বৈজ্ঞানিক নাম- Annona squamosa. এবিধ সুস্বাদু আৰু পুষ্টি গুণেৰে ভৰপূৰ ফল। চৰিফাত ভিটামিন-চি এন্টিঅক্সিডেন্ট থাকে। যি বহু ৰোগ প্ৰতিৰোধ কৰে আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ইয়াত পৰ্যাপ্ত পটাছিয়াম, মেগনেচিয়াম, ভিটামিন-এ, কেলচিয়াম, কপাৰ, ফাইবাৰ আৰু ফচফৰাচ থাকে। চৰিফা সেবনে হৃদৰোগ, চৰ্মৰোগ, হাড় মজবুত আৰু ৰক্তচাপ নিয়মীয়া কৰে। চৰিফাই ফোঁহা, ঘাঁ আৰু দাঁতৰ মাড়ীৰ সমস্যা নিৰাময় কৰে।ইয়াৰ পাতে কেনচাৰ প্ৰতিৰোধ কৰে আৰু বাকলিয়ে দাঁতৰ আৰু নাড়ীৰ বিষ নিৰাময় কৰে। চৰিফাই বিশেষ ভাৱে হৃদস্বাস্থ্য উন্নত কৰে। গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী। ই দৃষ্টিশক্তি উন্নত কৰাৰ লগতে আৰ্থাৰাইটিচ, অৱসাদ নিৰাময় কৰে আৰু ৰক্তহীণতা দূৰ কৰে। চৰিফাত থকা ভিটামিন চি এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেল্চ বা মুক্তকণা সমূহক বাধা দিয়ে আৰু সাম্ভাব্য বহুৰোগ প্ৰতিৰোধ কৰে। ভিটামিন এই ছাল, চুলি আৰু দৃষ্টিশক্তি উন্নত কৰে। পটাচিয়ামে অৱসাদ/ভাগৰ দূৰ কৰি কৰ্ম চঞ্চলতা বঢ়োৱাৰ লগতে স্নায়বিক দূৰ্বলতা দূৰ কৰে। মেগনেচিয়ামে শৰীৰত পানীৰ সমতা ৰক্ষা কৰে।আৰ্থাৰাইটিচ ৰোগীৰ অস্থিসন্ধিৰ এচিড নিৰ্গমনত সহায় কৰে। কপাৰে কোষ্ঠকাঠিন্য দূৰ কৰে - ফাইবাৰে পাচন প্ৰক্ৰিয়া উন্নত কৰে/কোষ্ঠকাঠিন্য দূৰ কৰে। পুষ্টি নিৰিখঃ ১০০ গ্ৰাম চৰিফাত- ৮০-১০১ কেলৰি, ৬৮ গ্ৰাম প্ৰটিন, ০.৫ গ্ৰাম চৰ্বি, ২০ গ্ৰাম কাৰ্বহাইড্ৰেট, ০.৯ গ্ৰাম ফাইবাৰ, ১৭.৬ মি.গ্ৰা.কেলচিয়াম, ১৪.৭ মি.গ্ৰা. ফচফৰাচ, ০.৪২ মি.গ্ৰা. আইৰণ, ০.০০৭ মি.গ্ৰা. কেৰটিন, ০.০৭৫ মি.গ্ৰা. থিয়ামিন, ০.০৮৬ মি.গ্ৰা. ৰিভ'ফ্লেভিন, ০.৫২৮ মি.গ্ৰা.নিয়াচিন, ১৫ মি.গ্ৰা.এস্কৰবিক এচিড, ০.৫ মি.গ্ৰা. নিক্ট'নিক এচিড চৰিফাত উপলব্ধ। ঔষধীয় ব্যৱহাৰ - ১. পকা চৰিফাৰ ভিতৰৰ অংশ মলম বা লেপ হিচাবে লগালে ফোহাঁ/ঘাঁ আদি নিৰাময় হয়।শুকান চৰিফাৰ গুড়ি ডাইৰীয়া আৰু ডিচেন্ট্ৰী নিৰাময় কৰে।গা গছৰ বাকলিত থকা এস্ট্ৰিঞ্জেন্ট আৰু টেনিন সমূহে দাঁতৰ বিষ নিৰাময় কৰে।সংশ্লিষ্ট দাঁতৰ ৰোগীয়ে চৰিফাৰ ডালেৰে দাতন কৰিলে সুফল পাব। ২. চৰিফাৰ পুষ্টিগুণ আৰু মেগনেচিয়ামে স্ট্ৰ'ক আৰু হাৰ্ট এটেক প্ৰতিহত কৰে। ৩. চুলিৰ স্বাস্থ্যৰ বাবে চৰিফা উপযোগী। ৪. ভিটামিন এ ৰ প্ৰাচুৰ্যই দৃষ্টি শক্তি উন্নত কৰে। ৫. চৰিফা সেবন কৰিলে শৰীৰৰ অতিৰিক্ত অম্ল নিৰ্গমন হয়।ফলত ৰিউমেটিজম আৰু অন্যান্য ধৰণৰ আৰ্থাৰাইটিচ নিৰা ময় হয়। ৬. যথেষ্ট আইৰণ থকাৰ বাবে এনিমিয়া ৰোগীৰ উত্তম পথ্য। ৭. শৰীৰৰ ওজন বঢ়াবলৈ চৰিফা সেবন বিশেষ ভাবে অনুমোদিত। ৮. পৰ্যাপ্ত কপাৰ থকাৰ বাবে আৰু কপাৰ বা তাম্ৰতত্ব হিমগ্লবিনৰ এক উপাদান হোৱাৰ বাবে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ইয়াৰ দৈনিক সেবন বিশেষ ভাৱে জৰুৰী, কাৰণ গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰয়োজনীয় কপাৰ নাথাকিলে গৰ্ভপাত অথবা সময়ৰ আগত প্ৰসব হোৱাৰ সম্ভাৱনা নিশ্চিত। ৯. হাড় মজবুত কৰি শীঘ্ৰ ভংগুৰতা প্ৰতিৰোধ কৰে। ১০. ইয়াৰ ভিটামিন বি৬ এ জিভা অথবা মুখৰ ঘাঁ/ফোঁহা, শাৰীৰিক অস্থিৰ অৱস্থা, অৱসাদ দূৰ হয়। বিঃদ্ৰঃ Obesity ৰোগীয়ে চৰিফা নাখাব। under weight সকলে চৰিফা খালে উপকৃত হব। লেখক: যোগেশ দাস উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ