আগকথা সুদীর্ঘ চাকৰি কালত ব্রহ্মপুত্র উপত্যকাৰ কেউখন জিলাৰ বহুতো ভিতৰুৱা অঞ্চললৈ যোৱাৰ সৌভাগ্য ঘটিছে। আমাৰ এই যাত্রাবোৰৰ প্রধান উদেশ্য হ’ল কৃষকসকলৰ লগত কৃষি বিষয়ক বিভিন্ন আলোচনা কৰা আৰু তেওঁলোকৰ পথাৰ পৰিদর্শন কৰি যাবতীয় দিহা-পৰামর্শৰে আধুনিক কৃষিৰ সতে চিনাকি কৰি দিয়া। এনেবোৰ আলোচনাত প্রায়ে আমি দুটা বিশেষ কথা কৃষকসকলৰ পৰা জানিব বিচাৰো। প্রথমটো হ’ল-“কৃষি-কর্মত কেনেবোৰ থলুৱা পদ্ধতি তেখেতসকলে প্রয়োগ কৰে।” দ্বিতীয়তে ব্যক্তিগত আগ্রহৰ বাবে সোধো “ব'হাগমাহত এশ এবিধ শাক খাইনে? যদি খাই সেইবোৰৰ নাম আৰু ঠাইতে চিনাকি কৰি দিব পাৰিবনে?” সময়ত এই দুয়োটা প্রশ্নৰ উত্তৰ হিচাপে বহুতো তথ্য গোট খাবলৈ ধৰে। মাজে সময়ে বিভিন্ন কাকত-আলোচনীটো এই বিষয় দুটাৰ ওপৰত লেখা প্রকাশ হোৱা দেখিবলৈ পাওঁ। এনে কিছুমান লেখা আৰু আমি ব্যক্তিগতভাবে সংগ্রহ কৰা তথ্য সমূহ লিপিবদ্ধ কৰি প্রকাশ কৰিবলৈ লওঁতেই ‘এশ এবিধ শাক’ৰ তথ্যখিনিত কিছু অসুবিধা আহি পৰে। সেয়ে আমাৰ সংগ্রহখিনি আৰু সন্মূখীন হোৱা অসুবিধাবোৰ দূৰ কৰাৰ উদেশ্যে এই লেখাটো আগবঢ়োৱা হ’ল যাতে ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তালিকা আমাৰ হাতত থাকে। ---লেখক অসম তথা উত্তৰ-পূর্বাঞ্চল জৈৱবৈচিত্র্যৰ বাবে বিখ্যাত। পৃথিৱীৰ জৈৱবৈচিত্র্যত চহকী অঞ্চলসমূহৰ ভিতৰত ভাৰতবর্ষৰ উত্তৰ-পূর্বাঞ্চল অন্যতম। নানানবিধ জীৱ-জন্তুৰ লগতে বিভিন্ন গছ-লতাৰে ইয়াৰ পাহাৰ-ভৈয়াম ভৰপূৰ। বছৰৰ ছয় ঋতুত হাবিয়ে-বননীয়ে গজি উঠা এই উদ্ভিদবোৰৰ বেছি ভাগৰে ঔষধি গুণ আছে, যাৰ বাবে দূৰ অতীজৰেপৰা অঞ্চলটোৰ লোকসকলে এইবোৰ খাদ্য হিচাপে গ্রহণ কৰি আহিছে। বছৰৰ বিভিন্ন সময়ত গ্রহণ কৰাৰ উপৰিও অসমৰ ৰাইজে গৰুবিহু নাইবা সাতবিহুৰ যিকোনো এদিন এনে ঔষধি গুণসম্পন্ন গছ-লতাৰ ‘এশ এবিধ শাক’ খোৱাটো এটা নিয়ম। অৱশ্যে এশ এবিধ শাক সংগ্রহ কৰিব নোৱাৰিলেও সাত বিধ শাক এই সময়ত গ্রহণ কৰে যাৰ বাবে এই পৰম্পৰাক ‘সাতশাকী’ খোৱা বুলি কোৱা হয়। আনহাতে কোনো কোনোৱে ব’হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়। সি যিকি নহওঁক এইদৰে ব’হাগ মাহত শাক খোৱাটো অসমৰ এক কৌটিকলীয়া পৰম্পৰা আৰু শাক বোটলা কামটো প্রধানকৈ গাভৰুসকলেই কৰিছিল। সেয়ে এনে বিহুনাম এফাকি ঠায়ে ঠায়ে শুনিবলৈ পাওঁ: “সাতশাকী বিচাৰি আহ অ’ লগৰী, গুৰি পথাৰলৈ যাওঁ শাক তোলাৰ ছলতে, গছৰে তলতে হেঁপাহৰ বিহুনাম গাঁও।” অসমৰ এই পৰম্পৰাৰ বিষয়ে আমি গৌৰৱ কৰোঁ যদিও এনে শাক-পাতবোৰৰ বিষয়ে প্রণালীবদ্ধভাবে অধ্যয়ন কৰা হোৱা নাই। কেতবোৰ উদ্ভিদৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও আন বহুবিধৰ বিষয়ে আমি এতিয়াও নজনাকৈয়ে আছোঁ। এনে হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত এই শাক-পাতবোৰ চিনি নোপোৱাতো অন্যতম। আনহাতে সময়ৰ সোঁতত পৰি চিনাকি বহুবোৰ শাক-পাত ক্রমে লুপ্ত হ’বলৈ ধৰিছে। সেয়ে অসমৰ এই সম্পদৰাজি সংৰক্ষণ তথা প্রণালীবদ্ধভাবে অধ্যয়ন কৰা অতি প্রয়োজন হৈ পৰিছে। এনে এক উদেশ্যেৰে অসমৰ ‘এশ এবিধ শাক’ৰ তালিকা এখন যুগুতাই উলিয়াবলৈ কিছু দিনৰ পৰা চেষ্টা কৰি আছোঁ। কিন্তু তাকে কৰিবলৈ যাওঁতে কিছু অসুবিধাই দেখা দিছে। উদাহৰণ স্বৰূপে আমাৰ সংগ্রহত থকা তালিকাখনত এনে কিছুমান উদ্ভিদৰ নাম সোমাই পৰিছে যিবোৰ অসমৰ থলুৱা নহয়, তুলনামূলকভাবে নতুন। তেনে এবিধ উদ্ভিদ হ’ল ছয়াবিন। কোনো কোনোৱে এইবিধ উদ্ভিদ ‘এশ এবিধ শাক’ত খোৱাৰ কথা কোৱাৰ লগতে কেতবোৰ লেখাটো উল্লেখ কৰা দেখিছো। সেইদৰে প্রকাশিত লেখাত অশোক ফুল তালিকাভূক্ত হোৱা দেখা গৈছে যদিও গঞা ৰাইজৰ মূখত এইবিধৰ নাম শুনা নাছিলো। আনহাতে কিছুমান উদ্ভিদৰ নাম ঠাই বিশেষে সুকীয়া। এনে অসুবিধাবোৰৰ লগতে বহুবিধৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম নজনাৰ বিপৰীতে কেতবোৰৰ একাধিক নাম দেখা গৈছে। এনে হ’লেও তালিকাখন শুদ্ধ নহ’ব। উদাহৰণ হিচাপে বাহক, বগাবাহক, তিতাবাহক একেবিধ উদ্ভিদ যাৰ ইংৰাজী নাম Malabar Nut আৰু বৈজ্ঞানিক নামJasticia adhatoda Syn. Adatoda vasica। কিন্তু বিশল্যকৰণী (Jasticia gendarussa Syn Gendarussa vulgaris ) নামৰ উদ্ভিদবিধক তিতাবাহকৰ আন এক নাম বুলি www.flowersofindia.net ত উল্লেখ কৰা দেখিলোঁ। আনহাতেwww.assamplants.com নামৰ ৱেব ছাইটটোত Bisalyakarani আৰু Bishalyakarani নামৰ দুটা নাম আছে যি দুটাৰ বিপৰীতে বৈজ্ঞানিক নাম দিয়া আছে ক্রমে Eupatorium triplinerve Vahl আৰু Amaranthus tricolor L. vartristis (Prain) Nayar । তদুপৰি এই ছাইটটোত Jasticia gendarussa ৰ অসমীয়া নাম দিয়া হৈছে Jatrasiddhi, Jeora-goch। অথচ আন বহু লেখাত বিশল্যকৰণী বুলি পোৱা যায়। আমোদজনকভাবে Ixora নামৰ ফুলগছজোপাকে অশোক বুলি কোৱা বহুলোক পাইছো। এনেবোৰ কাৰণত ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰিব পৰা হোৱা নাই। সেয়ে আমাৰ সংগ্রহৰ পৰা যুগুতাই উলিওৱা অসম্পূর্ণ তালিকাখন “সেউজী ধৰণী”ত উপলব্ধ কৰা হ’ল যাতে শুদ্ধ ৰূপৰ সম্পূর্ণ তালিকা এখন প্রস্তুত হৈ উঠে। আশা কৰোঁ বিজ্ঞজনে এই কামত সঁহাৰি জনাই আমাৰ ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰি তোলাত সহায় কৰিব। এশ এবিধ শাকৰ এখন অশুদ্ধ আৰু অসম্পূর্ণ তালিকা ক্রমিক নং নাম ছবি ১ Assamese: অমৰা ফুল English: Indian Hog plum Botanical: Spondius pinnata (L. f.) Kurz. ২ Assamese:অমিতা ফুল English: papaya Botanical: Carica papaya ৩ Assamese: অশোক ফুল English: Ashoka Botatical: Saraca indica ৪ Assamese: আগৰা English: Common cocklebur Botanical: Xanthium strumarium L ৫ Assamese:আগেজলা English:? Botanical:? ৬ Assamese:আদা English: Ginger Botanical: Zingiber officinale ৭ Assamese:আনাৰসৰ কোঁহ English: Pineapple Botanical: Ananas comosum ৮ Assamese:আমৰ মল English: Mango Botanicl: Mangifera indica ৯ Assamese আৰফুল English:? Botanical: ? ১০ Assamese ইন্দ্রযৱ English:? Botanical:? ১১ Assamese ওলকচু English: Elephant Yam Botanical: Amorpophyllus campanulatus, A. paeoniifolius, A. bulbefer ১২ Assamese: কচুশাক English: Arum Botanical: Colocasai esculenta L ১৩ Assamese কঁঠালৰ মুচি English: Jack fruit Botanical: Artocarpus heterophyllus ১৪ Assamese কলপচলা English: Banana Botanical: Musa balbisiana ১৫ Assamese কলমৌ শাক English: Water spinach Botanical: Ipomea aquatic Frosk ১৬ Assamese: কর্দৈৰ পাত English:Carambola Botanical: Averrhoa carambola ১৭ Assamese:কাঁচিপকা English:? Botanical:? ১৮ Assamese: কাঠআলুৰ পাত English: White Yam Botanical: Dioscornia alata ১৯ Assamese: কুকুৰাঠেঙীয়া English: Bandicot berry Botanical: Leea indica ২০ Assamese: কেঞাবন English: Nut grass Botanical: Kyllinga monocephala ২১ Assamese: কেৰেলা পাত English: Bitter gourd Botanical: Momordica charantia ২২ Assamese:কোমোৰা পাত English: Ash gourd Botanical: Benincasa hispida ২৩ Assamese:খুতৰা শাক English: ? Botanical: Amaranthus viridis ২৪ Assamese:গাখীৰতী English: Milky herb Botanical: Euphorbia hirta ২৫ Assamese:গৰুখিচ English: Wild strawberry Botanical: Fragaria indica ক্রমিক নং নাম ছবি ২৬ Assamese: চজিনা পাত English: Drum stick Botanical: Moringa oleifera ২৭ Assamese: চালকুঁৱৰী আগ English: Aloe Botanical: Aloe vera ২৮ Assamese:চিৰতা পাত English:? Botanacal: Swertia chirata ২৯ Assamese:চুকাশাক English: Sorrel Botanical: Rumex vesicarius ৩০ Assamese:চেংমৰা/ চেঙামু English: Spiny arum Botanical: Lasia spinosa ৩১ Assamese: চোৰাতপাতৰ কোঁহ English: Neetle Botanical: Urtica dioica ৩২ Assamese: জবাফুল English: China rose Botanical: Hibiscus rosa-sinensis ৩৩ Assamese: জলকীয়া পাত English: Chilli Botanical: Capsicum annum ৩৪ Assamese: জল কুঁৱৰী English:? Botanical:? ৩৫ Assamese: জৱেত্ৰী/ জয়ন্তী English: Egyptian pea Botanical: Sesbania sesban ৩৬ Assamese: জাতিলাউ পাত English: gourd Bottle Botanical: Lagenaria siceraria ৩৭ Assamese: জালুকপাত English:Black pepper Botanical: Pepper nigrum ৩৮ Assamese: জিকা পাত English: Ridge gourd Botanical: Luffa acutangula ৩৯ Assamese: জিলমিল English: Pigweed Botanical: Chenopodium album ৪০ Assamese: জেটুলীপকা পাত English:Wild respberry Botanical: Rubus moluccanus ৪১ Assamese: জ্যেষ্ঠমধু পাত English: Licorice Botanical: Glycyrhiza glabra ৪২ Assamese: টিকনি বৰুৱা English: Pickly ivys Botanical: Similex perfoliata ৪৩ Assamese: টুবুকী লতা/ টুপুৰী লতা English: Botanical: Stephania elegans S. hernaudifolia ৪৪ Assamese: টেঙামৰা English: Rozella Botanical: Hibiscus subdariffa ৪৫ Assamese: টেঙেচি টেঙা English: Wood sorrel Botanical: Oxalis repens ৪৬ Assamese: ঢেঁকীয়া English: Fern Botanical: Polypodium spp ৪৭ Assamese: ঢেঁকীয়ালতি English: Maidenhair creeper Botanical: Lygodium flexunsum ৪৮ Assamese: তৰা গজালি English: ? Botanical: ? ৪৯ Assmaese: তেলীকচু English: ? Botanical: ? ৫০ Assamese: তিতাকুচি English: ? Botanical: Solanum spairale ৫১ Assamese: তিতাফুল/ ৰাম বাহক/ ৰঙা বাহক English: Botanical: Phlogacanthus curviflorus ` ৫২ Assamese: তিতাবাহক/ তিতাকুচি/বগা বাহক English:Malbar nut Botanical: Justicia adhatoda syn Adatoda vasica ৫৩ Assamese: তিঁয়হ পাত English: Cucumber Botanical: Cucumis sativus ৫৪ Assamese: তিল পাত English:Sesame Botanical: Sesamum indicum ৫৫ Assamese: তুলসী পাত English: Basil Botanical: Ocimum sanctum ক্রমিক নং নাম ছবি ৫৬ Assamese:থেৰেজু পাত English: Botanical:Prunus jenkinisii ৫৭ Assamese:দহি কচু English: Botanical: Alocasia odora ৫৮ Assamese:দাংবদি/ লেছেৰা মাহ English: Cowpea Botanical: Vigna sinensis ৫৯ Assamese:দুপৰ টেঙা English: Sprout leaf Botanical: Bryophyllum pinnatum ৬০ Assamese:দূবৰি বন English: Dog grass Botanical: Cynodon dactylon ৬১ Assamese:দূর্লভা English: Botanical: ৬২ Assamese:দোৰোণশাক/দুৰুম/ দ্রুণ English: Botanical: Leucas aspera ৬৩ Assamese:ধতুৰা English: Thron apple Botanicatl: Datura stramonium ৬৪ Assamese:ধনিয়া/মেমেধু English: Coriander Botanical: Coriandrum sativum ৬৫ Assamese:ধুন্দুলি পাত English: Snake gourd Botanical: Trichosanthes anguina ৬৬ Assamese: ধেপাই তিতা English: Botanical: ৬৭ Assamese: নৰসিংহ English: Curry leaf Botanical: Murraya koenigii ৬৮ Assamese:নল টেঙা English: Botanical: ৬৯ Assamese:নহৰু পাত English: Garlic Botanical: Allium sativum ৭০ Assamese:নিলাজী বন English: Sensitive plant Botanical: Mimosa pudica ৭১ Assamese: নীলকণ্ঠ English: Blue fox tail Botanical: Ecbolium linneanum ৭২ Assamese: নেওঠনীয়া /নেওঠনী English: Botanical: Portulaca grandiflora ৭৩ Assamese: নেফাফু English: Botanical:Clerodendrum colebrookianum ৭৪ Assamese: নুনি পাত English: Mulberry Botanical: Morus alba ৭৫ Assamese:পচতীয়া English: Botanical: Vitex pentaphylla ৭৬ Assamese: পটল পাত English: Pointed gourd Botanical: Trichosanthes dioica ৭৭ Assamese:পদিনা English: Mint Botanical: Mentha viridis ৭৮ Assamese:পনৌনৌৱা/ পূর্ণনৱা English: Hog weed Botanical: Peperomia pellucida ৭৯ Assamese:পাতি সোন্দা English: Botanical: ৮০ Assamese: পানী কচু English: Botanical: Sagittaria trifolia ৮১ Assamese:পানী কলা English: Botanical: Ottelia alismoides ৮২ Assamese: পালেং English: Spinach Botanical: Spinacea oleracia ৮৩ Assamese:পিপলি English: Long pepper Botanical: Piper longum ৮৪ Assamese: পিৰালি কুঁৱৰী English: Botanical: ৮৫ Assamese: পিৰালি পালেং English: Garden spinach Botanical: Talinum triangulare ৮৬ Assamese: পিঁয়াজপাত English: Onion Botanical: Allium cepa ৮৭ Assamese: পুৰৈশাক English: Malabar nightshade Botanical: Basella rubra, Basella alba ৮৮ Assamese: বকফুল English: White dragon tree Botanical: Sesbania grandiflora ৮৯ Assamese: বন জলকীয়া English: Wild chilli Botanical: Clematis cadmia ৯০ Assamese: বন জালুক English: Wild pepper Botanical: Oldenlandia diffusa, O. corymbosa ক্রমিক নং নাম ছবি ৯১ Assamese: বন ধনিয়া English: Sweet leaf Botanical: Scopuria dulcis ৯২ Assamese: বৰটেঙেচি English: Irish shamrock Botanical: Oxalis corymbosa ৯৩ Assamese: বৰথেকেৰা পাত English: Cowa (?) Botanical: Garcinia paniculata ৯৪ Assamese: বৰালি বুকুৱা English: Botanical: Pouzolzia zeylanica, P. indica ৯৫ Assamese:বৰিয়াল/বৰবৰিয়াল/ সোণবৰিয়াল English: Broom jute Botanical: Sida cordifolia ৯৬ Assamese: বর্হমথুৰি/ বৰমথুৰি English: Lipstick champa Botanical: Magnolia hodgsonii, Talauma hodgsonii ৯৭ Assamese: বাঘ আঁচোৰা English: Botanical: Smilax zeylanica,Caesalpinia cuculata ৯৮ Assamese: বাবৰি/ বালি বাবৰি English: Botanical: Myriactis javanica ৯৯ Assamese: বিলাহী পাত English: Tomato Botanical: Lycopersicon esculentum ১০০ Assamese: বিয়নী সাবটা English: Botanical:Desmodium velutinum ১০১ Assamese: বিশল্যকৰণি/ তিতাবাহক / তিতাখাৰি English: Botanical: Jasticia gendarussa SynGendarussa vulgaris ১০২ Assamese: বিহলঙনি English: Botanical: Polygonum glabrum , P. orientale ১০৩ Assamese:বৃন্দাবন English: Copper leaf, Joyweed Botanical: Telanthera ficoidea, Achyranthes ficoidea ১০৪ Assamese: বেঙেনা(কোটাহি) English: Botanical: Solanum khasianum ১০৫ Assamese: বেঙেনা(খৰুৱা) English: Brinjal Botanical: Solanum melongena ১০৬ Assamese: বেতগাজৰ পাত English: Cane Botanical: Calamus viminalis, V. rotang ১০৭ Assamese: ব্ৰাহ্মীশাক English: Brahmi Botanical: Bacopa monnieri ১০৮ Assamese: ভাঙৰ আগ English: Hemp Botanical: Cannabis sativa ১০৯ Assamese: ভাতকেৰেলা English: Spine gourd Botanical: Momordica dioica ১১০ Assamese: ভীমৰাজ বন/ ভৃগৰাজ English: Botanical: Wedelia chinensis ১১১ Assamese: ভূতমূলা English: Spider plant Botanical: Cleome gynandra ১১২ Assamese: ভেঁকুৰি তিতা/ তিতা ভেঁকুৰি English: Pickly night shade Botanical: Solanum indicum ১১৩ Assamese: ভেঁটফুল English: Water litty Botanica: Nymphaea lotus ১১৪ Assamese: ভেদাইলতা/ভাদুলিলতা/ ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা English: Skunk vine Botanical: Paederia foetida ১১৫ Assamese: ভোমলতি/ ভোমৰতি English: Botanical: Symplocos racemosa ১১৬ Assamese: মচন্দৰী/ মুচন্দৰী/ মচুন্দৰী English: Heart leaf Botanical: Houttuynia cordata ১১৭ Assamese: মজাঠি/মজেঠি English: Indian madder Botanical: Rubia cordifolia ১১৮ Assamese: মদাৰ English: Coral tree Botanical: Erythrina variegata ১১৯ Assamese: মধুৰী আমৰ পাত English: Guava Botanical: Psidium guyava ১২০ Assamese:মধুসোলেং English: Botanical: Polygonum caespitosum, P. chinensis বি:দ্র: ছবিসমূহ বিভিন্ন ৱেবছাইটৰ পৰা লোৱা হৈছে ক্রমিক নং নাম ছবি ১২১ Assamese:মৰলীয়া পাত/ফুটুকী বন/ ঠোঁটনী শাক/ ঠোঠনী শাক English: Chick’s wort Botanical: Stellaria media ১২২ Assamese:মৰিচা English: Amarntha Botanical: Amaranthus gangeticus ১২৩ Assamese: মহানিমৰ পাত English: Neem Botanical: Azadirachta indica ১২৪ Assamese: মাটি কাঁদুৰি English: Sessile joyweed Botanical: Alteranthera sessiles ১২৫ Assamese: মাঠুকুঠুকা English: Botanical: ১২৬ Assamese: মানধনিয়া/ নগা ধনিয়া Englisndh: Long coriander Botanical: Eryngium foetidum ১২৭ Assamese: মানিমুনি(বৰ) English: Asiatic pennywort Botanical: Centella asiatica ১২৮ Assamese: মানিমুনি(সৰু) English: Andem Botanical: Hydrocotyl sibthorpiodes ১২৯ Assamese: মিঠামৰা English: Jute Botanical: Corchorus olitorius ১৩০ Assamese: মেচাকি English: Botanical: Sarcochlamys pulcherrima ১৩১ Asamaese: মেজেঙা English: Botanical: Zanthoxylum oxyphillum ১৩২ Assamese: মেটেকা English: Water hyacinth Botanical: Eichhornia crassipes ১৩৩ Assamese: মেথিশাক English: Fenugreek Botanical: Trigonella foenum-graecum ১৩৪ Assamese: মূলাশাক English: Radish Botanical: Raphanus sativus ১৩৫ Assamese: ৰঙালাউ আগ English: Pumpkin Botanical: Cucurbita moschata ১৩৬ Assamese: ৰাজুপকা English: Botanical: ১৩৭ Assamese: ৰামতুলসী English: Clove Basil Botanical: Ocimum gratissimum ১৩৮ Assamese: লফা শাক English: Cluster mallow Botanical: Malva verticillata ১৩৯ Assamese: লৰ বৰুৱা/ ল-বৰুৱা/ লৰা বৰুৱা English: Telegraph plant Botanical: Codariocalyx motorius/Desmodium gyrens ১৪০ Assamese:লাই শাক English: Napa cabbage/ Chinese Cabbage? Botanical: Brassica rapa var pekinensis ১৪১ Assamese: লাইজাবৰী English:Tropical chickweed Botanical: Drymaria cordata ১৪২ Assamese: লাচকচি/ কঁচী/কইচি English: Black nightshade Botanical: Solanum nigrum ১৪৩ Assamese: লেহেতি বন/ লেহেতিয়া/ ইন্দ্রনীল English: Botanical: Hydrolea zeylanica ১৪৪ Assamses: শিমলু আলু English: Tapioca Botanical: Manihot esculenta ১৪৫ Assamses:শুকলতি English: Patchouli Botanical: Pogostemon benghalensis ১৪৬ Assamese: শুহনিবন/শুহনি/পার্বতি English: Golden button Botanical: Spilanthes paniculata ` ১৪৭ Assamese: শেৱালি ফুল English: Night jasmine Botanical: Nyctanthes arbor-tristis ১৪৮ Assamese: সর্প জিভা English: Botanical: ১৪৯ Assamese: হাঁচিয়তি বন English: Botanical: Centipeda minima ১৫০ Assamese: হাতঘুনুচা English: Botanical: ১৫১ Assamese: হাতলতি English: Botanical: ১৫২ Assamese: হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা English: Botanical: Amaranthus spinosus ১৫৩ Assamese:হেলচী/ হেলেঞ্চি/ হেলেকি/ মনোৱা শাক English: Water cress Botanical: Enhydra fluctuans ১৫৪ Assamese: আম আদা English: Mango ginger Botanical: Curcuma amada ১৫৫ Assamese: উৰহী English: Dolichs bean Botanical: Dolichos lablab ১৫৬ Assamese: উৰিয়াম English: West Indian Cedar Botanical: Bischofia javanica ১৫৭ Assamese: ঔটেঙা English: Elephant apple Botanical: Dillenia indica ১৫৮ Assamese: কটাৰী ডবোৱা মাহ English: Lima bean Botanical: Phaseolus lunatus ১৫৯ Assamese: কপৌ ঢেকীয়া English: Botanical: ১৬০ Assamese: কোৱাভাতুৰি English: Botanical: ১৬১ Assamese: চুটীয়া লফা English: Buckwheat Botanical: Fagopyrum esculentum ১৬২ Assamese: টংলতি English: Botanical; ১৬৩ Assamese:টকুৰীয়া লতা/ সোণপৰুৱা/ আকণবিন্ধা English: Botanical: Cissampelos spp ১৬৪ Assamese:নল টেঙা English: Botanical: এশ এবিধ শাকৰ নামৰ তালিকাখন প্রস্তুত কৰি থাকোঁতেই আমি অনুমান কৰিছিলো যে “এশ এবিধ” মানে ১০০+১=১০১ অর্থাৎ পাঁচ কুৰি এক নহয়। আন বহুতে ১১৩ নাইবা ১১৮ বুলিও কোৱা দেখা যায়। প্রকৃততে কিন্তু ইয়াৰ অর্থ বহুত বা অনেক। আমাৰ সংগ্রহত ১৫৩ বিধৰ নাম আছিল আৰু সেইখিনিৰেই এই লেখাটো যুগুতাবলৈ পাতনি মেলিছিলো। কিন্তু ‘সেউজী ধৰণী’ত ইতিমধ্যে প্রকাশ হোৱা তালিকাখন পঢ়ি বহুকেইজনে নতুন শাক কিছুমানৰ নাম জানিবলৈ দি এইবোৰ ‘এশ এবিধ শাক’ হিচাপে খোৱাৰ কথা কয়। এজনে কোৱাভাতুৰিৰ কথাও উল্লেখ কৰে। এইদৰে আহি পৰা নামকেইটা ক্রমিক নং ১৫৪ -১৬৪ ত দিয়া হ’ল। সময়ৰ লগে লগে এই তালিকা আৰু দীঘলীয়া হোৱাৰ পূর্ণ সম্ভাৱনা আছে। সেয়ে আমি প্রস্তুত কৰা এই তালিকাখন সম্পূর্ণ শুদ্ধ বুলি কব নোৱাৰোঁ। তথাপি আশা কৰিছোঁ এইদৰে সকলোৰে সহযোগত ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তলিকা অচিৰে সম্পূর্ণ হৈ উঠিব। লিখক: ড০ চাদিকুল হুচেইন