অমিতা -

অমিতা আমি দুই ধৰনে সেৱন কৰোঁ, এবিধ কেঁচাকে আৰু আনবিধ পকাকে । পকা অমিতা অতি সু-স্বাদু আৰু পুষ্টিকৰ ফল । কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ । তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয় । অমিতা দি ৰন্ধা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল, কলখাৰ দি ৰন্ধা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ ব্যঞ্জন । খাহী মাংস ৰান্ধোওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজে । থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্ৰিয় । সেইবাবে দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত । আমি পিছে কেঁচা অমিতা কেঁচা অমিতা সিজাইহে খাওঁ । দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো বহু উপকাৰিতা আছে । ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক ।

১) হজমী শক্তি বৃদ্ধি কৰাত (promotes digestion) কেঁচা অমিতা অতি উপকাৰী । কেঁচা অমিতাই পেপেইন (papain), কাইম’পেপেইন (chymopapain) আদি বিভিন্ন এনজাইম আছে, যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰ’টিনৰ বিপাকত সহায় কৰে । কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য সুন্দৰভাৱে চলি থাকে ।

২) কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী । ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰে । অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি উপশম লাভ কৰে ।

৩) আমাৰ শৰীৰত নানাধৰণৰ বিপাকীয় কাৰ্য চলি থাকে (metabolism), যিবোৰত বহু অলাগতিয়াল বৰ্জিত পদাৰ্থ বা toxins উৎপন্ন হয় এইবোৰ শৰীৰত জমা হৈ গ’লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবোৰ নিষ্কাশন কৰিবলৈ চেষ্টা কৰা উচিত । শৰীৰৰ শোধন (body detox) কৰাত কেঁচা অমিতা অতি উপকাৰী । খাৰধৰ্মী (alkaline) হোৱা বাবে আৰু ইয়াত থকা এনজাইম আৰু আঁহে (fiber) শৰীৰ শোধন কৰে ।

৪) গেছ, বদহজম, বুকু জ্বলা-পোৰা, IBS আদিৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

৫) কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক ।

৬) প্ৰসূতিৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী । কিছুমান দুগ্ধৱতী মহিলাৰ দুগ্ধ উৎপাদন কম হয় । তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জালুকীয়া আঞ্জা নাইবা অমিতাৰ চবজি ৰান্ধি খালে সুফল পায় ।

৭)কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী ।

৮) হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য ।

৯) টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী ।

১০) মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত (dysmenorrhea) কেঁচা অমিতাৰ চবজি উপকাৰী ।

১১) বাতবিষ, অষ্টিঅ’আৰথ্ৰাইটিছ (osteoarthritis), গাউটত (UTI) ই উপকাৰী ।

১২) ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকাসকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত ।

১৩) সুন্দৰ স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে । পিম্পলছ, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সুফল পায় । ই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

১৪) গৰ্ভৱতী মহিলাৰ বাবে অমিতা উপকাৰী । তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে ।

ডায়েবেটিছ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য -

আমাৰ সৰ্বসাধাৰণৰ দৃষ্টিত অমিতা এলাগী পাচলি । বজাৰৰ ৰং-বিৰঙি সতেজ যেন লগা পাচলিবোৰৰ মাজত অমিতাই যেন ফেৰ মাৰিব নোৱৰা হৈছে । কিন্তু ই যে ঔষধি গুণসম্পন্ন, সেয়া আমি পাহৰিয়েই যাওঁ । স্বাস্থ্যৱান হৈ থাকিব খোজা প্ৰতিজন লোকেই এই থলুৱা পাচলিবোৰ নিশ্চয় আদৰি লৈছে বুলি আশা কৰিছোঁ ।

লেখিকা :- ডা: ৰেইনী দেৱী

উৎস :- দৈনিক জনমভূমি