সকলোৰে চিনাকি কঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক জেক ফ্ৰুট(Jack fruit) নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে “হেটাৰোফাইলাচ”(Heterophyllus) আৰু ই মোৰেচি(Moraceae) গোত্ৰৰ(পৰিয়ালৰ) অন্তৰ্গত। কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল(National fruit)। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ। প্ৰতি ঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। সাধাৰণতে আমাৰ ইয়াত ব’হাগ মাহত পূৰঠ হৈ পকাৰ উপক্ৰম হয়। এইবিধ ফল কুমলীয়া বা কেঁচা অৱস্থাতো তৰকাৰী কৰি খাব পাৰি আৰু পকা অৱস্থাত মলমলীয়া এক নিজস্ব গোন্ধেৰে ই মানুহক আকৰ্ষণ কৰে। ই এনে এবিধ ফল য’ত একত্ৰে দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্যপ্ৰাণ, খনিজ লৱণ, এন্টি অক্সিডেন্ট(জাৰণ প্ৰতিৰোধী), আঁহ, নানা ধৰণৰ অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ তথা বিভিন্ন সূক্ষ্ম পোষক তত্ত্ব সমূহ পোৱা যায়। সেইবাবে এই কঠালক ইংৰাজীত বুলি কোৱা হয় আৰু ইয়াক একে আষাৰতে পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। কঠালৰ উপকাৰিতা তথা ঔষধি গুণসমূহ - ১)ৰোগ প্ৰতিৰোধী গুণ: কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে। ২)প্ৰোটিনৰ ভঁৰাল: কঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ। ৩)শক্তিৰ ভঁৰাল: কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিক ভাৱে শক্তি লাভ কৰে। ৪)কৰ্কট প্ৰতিৰোধী গুণ: কঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ(Phytonutrients) আৰু ফ্লেভ’নয়ড(Flavonoid) থাকে, যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে। ৫)ৰক্তচাপ নিয়ন্ত্ৰণ: কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে। ৬)হজম শক্তিৰ উন্নতি: পকা কঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে। ৭)থাইৰয়ডৰ সমস্যা দূৰ কৰে: কঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে। ৮)দৃষ্টি শক্তিৰ উন্নয়ন: কঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে। ৯)ৰক্তাল্পতা(এনিমিয়া) প্ৰতিৰোধ কৰে: কঠালত পৰ্যাপ্ত পৰিমাণে - ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই, ভিটামিন-বি৬, নিয়াচিন, ফলেট, পেন্থ’থেনিক এচিড, কপাৰ(তাম), মেংগানিজ, মেগনেচিয়াম থাকে। এইবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তল্পতা ৰোগ প্ৰতিৰোধ কৰে। ১০)হাড় শক্তিশালী কৰে: পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে। ১১)বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে: কঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে। ১২)সৌন্দৰ্য্য চৰ্চাত কঠালৰ গুটি: কেইটামান কঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছুসময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখ-মণ্ডলত সানি কিছুসময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিট মানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি। ১৩)ছালৰ সৌন্দৰ্য্য: পৰিমিত ৰূপত নিয়মিত ভাৱে কঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে। ১৪)হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: কঠালত থকা ভিটামিন-বি৬(vitamin-B-6) এ হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ১৫)আলচাৰ প্ৰতিৰোধী: কঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে। ১৬)কঠাল এজমা ৰোগীৰ বাবেও উপকাৰী। কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত এই হেন থলুৱা বতৰৰ ফল কঠাল পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাত অৰিহনা যোগাব পাৰো। লেখক: ভুৱনেশ্বৰ ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)