পৰিচয় অপৰাজিতা এবিধ লতাজাতীয় ফুলৰ গছ। অপৰাজিতা স্বাভাৱিকতে দুবিধ দেখা যায়। এবিধৰ ফুল বগা আৰু আনবিধৰ নীলা। ফুলবোৰ সৰু আৰু গোলাকাৰ। অপৰাজিতাৰ শাস্ত্ৰীয় নাম গিৰিকণী আৰু বিষ্ণুক্ৰান্তা। ভেষজ চিকিৎসাত অপৰাজিতা গছ আৰু পাতৰ ব্যৱহাৰ হয়। দৰবৰ বাবে ইয়াৰ মূল ব্যৱহাৰ হয়। গুণাগুণ জ্বৰ, দাহ, বমি, ভ্ৰম, কাহ আৰু অম্লপিত্ত উপশমৰ বাবে অপৰাজিতাৰ মূলৰ ৰস ব্যৱহাৰ কৰিব লাগে। শীতবীৰ্য্য, চকুৰ যোগ, ৰক্তদোষ ব্ৰণ আদিৰ বাবে অপৰাজিতাৰ মূলৰ ৰস ব্যৱহাৰ্য্য। নীলা অপৰাজিতাৰ মূল গুৰি কৰি নস্য ল’লে শিৰাৰোগ অৰ্দ্ধকপাল আৰু সুৰুয কপালি মূৰৰ বিষ গুচে। শূল ৰোগতো অপৰাজিতাৰ মূলৰ ৰস এক তোলা মৌৰ লগত খালে উত্তম ফল পোৱা যায়। পালা জ্বৰতো ইয়াৰ পাতৰ ৰসৰ নস্য ল’লে আৰোগ্য হয়। লিখক: ধৰ্মকান্ত শৰ্মা।