খৰ নেমু ৰসৰ লগত নিশাদল মিহলাই লগালে খৰ ভাল হয়। খৰ হ’লে আকণ গছৰ আঠাও লগাব পাৰি। তুলসীপাত বটি নিমখ মিহলাই খাব লাগে। পাথৰ হোৱা আজোৱানৰ লগত কেঁচা মূলা নিয়মিতভাৱে খালে পাথৰ গলি প্ৰস্ৰাৱৰ লগত ওলাই আহে। জৰায়ু বাহিৰ হোৱা এই ৰোগ হ’লে কেঁচুমতা জুইত পুৰি ষ্টিলৰ পাত্ৰত ৰাখি গৰম পানী ঢালি দিব লাগে। তাৰ ভাপেৰে নিয়মিতভাৱে যোনিদ্বাৰ সেক ল’লে জৰায়ু ভিতৰলৈ সোমাই যায়। অত্যাধিক ঋতুস্ৰাৱ কেতিয়াবা ঋতুস্ৰাৱ সাত দিনতকৈ বেছি হয় আৰু স্ৰাৱ সম পৰিমাণত গৈ থাকে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ ৰোগ আৰু সমস্যা হ’ব পাৰে। কেতিয়াবা নিৰ্দিষ্ট সময়ৰ বাহিৰেও আন সময়ত ঋতুস্ৰাৱ হোৱাটো এক ডাঙৰ সমস্যা। চিকিৎসা জনবক্ষাসন আৰু সুপ্ত বজ্ৰাসন কৰিলে ঋতুস্ৰাৱ হোৱা ৰোগ ভাল হয়। কিন্তু হৈ থকা সময়ত ভুলতো নকৰিব। গৰম পানীৰে তলপেটতো ধুই নতুবা ঠাণ্ডা গৰম পানীৰে ঘূৰাই ঘূৰাই তলপেট ধুলেও এই ৰোগৰ উপশম ঘটে। দুচামুচ তুলসী ৰসৰ লগত মৌ বা মিচিৰি গুড়ি মিহলাই খালে এই ৰোগ ভাল হোৱাৰ লগতে ঋতুজনিত আন আন ৰোগো ভাল হয়। দুগিলাচ পানীত ধনিয়াপাত উতলাই এগিলাচ কৰি ল’ব লাগে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ চাৰিদিনৰ আগৰ পৰা ৰাতিপুৱা খালী পেটত ধনিয়া পানী এগিলাচ খাব লাগে। দুমাহমান নিয়মিতভাৱে বিটৰ ৰস আৰু গাজৰৰ ৰস সমপৰিমাণে মিহলাই খাব লাগে। কেঁহেৰাজ বন, জালুক, ক’লা তুলসী একেলগে বটি খাব লাগে। মধুমেহ ৰোগ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আমৰ কুমলীয়া কোঁহ তিনিটা আধা লিটাৰ পানীত উতলাই চেকি সেই পানী একাপ পুৱা-গধূলি এমাহ খাব লাগে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।