২০ গ্ৰাম ডিমৰু পাত বটি ২০০ মি:লি: পানীত মিহলাই চেকি লৈ খালে ডায়েৰীয়া ৰোগ ভাল হয়। ডাঙৰ ইলাচিৰ গুটি গুৰি কৰি কেঁচা বেলৰ শাহৰ লগত মিহলাই দিনে ২-৩ বাৰ দুই-তিনি চামুচকৈ খুৱালে ডায়েৰীয়া ৰোগ ভাল হয়। ৰঙালাওৰ শাহ আৰু কেঁচা বেলৰ শাহ সম পৰিমাণত লৈ বটি দিনে তিনিবাৰকৈ দুচামুচ পৰিমাণত খুৱালেও ডায়েৰীয়া ৰোগ ভাল হয়। জায়ফল আৰু শুকান আদা সমান মাত্ৰাত মিহলাই পানী দি বটি লওক আৰু পিছত পানীত গুলি, চেকি লওক। সেই পানী ৰোগীক খাবলৈ দিয়ক। ডায়েৰীয়া ৰোগীৰ বাবে খোৱাপানী সদায় ভালদৰে উতলাই ঠাণ্ডা কৰিহে দিব। শুকানকৈ ভাজি লোৱা জিৰা, চফ, ডালিমৰ গুটি, সৈন্ধব লৱণ সমান মাত্ৰাত লৈ ভালদৰে গুৰি কৰি চূৰ্ণ বনাই লওক। এই গুৰি আধা চামুচ পৰিমাণত লৈ সৰতোলা গাখীৰেৰে তৈয়াৰী দৈৰ ঘোলৰ লগত ৰোগীক খুৱালে অতি সোনকালে ৰোগী আৰোগ্য হয়। শুকানকৈ ভাজি লোৱা জিৰা, শুকান আদা, কেঁচা বেলৰ গুৰি, চফ আৰু আজোৱান সমান মাত্ৰাত লৈ অলপ খুন্দি লওক। এই গুৰিৰ এক চামুচ পৰিমাণত প্ৰতিদিনে তিনিবাৰ উতলাই ঠাণ্ডা কৰি লোৱা পানীৰ লগত মিহলাই খুৱালে ডায়েৰীয়া ৰোগ ভাল হয়। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।