শৰীৰৰ ছালৰ ওপৰত ব্ৰণৰ নিচিনা কিছুমান সৰু সৰু ফোঁহা উঠে, খুব খজুৱায় আৰু মাখিছাল এৰাই যায়। সময়ত চিকিৎসা নল’লে ইয়ে শেষত ঘাত পৰিণত হয়। লেতেৰা পৰিৱেশত থকা নতুবা কোনো ৰোগীৰ কাপোৰ-কানি পিন্ধাৰ ফলত এই ৰোগ বিয়পি পৰে। লেতেৰা পানী বা তেজ দূষিত হ’লেও এই ৰোগ হ’ব পাৰে। নিমপাতৰ ৰস, কঁঠালৰ পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস সমানে লৈ সৰিয়হৰ তেলত ভালকৈ পগাই এটা বটলত ভৰাই ৰাখি ২/৩ বাৰকৈ লগালে খজুৱতি নাশ হয়। চেঙেৰী টেঙা বা তেলাকুচাৰ পাতৰ ৰস খজুৱতি হোৱা ঠাইত মোহাৰি লগালে খজুৱতি নোহোৱা হয়। আঁহতৰ ছালৰ গুড়ি বা ৰস এঁৱা গাখীৰ মিহলাই খজুৱতি হোৱা ঠাইত লগালে খজুৱতি নিৰাময় হয়। নাইবা কৰ্চাটেঙাৰ ছালৰ চূৰ্ণ বা গুটিৰ তেল লগালে খজুৱতি ভাল হয়। আমলখিৰ ৰস ২/৩ চামুচৰ লগত চেনি বা গুড় সানি খালে খজুৱতি নাশ হয়। গাজৰ, নহৰু বা শিৰীষ গছৰ (যিকোনো এবিধ) ৰস খজুৱতি হোৱা ঠাইত লগালে খজুৱতি নাশ হয়। ভোটএৰাৰ আঠা লগালেও খজুৱতি ভাল হয়। মহানিমৰ পাতৰ ৰস বা তিতা কেৰেলাৰ পাতৰ ৰস নাইবা ৰহৰ গছৰ পাতৰ ৰস দিনত ২/৩ বাৰকৈ লগালে খজুৱতি নোহোৱা হয়। গোলনেমুৰ ৰস বা বিলাহীৰ ৰস দুই চামুচৰ লগত এক চামুচ নাৰিকলৰ তেল মিহলাই দিনে ২/৩ বাৰকৈ লগালে খজুৱতি নোহোৱা হয়। দেৱদাৰু গছৰ ছালৰ চূৰ্ণ সৰিয়হৰ তেল মিহলাই লগালে খজুৱতি দূৰ হয়। মহানিমৰ গুটিৰ তেল বাহ্যিক প্ৰয়োগ কৰিলে খৰ-খজুৱতি, পকতীয়া বা ব্ৰণ আদি নিৰাময় হয়। গন্ধক, নিমপাতৰ ৰস আৰু নাৰিকলৰ তেল মিহলাই খজুৱতি হোৱা ঠাইত লগালে খজুৱতি ভাল হয়। নাৰিকলৰ তেলৰ লগত অলপ কৰ্পূৰ মিহলাই তপত কৰি লগালে খজুৱতি নাশ হয়। তৰা গছৰ আলু (মাটিৰ তলৰ অংশ) চোবাই খালে খজুৱতি কমে। গৰুৰ মূত্ৰ খজুৱতি হোৱা ঠাইত লগালে খজুৱতি নাইকিয়া হয়। নিম গছৰ শিপা, ছাল আৰু পাত সমানে লৈ বটি এঁৱা গাখীৰ আৰু নাৰিকলৰ তেল মিহলাই জুইত গৰম কৰিব, সেই তেল শুহি চাৰিভাগৰ এক অংশ থাকোতে নমাই এটা বটলত ভৰাই ৰাখি সেই তেল দিনত ৩/৪ বাৰকৈ লগালে সকলো ধৰণৰ খজুৱতি নাশ হয়। উৎস: সম্ভাৰ।