ৰঙা, নীলা ,বগা, বেঙুনীয়া , গোলাপী, হালধীয়া এনেকুৱা আৰু কিমান ৰঙেৰে ৰঙীন আমাৰ পুষ্প-নৈসর্গ! ইয়াৰ মাজত নীলা ফুলৰ কথা কলেই প্রথমতে আহে ৰূপহী অপৰাজিতা ফুলৰ নাম। লতা গছত সেউজীয়া পাতৰ কোলাত এক টুকুৰা প্রগাঢ় নীলাৰ সম্ভাষণ ভাললগাৰ অনুভূতিক নিমিষতে ছুই যায়। ফলবিধৰ কোনো গোন্ধ নাই , তথাপি ৰঙৰ মিঠা শোভাৰে অনন্য যাক কোৱা হয় অপৰাজিতা ।

সংস্কৃত নাম : আস্ফোতা, অশ্বখুৰী
ইংৰাজী নাম : butterfly-pea, blue-pea, cordofan-pea।
বৈজ্ঞানিক নাম : Clitoria ternatea।
বৈজ্ঞানিক শ্রেণীবিন্যাস
জগৎ:Plantae
বিভাগ:Magnoliophyta
শ্রেণী:Magnoliopsida
বর্গ:Fabales
পৰিয়াল :Fabaceae
উপপৰিয়াল :Faboideae
গোত্র:Cicereae
গণ:Clitoria
প্রজাতি:C. ternatea

অপৰাজিতা (বৈজ্ঞানিক নাম: Clitoria ternatea)
ইংৰাজী : Butterfly pea, blue pea vine, mussel-shell climber, pigeon wings

হিন্দি: Aparajita
বাংলা: অপৰাজিতা
কন্নড়: Nagar hedi
মালয়ালম : বুঙ্গা তেলাংগ Bunga telang
মালয়ালম: সঙ্খপুস্পম
মাৰাঠী : গোকর্না (Gokarna)
পর্তুগিজ: Fula criqua
তামিল ভাষা: সাঙ্গু পু (Sangu pu)

Fabaceae গোত্ৰৰ লতাজাতীয় উদ্ভিদ। এই উদ্ভিদৰ আদি নিবাস মালয় উপদ্বীপ। ভাৰতবৰ্ষত এই উদ্ভিদ প্ৰচুৰ দেখা যায়। মূলতঃ ইয়াৰ নীলা ৰঙৰ চমৎকাৰ ফুলৰ বাবে সকলোৱে এই ফুল বৰ ভাল পায়।

ইয়াৰ পাতৰ লগত উৎপত্তি থাকে । কাণ্ডৰ সৈতে পাতবোৰ একান্তৰ পত্রবিন্যাসত সজ্জিত হৈ থাকে। পাতবোৰ যৌগিক, ডিম্বাকৃতিৰ আৰু দীঘলে ৪ চেন্টিমিটাৰ হয় আৰু পথালিকৈ ৩ চেন্টিমিটাৰ হয়।

ফুল প্রায় ৫-৭ ছেণ্টিমিটাৰ দীঘল হয়। এককভাবে ফুল ফুলে। ফুলবিলাক একপ্রতিসম, প্ৰজাপতিসম আৰু একলৈঙ্গিক। ফুলৰ প্রধান পাপৰিৰ বাহিৰৰ ফালৰ ৰঙ নীলা আৰু মাজৰ অংশ পাতল বগা ৰঙৰ হয়। এই ফুলৰ ১০ ডাল পুংকেশৰ থাকে। পৰাগথলী আয়তাকাৰ হয়।১টা স্ত্রীস্তবক। ইয়াৰ গর্ভদণ্ড সৰু । ফুলবিলাক বৰ্ষাকালত ফুলে।

ইয়াৰ চেই (ফল) দীঘলে ৮-১০ ছেন্টিমিটাৰ হয়। চেইৰ ভিতৰত ৬-১০টা কলা ৰঙৰ বীজ থাকে। ফল ধৰে শীতকালত ।

এই উদ্ভিদৰ প্রায় সকলো অংশই ঔষধ হিচাবে ব্যবহাৰ কৰা হয়। ইয়াৰ বীজে কোষ্ঠকাঠিন্য দূৰ কৰে । অপৰাজিতাৰ শিপা বিষনাশক। চৰক সংহিতাৰ মতে, সাপৰ বিষ নিষ্ক্রিয় কৰাৰ বাবে পচতীয়াৰ শিপাৰ লগত অপৰাজিতাৰ শিপাৰ ছাল পানীৰ লগত খুৱাব লাগে।ইয়াৰ শিপাৰ লগত পানৰ ৰস মিহলাই নিয়মিত খুৱালে উন্মাদ ৰোগ নিৰাময় হয়। ইয়াৰ শিপাৰ ৰস মুত্ৰল গতিকে ই প্রস্রাব বৃদ্ধি কৰে।

অপৰাজিতাৰ গাঢ় নীলা ফুলক নীলকণ্ঠ নামেৰেও জনা যায় । ইয়াৰ নীলাৰ বাহিৰেও বগা আৰু পাতল বেঙুনীয়া ৰঙৰ ফুলো দেখা যায় । সাধাৰণতে গছৰ ডাল বৰ্ষাকালত জেকা মাটিত ৰোপণ কৰিব লাগে, সৰু সৰু ধোৱাবৰণৰ আৰু কলা ৰঙৰ চৈ ৰ'দত শুকুৱাই জেকা মাটিত ৰোপণ কৰিব লাগে । ই লতা গছ, ওখ গছ ভাবেৰে আদিত বগাই ই ফটাফট বাঢ়ি উঠে, ফুলে-পাতে বিকশিত হয়। প্রায় গোটেই বছৰ ফুল ফুলে । বহুবর্ষজীবী এই লতা ২০ ফুট পর্যন্ত দীঘল হয়।
পাশ্চাত্যৰ উদ্ভিদবিদসকলে কয়, এই ফুল আহিছে মালাক্কা দ্বীপৰ পৰা। অতি প্রাচীনকালত এই দ্বীপ এছিয়া আৰু অস্ট্রেলিয়া মিলি এখন মহাদেশ আছিল। টাৰনেটি বা মালাক্কাৰ পৰা আহিছে বাবে অপৰাজিতাৰ বৈজ্ঞানিক নাম ক্লিটোৰিয়া টাৰনেটিকা।
আনহাতে ক্লিটোৰিয়াৰ অর্থ যোনিপুষ্প। ফুলৰ ভিতৰৰ আকৃতি মতে এই নাম। কেৰালাত ইয়াক কোৱা হয় ‘শঙ্খপুষ্পী’। এই ফুলৰ বয়স অন্ততঃ পাঁচ কোটি বছৰ ।

নীলা ৰঙৰ ফুল আমাৰ দেশত আৰু বিশ্বত ৰঙা ,বগা, গোলাপী , গাঢ় ৰঙা ইত্যাদি ফুলতকৈ কম। পৃথিবীৰ বিবৰ্তনৰ ধাৰাত নীলা ৰং আহিছে সকলোৰে শেষত । আমি ইয়াৰ নীলা ৰঙৰ বৈভবত মুগ্ধ, কিন্তু অপৰাজিতা নামটোও সুপ্রাচীন আৰু মাধুৰ্য্যত অজেয় বা অদ্বিতীয়া।
অপৰাজিতা কেৱল সৌন্দর্যতেই নহয়, ঔষধি গুণেৰেও অতুলনীয়। ইয়াৰ ফুল, পাপৰি , মূল আৰু গছৰ লতা নানা ভেষজ চিকিৎসাত ব্যবহার্য্য।

হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অপৰাজিতা পবিত্র উদ্ভিদ। শাৰদীয় দুৰ্গোৎসৱত ষষ্ঠীত আৰু বিজয়া দশমীৰ পুজাত এই ফুল ব্যৱহাৰ হয ।ককাদেউতাৰ সাধুকথাতো আছে অপৰাজিতাৰ নাম, পৰীবিলাকে আঙঠি হিচাপেএই ফুলৰ ব্যৱহাৰ কৰিছিল ।

মূৰ্ছা , শূল, বিষৰোগ , ভয়, উন্মাদ , ঘনে ঘনে প্ৰস্তাৱ হোৱাত , স্মৃতিশক্তি বৃদ্ধিত, স্বৰভঙ্গ, শুকান কাহ, সুৰুযকপালী, মেহ আৰু শোথত অপৰাজিতাৰ মূল, পাত বা ডাল ঔষধৰ কাম কৰে।

নীলা অপৰাজিতা বাৰ মাহে ফুলে। অবশ্যে শীতকালত কম ফুলে। নীলা ফুলৰ গছৰ যিমান সোনকালে শাখা-প্রশাখা বাঢ়ে বগা বা বেঙুনীয়া সিমান সোনকালে নাবাঢ়ে । অপৰাজিতা ফুল থোপা বান্ধি নুফুলে। পাতেৰে ভর্তি লতা ফাঁকে ফাঁকে এটা এটা কৈ ফুল ফুলে , যেন সিহতে অকলে থাকি ভাল পায় ।

ঔষধি গুনাগুণ -

বিশেষ একো কাৰণ নোহোৱাকৈ মূর্ছা যোৱাক চিকিৎসা বিজ্ঞানৰ ভাষাত হিস্টেৰিয়া বোলে । কোনো ব্যক্তিৰ হিস্টেৰিয়া হোৱাৰ সময়ত , অপৰাজিতা ফুলৰ গছ আৰু পাত থেতালি লৈ ছেকি ১ চাহ চামুচ ৰস ৰোগীক খুৱালে ৰোগ ভাল হয় ।ই এণ্টি ডিপ্ৰেচিভ, এনজিওলাটিক আৰু এণ্টি পাইৰেটিক। আৰু কিছুমান গৱেষণাত দেখা গৈছে যে অপৰাজিতা লিভাৰৰ বাবে খুবেই ভাল, যি লাইপোপ্ৰটিন চাৰকুলেচনত সহায় কৰে ফলস্বৰূপে খাদ্যৰ পৰা গ্লুকজ আপটেকত বাধা প্ৰদান কৰে।

অপৰাজিতাৰ মূল, ৫/৬ গ্রাম পৰিমাণৰ ঘিউ মিহলাই বটি অলপ মৌৰ লগত ৰাতিপুৱা গধূলি একেৰাহে ৭ দিন খালে , গলগণ্ড ৰোগ ভাল হয়।

শৰীৰৰ কোনো স্থানত ফুলিলে ,সেই স্থানত নীলা অপৰাজিতাৰ পাত, মূল সহ বটি অলপ গৰম কৰি লগালে , ফুলাভাৱ কমি যায়। ফুলা নকমা পর্যন্ত লগাই থাকিব লাগে।অপৰাজিতাত taraxerol নামক এক ট্ৰাইটাৰপিনয়েড কম্পাউণ্ড থাকে যাৰ শক্তিশালী anti inflammatory প্ৰভাৱ থাকে।

ঠাণ্ডাজনিত কাৰনত ডিঙিৰ স্বৰ ভাঙি গলে, অপৰাজিতাৰ গছৰ লতা পাত ১০ গ্রাম পৰিমানত লৈ ৪/৫ কাপ পানীত সিদ্ধ কৰিব লাগে। পানী গৰম হৈ ১ কাপ থকা অৱস্থাত নমাই ছেকি, ৪/৫ দিন ৩/৪ বাৰকৈ ১৫ মিনিট কুলকুলি (gargle) কৰিলে স্বৰভঙ্গ ভাল হৈ যায়।গলৰ ভিতৰত ঘাঁ হ'লে বগা অপৰাজিতা গৰু গাখীৰৰ ঘিঁত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামুচকৈ খাব লাগে।

অপৰাজিতা মূলৰ ৰস ১ চা চামুচ আধা কাপ অলপ গৰম পানীত মিহলাই , সেই পানী ১০/১৫ মিনিট মুখত ৰাখি ৭ দিন দিনে ৩ বাৰ কুলকুলি কৰিলে শুকান কাহ ভাল হৈ যায়। এইক্ষেত্ৰত মিশ্ৰণটো নাখালে ভাল ।

নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সূৰুযকপালী ৰোগ আৰোগ্য হয় ।

পেছাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি দুচামোচ আধাকাপ পানীত গুলি খাব লাগে।

পেছাব অতি কমকৈ হ'লে বা বন্ধ হৈ গ'লে বগা অপৰাজিতাৰ শিপাৰ ৰস তিনি চামোচ দুবাৰকৈ খাব লাগে।

কটা ছিঙাত পাত মিহিকৈ বটি লেপ দিব লাগে ।

(প্ৰবাদমতে কুকুৰে কামুৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব পেছাব হয় । পেছাৱত বিষবোৰ ওলায়।পিছত গাখীৰত মিচিৰি গুলি খালে পেছাব নিয়মিয়া হয় ।)

চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ী তেলত মিলাই চুলিত সানিলে পকা ভাল হয়।

ধৱল কুষ্ঠ ৰোগত গাঢ় নীলা অপৰাজিতাৰ ফুল আৰু আঁহতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে।। দীৰ্ঘদিন লগালে ৰোগ আৰোগ্য হয়।

গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস দুচামুচকৈ মিলাই কিছুদিন খাব লাগে।

পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হ'লে অপৰাজিতাৰ শিপাৰ ছাল বটি এচামুচকৈ খালে পেছাবেৰে পানী বাহিৰ হৈ যায়।

অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।

বয়ঃসন্ধিকালীন উন্মাদ ৰোগৰ(hysteria) চিকিৎসাত ইয়াৰ মূলৰ ছাল ৩ ৰ পৰা ৬ গ্রাম পৰিমাণত লৈ বটি দিনে ২ বাৰ আলোৱা চাউল ধোৱা পানীৰ লগত খালে ৰোগমুক্তি হয়।

সতর্কতা: এই গছৰ সকলো অংশই ঔষধ হিচাপে ব্যবহাৰ হয়। কিন্তু মূল আৰু চেই (বীজ) বেছি পৰিমাণে খালে শৰীৰত বিষৰ প্রতিক্রিয়া সৃষ্টি হয়। গতিকে ইয়াৰ পৰিমান খুবেই সাবধানে প্রয়োগ কৰা উচিত ।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ