বনৌষধি চিকিৎসা -

সকলোকে ভোগালীৰ শুভেচ্ছা জনালো। পৰম্পৰাগত বনৌষধি চিকিৎসা পদ্ধতি বা থলুৱা ঔষধি গুণযুক্ত খাদ্যসম্ভাৰতেই হওক কণাশিমলুবন এবিধ লেখত লবলগীয়া বনৌষধি। দেখাত তেনেই সাধাৰণ যেন লগা এই কণাশিমলুবন এবিধ লতাজাতীয় উদ্ভিদ।

গাটো লেহুকা যদিও মঙহাল, বেঙুনীয়া ৰঙৰ ফুল ফুলে আৰু মাটিত বহু দুৰলৈকে বগাই যায় আৰু এডৰা ঘাঁহৰ দৰেই বিয়পি পৰে। বাৰিষা ইয়াৰ স্বাভাৱিক বৃদ্ধি খুব ভালকৈ হয়।

ঘৰৰ বাৰীৰ সেমেকা ঠাইবোৰত, জলাশয়ৰ আশে পাশে, দ পথাৰ আদিত সহজে দেখা পোৱা এইবিধ বন দুই প্ৰকাৰৰ-

১)এবিধ সৰু কণাশিমলুবন (বৈজ্ঞানিক নাম Commelia diffusa) আৰু

২)আনবিধ বৰ কণাশিমলুবন (Cornelia benghalensis)।

বৰ কণাশিমলু বনৰ পাতবোৰ অলপ গোল গোল আৰু অলপ শুঙাল। দুয়োবিধ বন দেখাত প্ৰায় একেই আৰু অতি ঔষধি গুণযুক্ত। সেয়েহে বহাগৰ সাতশাকী খোৱা পৰম্পৰাত এশ এবিধ বনশাকৰ তালিকাত কণাশিমলু বনৰ নামো আছে।

পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত এইবিধ বনৰ প্ৰয়োগ অতি প্ৰাচীনকালৰে পৰা হৈ আহিছে। কেঁচুৱা জন্মৰ পিছত প্ৰসূতি তিৰোতাক কণাশিমলু বনৰ ভাজি খাবলৈ দিয়া প্ৰথা এতিয়াও গাঁৱলীয়া সমাজত প্ৰচলিত।

ঠিক তেনেকৈ চকুত আচিনা বা আজিনা ওলালে কণাশিমলু বনৰ ঠাৰিৰ আঠা লগাবলৈ দিয়া হয়।

*মহিলাৰ বগাস্ৰাৱ,

*পুৰুষৰ ধাতু দুৰ্বলতা আৰু আন বহুতো ৰোগত কণাশিমলু বনৰ বহুল প্ৰয়োগ হোৱা দেখা যায়।

ভাৰত, চিন, থাইলেণ্ড, শ্ৰীলংকা আদি দেশ, এছিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশৰ চিকিৎসা পদ্ধতিত এইবিধ বনৌষধিৰ ব্যৱহাৰ হয়। যেনে-

*উচ্চ ৰক্তচাপ,

*ছালৰ ৰোগ আদিত ইয়াৰ ব্যৱহাৰ হয়।

*চীনত মূত্ৰজনীত ৰোগত, ধাতুৰোগ,

*নাইজেৰিয়াত জ্বৰৰ চিকিৎসাত,

*মেক্সিকোত কনজাঙটিভাইটিছ, কষ্টাৰ্টব (dysmenorrhea) আদিত,

*ফিলিপাইনচত চকুৰ ৰোগৰ চিকিৎসা, পেটৰ ৰোগৰ চিকিৎসাত,

*থাইলেণ্ডত কুষ্ঠ ৰোগৰ চিকিৎসাত,

*পাৰাগুৱেত সন্তানহীনতাত,

*হাৱাইত ৰক্তশোধক, ব্ৰনৰোপক(wound healing), স্তন্যজনন( lactogenic)হিচাবে,

*শ্ৰীলংকাত দীপন ঔষধি হিচাবে বা কৌষ্ঠকাঠিন্য নিবাৰক হিচাবে ইয়াৰ প্ৰয়োগ হয়।

ইয়াৰ উপৰিও সেইবোৰ দেশত বিভিন্ন ব্যঞ্জনতো ইয়াৰ ব্যৱহাৰ হয়। এইবিধ বনশাক খাওঁতে অলপ বিজলুৱা যেন লাগে যদিও সুস্বাদু।

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত এইবিধ বনৌষধিৰ প্ৰয়োগ বিভিন্ন ছালৰ ৰোগ, স্নায়ুজনীত ৰোগ আদিত কৰা হয় বুলি উল্লেখ আছে।

*প্ৰটিন,

*আঁহযুক্ত,

*প্ৰদাহৰোধক,

*মূত্ৰজনন আৰু

*বহুতো ঔষধি গুনেৰে ভৰপূৰ এই কণা শিমলুবন বিভিন্ন ৰোগ নিৰাময়ত কিদৰে ব্যৱহাৰ হয় তাৰ থুলমূল আভাষ এটা তলত দাঙি ধৰা হৈছে:-

ৰোগ নিৰাময় -

চকুত আচিনা বা আজিনা হলে ৰোগীয়ে বৰ কষ্ট পায়। তেনে ৰোগীয়ে কণাশিমলু বনৰ ঠাৰি মোহাৰি তাৰ আঠা আচিনা হোৱা অংশত লগাই দিলে সুফল পোৱা যায় আৰু এই ৰোগ সোনকালে আৰোগ্য হয়।

কটা ঘাঁ, ফোঁহা (boils), খজুৱতি আদিত কণাশিমলু বনৰ ঠাৰি থেতেলাই লৈ তাৰ আঠা লগাব লাগে। জোকে খালে হোৱা ঘাঁ আৰু খজুৱতিটো একেদৰে লগালে সুফল পোৱা যায়।

*জুৱে পোৰা,

*খৰ,

*খজুৱতি,

*কটা ঘাঁ আদিতো ইয়াৰ ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য পোৱা যায়।

মহিলাৰ বগাস্ৰাৱ সমস্যাত কণাশিমলু বন সৰু এমুঠিৰ লগত এক আঙুল জোখৰ যমলাখুটিৰ আলু এডোখৰ খুন্দি তালমিছিৰি দি দিনে দুপালি কৰি এমাহমান খালে সুফল পোৱা যায়।

লগতে পথ্য অপথ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব যেনে-

*মচলাযুক্ত খাদ্য,

*তেলত ভজা খাদ্য,

*গুৰুপাকী আহাৰ,

*ফাষ্টফুড এৰাই চলিব লাগিব।

পুৰুষৰ ধাতু দুৰ্বলতা আৰু প্ৰষ্টেটৰ সমস্যাতো কণা শিমলুবন এই বিধিৰে খালে সোনকালে সুফল পাব। এইক্ষেত্ৰত বৰকণাশিমলু বন অলপ বেছি গুণকাৰী।

পুৰুষ স্ত্ৰী উভয়ৰে হৰমনসমূহৰ কার্যক্ষমতা অটুট ৰখাত কণাশিমলু বনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সন্তানহীন দম্পতিয়ে মাজে সময়ে এই বনশাক সেৱন কৰিলে ভাল।

কেঁচুৱা জন্মৰ পিছত প্ৰসূতি স্ত্ৰীৰ গৰ্ভাশয় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ, সন্তান জন্মৰ পিছত গৰ্ভাশয়ৰ ভিতৰৰ ঘাঁ শুকুৱাত আৰু দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ কণাশিমলু বন বৰ উপকাৰী। ইয়াৰ বাবে প্ৰসূতাক কণাশিমলুবন মচুৰ দাইলত দি নাইবা নহৰু দি ভাজি খুৱাব পাৰে নাইবা নহৰু, জালুক দি মাগুৰ, শিঙি মাছৰ জালুকীয়া আঞ্জা খুৱাব পাৰে। প্ৰসূতি আৰু দুগ্ধৱতী স্ত্ৰীৰ বাবে অতিকে উপকাৰী এইবিধ বনৌষধি।

বহু মহিলাৰ সন্তান জন্মৰ বহুদিন পিছতো তলপেট ডাঙৰ হৈ থাকে। সন্তান জন্মৰ পিছত কণাশিমলু বন খাই থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

প্ৰসূতি মহিলাই খাদ্য ঘনাই ঘনাই কম পৰিমাণে খালে তলপেটৰ চৰ্বি জমা হোৱা সমস্যাও ভালেখিনি কমি যায়।

সন্তান জন্মৰ পিছত সময়খিনিত এনেধৰণৰ বিশেষ যত্নৰ প্ৰয়োজন।

পেচাব জ্বলা পোৰা কৰা, পেচাবত ধাতু যোৱা বা পেচাবৰ সংক্ৰমণ, মূত্ৰাশয়ৰ ৰোগত এইবিধ বন অতি উপকাৰী।

ইয়াৰ বাবে কেইডালমান সৰুকণা বা বৰকণাশিমলু বন, দুবৰি বন কেইডালমান, যমলাখুটি এডোখৰ একেলগে খুন্দি এগিলাচ পানী আৰু তালমিছিৰি দি দিনে তিনিপালি কৰি দহ পোন্ধৰ দিনমান খাওক। নিশ্চয় সুফল পাব।

ৰোগ হৈ থকা অৱস্থাত-

*বন্ধাকবি,

*বিলাহী,

*কচু,

*পালেং,

*সৰু মাছ,

*জ্বলা মচলা আদি নাখাব কিছুদিন।

চৰ্দি, তনচিলাইটিছ, ফেৰিনজাইটিছ, পিঠাখোৱা(Mumps) আদি ৰোগতো কণাশিমলু বন উপকাৰী।

ইয়াৰ বাবে নহৰু, জালুক দি কলপাতত দি জুইত সেকি খাব পাৰি নাইবা মানিমুনি দৰে শাকৰ লগত মিহলাই জালুকীয়া আঞ্জা হিচাবে খাব পাৰি।

উচ্চ ৰক্তচাপতো কণাশিমলু বন উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে এইবিধ শাক মাজে মাজে সেৱন কৰিব পাৰে।

লগতে নিয়মীয়াকৈ তিনিফুটা কেঁচা নহৰু খাব লাগে। তেঁতেলি নাইবা নেফাফু পাতো মাজে সময়ে সেৱন কৰি থাকিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

ডায়েবেটিচ ৰোগীয়েও মাজে মাজে কণাশিমলুবন সেৱন কৰিলে পেচাবৰ অন্য সমস্যা, স্নায়ুজনীত সমস্যা, প্ৰষ্টেটৰ সমস্যা আদিৰ পৰা হাত সাৰি থাকিব পাৰে।

আমাৰ ককা আইতাহঁতৰ দিনত কণাশিমলু বনৰ দৰে বনৌষধিৰ যথেষ্ট আদৰ আছিল। সৰু সুৰা অসুখ বিষুখ হলে তেওঁলোকে এনেবোৰ বনৌষধিৰ আশ্ৰয় লৈছিল।

এইবোৰ বনৌষধিৰ ব্যৱহাৰিক প্ৰয়োগৰ জ্ঞান মৌখিকভাবে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মই পাইছিল।

বৰ্তমান আধুনিকতাৰ প্ৰভাৱত লাহে লাহে এইবোৰ বনৌষধি পাহৰণিৰ গৰ্ভত। বহুতেই এতিয়া এইবোৰ বনৌষধি চিনিয়েই নাপায়, হয়তো নামেই শুনাই নাই কেতিয়াও।

কেৰেলাৰ দৰে ভাৰতৰ বহু ৰাজ্যত কিন্তু থলুৱা চিকিৎসা পদ্ধতিৰ আদৰহে বেছি। আমি অসমীয়াই নিজক পুনৰ চিনি পাই অতীতৰ এই হীৰাসদৃশ বনৌষধিসমূহ আকোৱালি লোৱাৰ সময় আহি পৰিছে। অসমীয়াত এষাৰ কথা আছে- 'অতীতক নাযাবা পাহৰি।'

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617