগে।

বহুদিনীয়া পুৰণি জ্বৰ, মেলেৰিয়া জ্বৰ, জীৰ্ণ জ্বৰ, পালা জ্বৰ, তিয়াজ্বৰ, যকৃৎ, প্লীহা আদি বৃদ্ধি হোৱা আদি বেমাৰত পচতীয়া বৰ উপকাৰী।

শিপাৰ চূৰ্ণ আধা তোলা বা পাতৰ চূৰ্ণ আধা তোলা সদায় ব্যৱহাৰ কৰিলে তিয়াজ্বৰ ভাল হয়। শ্বাস আৰু কাঁহ ৰোগত শিপাৰ চূৰ্ণ ১ ৰতি বা ২ ৰতি, দুই তোলা পৰিমাণে আৰৈ চাউল ধোৱা পানীৰ লগত কিছুদিন ব্যৱহাৰ কৰিলে আৰোগ্য লাভ কৰিব পাৰি।

গুণাগুণ

পচতীয়াৰ পাতৰ ৰস দূষিত বীজাণুনাশক। ইয়াৰ ৰস ঘাত লগালে স্ৰাৱ নষ্ট হৈ শুকাই যায়। পচতীয়াৰ শিপা আৰু পাত থেতেলাই ৰস উলিয়াই সেই ৰসৰ পৰিমাণে তিল তেল লৈ একেলগে পগাই ল’ব লাগে। এই তেল গাত ঘঁহিলে সকলো চৰ্মৰোগ যেনে- পকতীয়া, চমৰীয়া, নাড়ীব্ৰণ, দূষিত ঘা, বেহুচ, খৰ আদি ভাল হয়।

চৰ্দি জ্বৰ, কাঁহ আদিত পচতীয়াৰ পাতৰ ক্কথ দুই তোলা আৰু তাৰ লগত ২/৩ ৰতি পিপলিৰ গুড়ি মিলাই ব্যৱহাৰ কৰিলে বেমাৰৰ উপশম হয়। ৰক্তপিক্ত অৰ্থাৎ নাক-মুখেৰে বা শৌচ-প্ৰস্ৰাৱৰ লগত তেজ পৰিলে পচতীয়াৰ পাত ঘিউত ভাজি শাকৰ নিচিনাকৈ খাব লাগে। পচতীয়াৰ পাত গাৰুৰ তলত লৈ শুলে মূৰৰ বিষ ভাল হয়। কাণেৰে পূঁজ ওলোৱা, কাণ পকা আৰু কাণৰ বিষত পচতীয়াৰ পাতৰ ৰস টোপটোপকৈ দিলে কাণৰ বেমাৰ ভাল পোৱা যায়। পচতীয়াৰ পাত ৰ’দত শুকাই গুড়ি কৰি নাকেৰে নস্য ল’লে গমণ্ডালা, গলৰ বেমাৰ, নাকৰ বেমাৰ, মূৰৰ বিষ আদি ভাল হয়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।