পুৰাণ আৰু ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্রতীকৰূপে দূবৰিবন বা দুৰ্বাবনক গ্রহণ কৰা হৈছে । পূজা পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰি বন ব্যৱহাৰ কৰা হয়। বিয়া বিলাকত দূবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। দূবৰি প্রায় সকলোৰে বাবে তাৰ আচল নামেৰেই পৰিচিত তথাপিও ইয়াৰ অন্য কিছুমান নামো আছে

দূর্বা (সংস্কৃত),
দূর্বা (বাংলা)
দুব (হিন্দি আৰু উৰিয়া)
দূর্বা সহস্রবীর্য ও শত পার্বিকা নামেৰেও পৰিচিত
যাৰ বৈজ্ঞানিক নাম হ'ল
Cymodun dactylon pers.

দুবৰি বন কেৱল তৃণভোজী প্ৰাণীৰেই খাদ্য নহয়। ই মানুহৰো পুষ্টিকৰ আহাৰ ! ঔষধি গুণেৰে ভৰপুৰ হোৱাৰ বাবে আয়ুর্বেদিক শাস্ত্রত ইয়াক মহৌষধী বোলা হয় । আজি জানো আহক এই দুবৰি বনৰ বিভিন্ন গুণাগুণ।

সাধাৰণ চিকিৎসাত দুবৰি বন ব্যবহাৰৰ উপায়:

দুবৰিৰ ৰস: ১০-২০ মি.লি.

দূবৰি মূল চূর্ণ: ৩-৬ গ্রাম

পাতৰ চূর্ণ: ১-৩ গ্রাম

পানী : ৪০-৮০ মি.লি।

সকলোখিনি একেলগে মিহলাই চৰবতৰ নিচিনা পান কৰিব লাগে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা: দুবৰি বনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । ইয়াত বিদ্যমান ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ ক্ষমতা যিয়ে শৰীৰক যিকোনো ধৰনৰ ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শক্তি প্রদান কৰে।

পুষ্টিৰে ভৰপুৰ থকা বাবে দুবৰি বন শৰীৰক সক্রিয় আৰু শক্তিশালী ৰখাত সহায়ক। ই অনিদ্রা, ক্লান্তি, স্ট্রেচ ইত্যাদি ৰোগৰ বাবে লাভজনক।

ঔষধি গুণাগুণ -

১.দুবৰি বন সন্তান ধাৰণৰ ক্ষেত্রত সম্ভাবনাময় ঔষধ । গৰ্ভধাৰণত অসমর্থ হলে দুর্বা আৰু আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি /চাৰিদিন খালে উপকাৰ পোৱা যায়।

২.পুৰাতন আমাশয় আৰু পুৰাতন উদৰাময়েত দূর্বা বনৰ ৰস ব্যবহাৰ কৰা হয়।এইক্ষেত্ৰত দুবৰি বনৰ ৰস এৱা গাখীৰৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়।আমাশয়ত দুবৰি বনৰ ৰস ২ ৰ পৰা ৩ চামুচ ডালিমৰ পাত বা ডালিমৰ ছালৰ ৰস ৪ৰ পৰা ৫ চামুচ মিহলাই প্ৰতিদিনে ৩ বা ৪ বাৰ খাব লাগে । এনেকৈ ১০ ৰ পৰা ১৫ দিন খালে আমাশয় ভাল হৈ যাব।

৩.আয়ুর্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্তস্রাব হব পাৰে । এইক্ষেত্ৰত দুর্বা বনৰ ৰসৰ লগত কেঁচা গাখীৰ মিহলাই খুৱালে ৰোগৰ উপশম হয়।

৫. যাৰ খুব চুলি সৰে তেওঁ এটি পাত্রত এক লিটাৰ নাৰিকল তেল কম তাপত গৰম কৰি লওক । তাৰপিছত দুবৰি বনৰ ৰস ২০০ মিলি সম্পূর্ণ তেলত মিহলাই পুনৰ গৰম কৰক ।চুলাৰ পৰা নমাই ছেকি সংৰক্ষণ কৰি ৰাখিব । গা ধুৱাৰ এঘণ্টা আগত সেই তেল চুলিত ভালদৰে লগাওক । নিয়মিত ২ ৰ পৰা ৩ মাহ ব্যবহাৰ কৰিলে চুলি সৰা বন্ধ হব।

৬.দুবৰি বনৰ গুড়িৰে দাঁত মাজিলে পায়োৰিয়া (দাঁতৰ পৰা তেজ ওলোৱা ) কমে ।

২.শৰীৰৰ কোনো স্থানত কাটিলে দুর্বা বন থেতালি আক্রান্ত স্থানত প্রলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়। এইক্ষেত্ৰত দুবৰিৰ শিপা ব্যবহাৰ কৰিলে বেছি উপকাৰ পোৱা যায়।
৩.বমি বমি ভাব বন্ধ কৰাৰ বাবে দুবৰি বনৰ ৰস ২ৰ পৰা ৩ চামুচ ১ চাহ চামুচ চেনিৰ লগত মিহলাই ১ ঘণ্টা পিছে পিছে খাব লাগে । বমি ভাব কমি গলে খোৱা বন্ধ কৰিব লাগে।

শ্বেতপ্রদৰ জনিত দূর্বলতাত দুবৰি বন আৰু কেঁচা হালধীৰ ৰস সমপৰিমাণে মিহলাই খালে ৰোগীৰ দূৰ্বলতা কমি যায়।

প্রস্রাব কৰাত কষ্ট হয় অথচ পাত্থৰ নহয়, এইক্ষেত্রত দুবৰি বনৰ ৰস গাখীৰ আৰু পানী মিহলাই খালে ভাল ফল পোৱা যায় ।যদিহে অৰ্শৰোগ থাকে তেতিয়াহলে ইয়াক নোখোৱাই ভাল।

অন্যান্য ব্যবহার: ওপৰোক্ত উপকাৰিতাৰ উপৰিও দুবৰি বন নিম্নোক্ত উপকাৰো কৰে।

দুবৰি বনত প্ৰচুৰ ফ্লেভিনয়েডচ থাকে।যিয়ে আলচাৰ প্ৰতিৰোধৰ কাম কৰে।

ই গ্লুকোজৰ পৰিমাণ কম কৰি ডায়েবেটিজ নিয়ন্ত্ৰণ কৰিব পাৰে ।

তেজৰ কলেষ্টেৰলৰ মাত্রা কম কৰি হৃদপিণ্ডক সুস্থ কৰি ৰাখে।

চৰ্দি-কাহৰ সমস্যা দূৰ কৰে ।

কাটিলে দুবৰি থেতালি লগালে ৰক্তপাত বন্ধ হয়।

ডাঃ মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ