বনৰ পুলিটো বাৰিষাকালত প্ৰায় সকলো ঠাইতে উৎপন্ন হয় আৰু গৰমৰ বতৰত শুকাই যায় । ইয়াৰ উচ্চতা প্ৰায় একৰ পৰা তিনিফুট হয় । ইয়াৰ পাতবোৰ মোহাৰি দিলে তুলসীৰ দৰে এটা গোন্ধ ওলায় । দোৰোণ বনত শৰৎকালত ফুল ফুলে আৰু হেমন্তকালত ফল লাগে । সাধাৰণভাবে দোৰোণ বন ৰান্ধনিশালত শাক হিচাপে ব্যৱহাৰ কৰা হয়, যদিও আয়ুৱেদিক ঔষধ হিচাপেও ইয়াৰ বিশেষ উপযোগিতা আছে ।

দোৰোণ বনৰ গুণ -

(১) ই মন প্ৰসন্ন কৰি তোলে ।

(২) ই কফ দূৰ কৰে ।

(৩) ই বিষ নষ্ট কৰে ।

(৪) ই পেটৰ কৃমিসমূহ নাশ কৰে ।

(৫) ইয়াৰ শাক খালে ভোক বৃদ্ধি হয় ।

দোৰোণ বনৰ কেইটামান ঔষধীয় প্ৰয়োগ -

(১) দোৰোণ বনৰ সজীৱ ৰস শৰীৰৰ খজুৱতি হোৱা স্থানত লগালে খজুৱতি দূৰ হয় ।

(২) সাপে খুটিলে দোৰোণ বনৰ এচামুচ ৰস দুটা জালুক পিহি একেলগে মিহলাই ইয়াৰ এটা মাত্ৰা দিনে তিনিৰ পৰা চাৰিবাৰলৈ ৰোগীক খুৱাব লাগে । লগতে ইয়াৰ পাতৰ ৰস দুইৰ পৰা তিনি টোপাল চাৰিৰ পৰা পাঁচবাৰলৈ ৰোগীৰ চকুত দিলে বিষৰ প্ৰভাৱ নোহোৱা হয় ।

(৩) দোৰোণ বন আৰু মহানিমৰ পাত একেলগে পিহি প্ৰলেপ তৈয়াৰ কৰি শৰীৰৰ বিষ হোৱা স্থানত লগালে আৰাম পোৱা যায় ।

(৪) কাহ হলে এক চামুচ দোৰোণ বনৰ ৰসৰ লগত আধা চামুচ শিলিখাৰ চূৰ্ণ মিহলাই দিনে দুই-তিনিবাৰ খাব লাগে ।

(৫) গাঠিৰ বিষত এক চামুচ দোৰোণ বনৰ ৰসৰ লগত সমান পৰিমাণৰ আহঁতৰ চূৰ্ণ মিহলাই পুৱা-গধূলি খালে আৰাম পোৱা যায় ।

(৬) দোৰোণ বনৰ ৰস দুই-দুই টোপালকৈ লৈ নাকৰ ফুটা দুটাত দিব লাগে আৰু ইয়াত দুটা জালুক পিহি মূৰত প্ৰলেপ দিলে মূৰৰ বিষত আৰাম পোৱা যায় ।

(৭) দোৰোণ বনৰ পাতৰ ৰস দুই-দুই টোপালকৈ প্ৰতিদিনে পুৱা-গধুলি চকুত দিলে জণ্ডিছ ৰোগত আৰাম পোৱা যায় ।

(৮) পেটত গেছ হলে দোৰোণ বনৰ ৰস পাঁচৰ পৰা দহ মিলিলিটাৰ জোখত লৈ পুৱা-গধূলি সেৱন কৰিলে আৰাম পোৱা যায় ।

(৯) জ্বৰ হলে পাঁচটা জালুকৰ চূৰ্ণ দুই চামুচ দোৰোণ বনৰ ৰসৰ লগত মিহলাই সেৱন কৰিব লাগে ।

(১০)দোৰোণ বনৰ ৰস উলিয়াই প্ৰতিদিনে দুই-তিনিবাৰকৈ নখত লগালে নখত উৎপন্ন বিষ তথা নখ উখহি যোৱা ৰোগ ভাল হয় ।

(১১) দোৰোণ বনৰ শুকান ফুল আৰু ধতুৰাৰ ফুল সমপৰিমাণে লৈ ধুম্ৰপান কৰক । এনে কৰিলে শ্বাস-প্ৰশ্বাসজনিত ৰোগ অষ্টমাত আৰাম পোৱা যায় ।

(১২) দোৰোণ বনৰ শিপাৰ চূৰ্ণ আধা চামুচ মাত্ৰাত লৈ ১ গ্ৰাম আহঁতৰ চূৰ্ণৰ সৈতে পুৱা-গধূলি কিছু সপ্তাহলৈকে সেৱন কৰিলে যকৃত আৰু প্লীহা বৃদ্ধিৰ ৰোগত আৰাম পোৱা যায় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া