তিতাফুল এবিধ চিৰসেউজীয়া উদ্ভিদ। ইয়াক ৰঙা বাহক নামেৰেও জনা যায়। ই জোপোহা আকৃতিৰ গছ। ইয়াৰ পাত আৰু ফুল খালে তিতা লাগে। ইয়াৰ ডালবোৰ পাতল ডালবোৰ পাতল হালধীয়া আৰু বেছিকৈ বিভাজিত। ফুলৰ ৰং ৰঙা বা ইটা বৰণীয়া। পাতবোৰ ডাঙৰ। তিতা ফুল পাতত দি, আঞ্জা বা ভাজি কৰি খালে উপকাৰ পোৱা যায়। ইয়াৰ পাত আৰু ফুল ঔষধ হিচাপে ব্যৱহাৰ হয়। তিতা ফুলৰ কিছুমান ঔষধি গুণ এনেধৰণৰ - তিতাফুলে স্মৰণ শক্তি বৃদ্ধিত সহায় কৰে। জণ্ডিচ ৰোগীয়ে নিয়মীয়াকৈ অলপ দিন তিতা ফুল খালে উপকাৰ পাব। তিতা ফুলে তেজ পৰিষ্কাৰ কৰে। জ্বৰ হ’লে তিতা ফুলৰ পাত বা ফুল সিজাই খালে জ্বৰ নিৰাময় হয়। তিতা ফুল ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। শিশুৰ কৃমি হ’লে কম পৰিমাণৰ তিতা ফুলৰ পাত থেতেলিয়াই ৰস উলিয়াই আধা চামুচ খালে উপকাৰ পোৱা যায়। হুপিং কাহ হ’লে ইয়াৰ ফুল আৰু পাতৰ ক্কাথ তৈয়াৰ কৰি খালে কাহ কমে। তিতা ফুল ছালৰ যিকোনো ৰোগৰ বাবেই উপকাৰী। গ্ৰহণী ৰোগত তিতাফুলৰ পাত আৰু ফুলৰ ৰস খালে ৰোগ সোনকালে নিৰাময় হয়। তিতাফুলৰ পাত আৰু ফুল পানীত সিজাই নাইবা আঞ্জা কৰি খালে হাওঁফাওঁজনিত ৰোগ নিৰাময় হোৱাত সহায় কৰে। লেখিকা : ললিতা শৰ্মা লহকৰ(অসম বাণী)