পৰিচয় চজিনা সৰ্বজন প্ৰসিদ্ধ গছ। ইয়াৰ পাতবোৰ সৰু সৰু। ফুলবোৰ সৰু সৰু আৰু দেখিবলৈ ধুনীয়া। ফুলবোৰ পাচলি হিচাপেও ব্যৱহাৰ হয় চজিনাৰ দীঘল দীঘল ফল হয়। ফলবোৰ আঞ্জা-পাচলি হিচাপে ব্যৱহাৰ কৰে। চজিনাৰ শাস্ত্ৰীয় নাম শিজু, অক্ষীৰ বা শোতাঞ্জণ। নামনি অসমত চজিনাক চজ্না বুলি কয়। চজিনা তিনি প্ৰকাৰৰ আছে। ১) বগা চজিনা ২) ৰঙা চজিনা ৩) নীলা চজিনা তিনিওবিধ চজিনাই উপকাৰী আৰু দৰবত ব্যৱহাৰ হয়। গুণাগুণ চজিনা কফ, বায়ু, ক্ৰিমি, মেদ ৰোগ, প্লীহা আৰু ব্ৰণৰোগনাশক। ই শুক্ৰবৰ্দ্ধক। ৰুচিকাৰক, উচ্চবীৰ্য, ৰক্তপিত্ত আৰু চকুৰ বিশেষ হৃদকাৰক। চজিনা পাঘাট আৰু বাত বেমাৰত বিশেষ শুভফলদায়ক। চজিনাৰ ৰস তিল তেলৰ লগত মিহলাই কাণত দিলে কাণৰ বেমাৰ গুচে। ইয়াৰ আঠাও তেনেকৈ ব্যৱহাৰ কৰিলে ফল হয়। ইয়াৰ ছালৰ কোহ, হিং সৈন্ধৱ লৱণৰ লগত সদায় পুৱা ব্যৱহাৰ কৰিলে সকলো প্ৰকাৰ বিদ্ৰহি নষ্ট হয়। চজিনাৰ ছালৰ কোহৰ লগত তেল গৰম কৰি কোষ্ঠ ৰোগতো ব্যৱহাৰ কৰি ভাল ফল পোৱা যায়। বাতৰক্ত, খৰ, কোষ্ঠ আদিত চজিনা ছালৰ ৰস খাব লাগে। চজিনা ছালৰ কোহেৰে যিকোনো ঘা ধুলে উপকাৰ পোৱা যায়। গলৰ ভিতৰত ঘা হ’লেও মুখ ধুলে উত্তম ফল পোৱা যায়। লিখক: ধৰ্মকান্ত শৰ্মা।