এটা সম্পূৰ্ণ নেমুত প্ৰায় চল্লিশ মিলিগ্ৰাম ভিটামিন- চি থাকে। এই পৰিমাণটো এগৰাকী লোকক এদিনৰ বাবে প্ৰয়োজনীয় ভিটামিন- চিৰ সমান। আমাৰ শৰীৰত থকা প্ৰতিৰোধী কোষসমূহ গতিশীল তথা কাৰ্যক্ষম কৰাৰ লগতে কলাজেন তৈয়াৰ কৰিবৰ বাবে শৰীৰে ভিটামিন- চি ব্যৱহাৰ কৰে। কলাজেন হৈছে এবিধ কলা গঠনকাৰী দ্ৰব্য, যি শৰীৰৰ ক্ষতস্থান আৰোগ্য কৰাত সহায় কৰে। সেইবাবে কটা- ছিঙা আদিত চিকিৎসকে নেমু খাবৰ বাবে পৰামৰ্শ দিয়ে। তদুপৰি নেমুত চাইট্ৰিক এচিডো থাকে। চাইট্ৰিক এচিডে অতিৰিক্ত কেলছিয়াম জমা কৰাত বাধা দিয়ে বাবে শৰীৰত সৰু সৰু পাথৰ সৃষ্টিৰ সম্ভাৱনা হ্ৰাস পায়। গৰমৰ দিনত আমি নেমুৰ ৰসেৰে ঘৰতে তৈয়াৰ কৰা চৰবত অতি উপকাৰী, যি আমাক সতেজতা প্ৰদান কৰে। দুটোপাল নেমুৰ ৰস দি খোৱা ফিকা চাহকাপো শৰীৰৰ বাবে উপকাৰী। নেমুৰ ৰসত থকা টেঙা সোৱাদটোত ৰুটিন নামৰ এটি এণ্টিঅক্সিডেণ্ট থাকে। এই এণ্টিঅক্সিডেণ্টে শৰীৰৰ সিৰা আৰু সূক্ষ্ম সিৰাসমূহৰ দেৱালবোৰ মজবুত কৰাৰ লগতে সিৰাৰ যিকোনো বিষ নিৰাময় কৰাত সহায় কৰে, উদাহৰণ- মহিলাৰ গৰ্ভাৱস্থাৰ পাছত দেখা দিয়া ভৰিৰ ভেৰিকজ ভেইনৰ বিষ। মুখত পৰা বয়সজনিত দাগ নিৰাময়ৰ ক্ষেত্ৰতো নেমুৰ ৰস উপকাৰী। নিয়মিতভাৱে নেমুৰ ৰস লগালে এনে দাগৰ প্ৰভাৱ কমাৰ উপৰি শালমনজনিত সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি। উৎসঃ অসমীয়া খবৰ