সুস্বাদু ফলৰ ভিতৰত ডালিমো এবিধ সুস্বাদু ফল। ডালিম গছ প্ৰায় সকলো মানুহৰ ঘৰতে আছে। ই সকলো ঠাইতে জন্মে। ফলৰ আস্বাদ ভেদে ডালিম তিনি প্ৰকাৰৰ। যেনে- মিঠা, মিঠা টেঙা আৰু টেঙা। এই তিনিবিধ ডালিমৰ ভিতৰত মিঠা ডালিমৰ (মধুৰ) ফল অতি উপকাৰী। বেমাৰত পথ্য হিচাবেও ইয়াক ব্যৱহাৰ কৰা হয়। পশ্চিমৰ দেশত উৎপন্ন হোৱা ডালিমৰ ফল আমাৰ ইয়াত হোৱা ফলতকৈ ডাঙৰ আৰু সুস্বাদু। সেইবোৰক বেদনা বোলে। বেদনাৰ গছো এবিধ ডালিমৰ গছেই। মাথোঁ আকৃতি আৰু স্বাদৰহে পাৰ্থক্য। পৰিমাণ ডালিম গছ উপকাৰী। ইয়াৰ গছৰ ছাল, পাত, ফুল আৰু ফল আটাইবোৰ বস্তুৰেই ঔষধি গুণ আছে আৰু সেইবাবে ইয়াক দৰৱ হিচাবে ব্যৱহাৰ কৰা হয়। পাতৰ ৰস এক বা দুই তোলা, শিপাৰ ৰস এক তোলা, ছালৰ ৰস বা কহৰ মাত্ৰা এক বা দুই তোলা, ফলৰ বাকলিৰ ৰস এক তোলা, শুকোৱা চূৰ্ণ মাত্ৰা দুই অনাৰ পৰা চাৰি অনালৈকে। ডালিম ফলৰ ৰসৰ মাত্ৰাৰ কোনো নিৰ্ণয় নাই। তথাপি দৰৱ হিচাবে অনুপাতত এক তোলাৰ পৰা দুই তোলাতকৈ পকা ডালিমৰ ৰস অধিক উপকাৰী। গুণাগুণ আৰু কাৰিকৰী জ্ঞান গুণাগুণ হিচাবে ডালিম গছ অতি গুৰুত্বপূৰ্ণ গছ। ডালিম ফলত মিঠা, টেঙা, কেহা ৰস থাকে। শীতল, লঘূপাকী, উষ্ণবীৰ্য, ৰুচিকাৰক, অগ্নিবৰ্ধক মনৰোধক। অতিশয় শ্ৰান্তিনাশক, জ্বৰ, অতিসাৰ, কাহ, শ্বাস, অৰুচি, তৃষ্ণতা, গ্ৰহণী, বায়ুপিত্ত আৰু কফ বেমাৰৰ শান্তিকাৰক। মিঠা ডালিম মধুৰ (মিঠা) আৰু ঈষৎ কৰায় (কেহা) ৰসযুক্ত, লঘু, স্নিগ্ধ, তৃপ্তিকাৰক, শুক্ৰবৰ্ধক, বলকাৰক, মেধাজনক ধাবক আৰু ই মুখ পৰিষ্কাৰ কৰে। ত্ৰিদোষ, দাহ জ্বৰ, তৃষ্ণা, গ্ৰহণী অতিসাৰ, হৃদৰোগ, কন্টগত ৰোগতো ই বৰ উপকাৰী। ডালিম গছৰ বাকলি ৰক্তৰোধক, অগ্নিবৰ্ধক, পাচক আৰু অতিসাৰ নিবাৰক। ডালিমৰ পাত অগ্নিদীপক, ৰক্তৰোধক, কৃমিনাশক আৰু অতিসাৰ নিবাৰক। ডালিমৰ শিপা কেঁহা ৰসযুক্ত। কফ্ আৰু কৃমি ৰোগৰ উপশম ঘটায়। ডালিম গছৰ মূলৰ বাকলি কৃমিনাশক আৰু ফলৰ বাকলি কৃমি সংকোচক। সকলো কৃমিতে ডালিমৰ মূলৰ ছাল বা গছৰ বাকলি উপযুক্ত মাত্ৰাই ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। ল’ৰা-ছোৱালীৰ কৃমিৰ উপদ্ৰৱ যেনে- জ্বৰ, দাঁতৰ বিষ, পেট ফিকা, হাগনি, বমি আদি লক্ষণতো ডালিমৰ শিপাৰ ৰস খুৱালে অতি উপকাৰ পোৱা যায়। ডালিমৰ শিপা এক তোলা, বিড়ংগ আধা তোলা পৰিমাণে বটি বা কহ তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে কৃমি অন্ত্ৰৰ ভিতৰত মৰি ওলাই যায়। ফিটা পেলুতো ডালিমৰ শিপাৰ ছালৰ ৰসত বেছি ফল পোৱা যায়। ডালিম গছ এনে উপকাৰী গছ যে ইয়াৰ শৰীৰৰ কোনো এটা অংশও অদৰকাৰী নহয়। ইয়াৰ প্ৰতিটো অংগৰেই কিবা নহয় কিবা এটা ঔষধি গুণ আছে। ডালিমৰ ফুল ৰক্তৰোধক আৰু সংকোচক। নাকেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ ডালিম ফুলৰ ৰস উলিয়াই নাকেৰে নস্য ল’ব লাগে। তেনে কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয়। ডালিম ফুলৰ ৰস দূৱৰি বনৰ ৰস সমান ভাগে মিহলাই দিনে দুই বা তিনিবাৰ নস্য ল’লে বহুদিনীয়া পুৰণা তেজ ওলোৱা বেমাৰো আৰোগ্য হয় আৰু ৰোগীক সবল কৰি তোলে। ডালিম ফলৰ পানীয় ৰোগৰ বলবৰ্ধক। ফলৰ ৰস, চেনি আৰু পানী মিহলাই পানীয় তৈয়াৰ কৰা হয়। এই পানীয় ৰোগীয়ে সেৱন কৰিলে তৃষ্ণা, দাহ জ্বৰ আৰু মুখৰ দুৰ্গন্ধ নষ্ট হয়। জ্বৰ বা অন্যন্য সকলো প্ৰকাৰ ৰোগত, দূৰ্বলতা, বায়ু বৃদ্ধি আদি সকলো অৱস্থাতে ডালিমৰ ৰস অমৃতৰ নিচিনা উপকাৰী। ৰোগীৰ পথ্য হিচাবে ই সদায় ব্যৱহাৰ হয়। ডালিমৰ ৰস অত্যন্ত পুষ্টিকাৰক আৰু বক্ষ সবলকাৰক। ত্ৰিদোষ শান্তিকাৰক। গ্ৰহণী, অতিসাৰ আদি ৰোগত ডালিম গছৰ পাত আৰু ফলৰ বাকলি অতি উপকাৰী। শৌচৰ লগত তেজ, শাঁও পৰিলে ডালিমৰ পাতৰ ৰস বা ফলৰ বাকলিৰ ৰস বা কহ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। কেঁচা ডালিমৰ ফল জুইত সেকি ৰস উলিয়াই মৌৰ লগত এক তোলা পৰিমাণে দিনে দুই বা তিনি বাৰকৈ সেৱন কৰিলে সকলো প্ৰকাৰৰ অতিসাৰ বন্ধ হয়। ৰক্তপিত্ত আৰু অন্যান্য কাৰণে মুখেৰে তেজ পৰিলে ডালিম ফলৰ ছালৰ চূৰ্ণ দুই অনাৰ পৰা চাৰি অনা মাত্ৰাই ব্যৱহাৰত ভাল ফল পোৱা যায়। ডালিমৰ শুকান পাত চাহৰ নিচিনাকৈ গৰম পানীত তিয়াই খালে অতিসাৰ, গ্ৰহণী, মুখ দুৰ্গন্ধ আদি দূৰ হয়। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।