মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই মানুহে খেতি কৰি আহিছে।বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো আমি খেতি অবিহনে জীয়াই থকাৰ কথা কল্পনাই কৰিব নোৱাৰি।আমাৰ দেশ ভাৰতবৰ্ষ কৃষি প্ৰধান ৰাষ্ট্ৰ।আমি সৰুৰে পৰাই বিভিন্ন ধৰণৰ খেতি কৰা দেখা পাই আহিছোঁ আনকি বহুতো প্ৰত্যেক্ষভাৱে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰিছোঁ।বিশেষকৈ আমাৰ ৰাজ্য অসমত থকা চাহ খেতিৰ কথা আমি সকলোৱে জানোহঁক।চাহ খেতিৰ ক্ষেত্ৰত আমাৰ ৰাজ্য অসম তথা আমাৰ ৰাষ্ট্ৰ ভাৰতৰ বিশেষ সুনাম আছে। বিভিন্ন খেতিৰ লগতে অসমৰ জলবায়ু চাহ খেতিৰ বাবে অনুকুল আৰু চাহ অইন অইন খেতিৰ তুলনাত অধিক লাভজনক।উল্লেখযোগ্য যে মই চাহ খেতি কৰি থকা অঞ্চলৰ মাটিডৰা বিজ্ঞান সন্মত ভাৱে পৰীক্ষিত।সেইবাবে মই চাহ খেতি কৰিবলৈ লওঁ আৰু ইয়াকে জীৱন নিৰ্বাহৰ মুখ্য পথ হিচাপে বাচি লওঁ।মই 2001 চনত চাহ খেতি আৰম্ভ কৰো আৰু বৰ্তমান মোৰ বাগিছাখনৰ আয়তন 17 বিঘা 2 কঠা 10 লেছা।বাগিছাখন 2001 চনতে স্থাপন কৰা হয় যদিও 2007 চনৰ পৰাহে সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতি অৱলম্বন কৰোঁ।এতিয়া বাগিছাখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংস্থা OneCart Asian Agri Certification(P)Ltd ৰ দ্বাৰা সম্পূৰ্ণ জৈৱিক বুলি প্ৰমাণিত হৈ আছে। বহুদিন ধৰি এই বাগিছাৰ পৰা উৎপন্ন হোৱা সেউজীয়া পাত(কেচাঁ সামগ্ৰী)ৰ পৰা ‘মা ফুলাশ্বৰী’ উদ্যোগৰ পৰা তৈয়াৰী চাহ(শুকান চাহ) বিভিন্ন ঠাইলৈ পঠাই থকা হৈছে।ইয়াৰ মানদণ্ড উন্নত বুলিও বহুতেই মন্তব্য দিছে।এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট,চাহ বাগিছাৰ গৱেষক।ড° গৌতম কুমাৰ শইকীয়া দেৱৰ কথা উল্লেখ কৰিব পাৰি।আজি কিছুদিন ধৰি ‘চিলাৰাই’ নামৰ চাহ এই উদ্যোগৰ পৰা উৎপাদন হৈ আছে আৰু ঘৰুৱা বজাৰৰ লগতে দেশ-বিদেশৰ বহু ঠাইৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। সেউজীয়া চাহ আৰু মানৱ স্বাস্থ্য: বৰ্তমান যুগৰ শৰীৰ বা স্বস্থ্য সম্পৰ্কে সচেতন ব্যক্তিয়ে সেউজীয়া চাহৰ গুণাগুণৰ কথা বাৰুকৈয়ে উপলব্ধ কৰিব পাৰিছে।সেউজীয়া চাহে আমাৰ শৰীৰ সতেজ কৰি ৰাখে আৰু মানুহৰ কৰ্মস্পৃহা বঢ়াই তোলে।মানৱ শৰীৰ বিভিন্ন ব্যাধি দূৰ কৰে।বৰ্তমান সমাজত আমি দেখি থকা প্ৰায় সকলো মানুহৰে হোৱা উচ্চ ৰক্তচাপ,মধুমেহ আদিৰ দৰে ব্যাধি সমূহৰ সেউজীয়া চাহ প্ৰতিষেধক বুলি কব পাৰি।নিয়মিত সেৱন কৰা ব্যক্তি সকলৰ এই বেমাৰ সমূহৰ উপৰিও কোনো দুৰাৰোগ্য ব্যাধি নহয় বুলি আজিৰ চিকিৎসা বিজ্ঞানেও কয়।সেয়ে ইয়াৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে। ‘মাঁ ফুলাশ্বৰী’ৰ উদ্যোগত এই সেউজীয়া চাহৰ উপৰিও সধাৰণ কলা,চাহ বা অৰ্থডক্স চাহ জৈৱিক পদ্ধতিৰে উৎপাদিত হৈ আছে। জৈৱিক চাহ খেতিয়ে মানৱ স্বাস্থ্যৰ উপৰিও প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাতো সহায় কৰে।কাৰণ ইয়াত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহ্য়,ফলত প্ৰকৃতিৰ বিভিন্ন জীৱ বা অনুজীৱ সমূহৰ কোনো হানি নহয়।যিবোৰে (জীৱ বা অনুজীৱ) আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আহিছে তথা বৈচিত্ৰত অৰিহণা যোগায়।প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিলেহে আমাৰ অঞ্চলত তথা পৃথিৱীত থকা জৈৱ বৈচিত্ৰ সমূহ ৰক্ষা হ’ব।তেতিয়া সকলো জীৱৰ লগতে মানৱ জাতিৰ প্ৰতি অহা কোনো ভাবুকি নাথাকিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিলেও জৈৱিক খেতি অধিক প্ৰয়োজনীয়।কাৰণ ইয়াৰ উৎপাদনে আৰু উপভোগ কোনো পাৰ্শক্ৰিয়া নকৰে।গতিকে সমূহ উপভোক্তা ৰাইজক মোৰ ‘চিলাৰাই’ সেউজীয়া চাহ তথা জৈৱিক চাহ গ্ৰহণ কৰিবলৈ ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। জৈৱিক চাহৰ উপকাৰিতা: ই হ্ৰদৰোগীৰ বাবে উপকাৰী।কাৰণ ই তেজত থকা কলেষ্টৰ’ল(Cholesterol)ৰ মাত্ৰা কমাই ৰাখে। ই মধুমেহ বা বহুমূত্ৰ ৰোগীৰ বাবে লাভদায়ক।কিয়নো ইয়াত থকা এন্টিঅক্সাইডেন্টে তেজত থকা শৰ্কৰা(Blood Sugar)ৰ মাত্ৰা কমাই ৰাখে। ই জৰায়ু,হাওঁফাওঁ,স্তন,পাকস্থলী আদিত হোৱা কেঞ্চাৰ ৰোগৰ প্ৰতিষেধকস্বৰূপ। শৰীৰৰ গাঁঠিৰ বান্ধনীৰ(Cartilage)ৰ অসুখ কমাই ৰাখে। ই মগজু সুস্থ ৰাখে,স্মৃতি শক্তি বঢ়ায়। ই তিনিমাহৰ ভিতৰতে ওজন কমায় আৰু ৰক্তচাপ নিৰাময় কৰে। ই পানীলগা,কাঁহ আৰু ছালৰ অসুখক বাধা দিয়ে। ই হজমী শক্তি বঢ়ায় আৰু পেটৰ বহু গুৰুতৰ অসুখৰ পৰা ৰক্ষা কৰে। ই গাঁঠিৰ বিষৰ কাৰণে উত্তম আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰাখে। সেউজীয়া চাহত থকা এন্টিঅক্সাইডেন্টে(Antioxidant) ভিটামিনতকৈ 100 গুণ বেছি আৰু ভিটামিন E তকৈ 25 গুণ বেছি কাম কৰে। ই দাঁতৰ ক্ষয়ৰোগ কমাই ৰাখে আৰু দাঁতত থকা জীৱাণু ধ্বংস কৰে। ই মাংসপেসী আৰু ছাল সবল হোৱাত সহায় কৰে। ই সুৰাপায়ীসকলক লিভাৰৰ অসুখৰ পৰা বচাই ৰাখে। ই শৰীৰক এলাৰ্জীৰ পৰা মুক্ত কৰে। লেখক:ৰতন ৰায়