সেউজীয়া শাক-পাচলি- সেউজীয়া শাক-পাচলি (Green Vegetables) আমাৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী। আমাৰ দৈনিক খাদ্যৰ লগত কিছু পৰিমাণে হ’লেও সেউজীয়া শাক-পাচলি থকা অতি দৰকাৰ। এষাৰ কথা আছে— ‘মাংসত মাংস বাঢ়ে/ঘিউত বাঢ়ে বল/দুধত চন্দ্ৰ বাঢ়ে/শাকত বাঢ়ে মল।” অর্থাৎ শৌচ খোলোচা হ’বলৈ হ’লে শাক খোৱা জৰুৰী। ইয়াত যথেষ্ট আঁহ জাতীয় পদার্থ (FIBRE) থাকে। পাচলি বুলি ক’লে— সেউজীয়া শাক-পাচলি, মাটিৰ তলৰ পাচলি, অন্য পাচলি হিচাপে ভাগ কৰিব পাৰি। আমাৰ স্বাস্থ্যৰ ৰোগ প্রতিষেধক হিচাপে সেউজীয়া শাক-পাচলিয়ে বহু কাম কৰে। লাই- লফা, পালেং-ধনিয়া, ধেৰুৱা, বাবৰি কত যে শাক-পাচলি। যিবিলাক শাক বেছি সেউজীয়া সেইবিলাকৰ খাদ্য গুণ বেছি। সেউজীয়া শাক-পাচলিত কি থাকে- কেৰটিন (CAROTENE), ভিটামিন বি২, (Riboflavin), ফলিক এচিড, ভিটামিন চি আৰু কে, আইৰণ আৰু কেলচিয়াম থাকে। যিসকল চর্বিযুক্ত সেইসকলৰ বাবে দেহৰ ওজন কমাবৰ বাবে শাক-পাচলি খালে উপকাৰ পাব। সেউজীয়া শাক-পাচলি বহু সময় সিজাই থাকিলে, খোলা পাত্ৰত সিজালে ইয়াৰ খাদ্যগুণ কম হয়। মাটিৰ তলৰ পাচলি, যেনে—আলু, গাজৰ, বিত আদি। ইয়াত যথেষ্ট STARCH থাকে। প্ৰ’টিন আৰু চর্বি কম থাকে। যথেষ্ট কেলচিয়াম আৰু ফচফৰাচ থাকে। আলুত যথেষ্ট ভিটামিন চি থাকে। অন্য পাচলি, যেনে— ফুল কবি, বন্ধা কবি, ওলকবি, বিলাহী, ভেন্দি, স্কোৱাচ, পটল ইত্যাদি। এই সকলোবোৰতে ভিটামিন আৰু মিনাৰেল থাকে। আজিকালি ল’ৰা-ছোৱালীয়ে জাং ফুড ভাল পায়। ই দেহৰ চর্বি বঢ়ায়। শাক-পাচলি খাবলৈ সৰুৰে পৰা অভ্যাস কৰিব লাগে। ঘৰৰ পাচলি তথা গ্রাম্য অঞ্চলত গোবৰ দি কৰা পাচলি খোৱা ভাল। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা খাদ্যই স্বাস্থ্যৰ অৱনতি ঘটায়। বর্তমান বৃদ্ধি হোৱা বহুমূত্র, বৃক্কৰ অসুখ এই ৰাসায়নিক পদার্থৰ পৰা হোৱা বুলি গৱেষকসকলে অনুমান কৰিছে। পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীসকলে ল’ৰা-ছোৱালীক পাচলিৰ প্রতি আকর্ষণ কৰিবলৈ যত্ন কৰিব লাগে। এদিন তিনি কেজি ব্ৰয়লাৰ মাংস ৰান্ধি ফ্রিজত থৈ দৈনিক পুৱা-গধূলি খাই থাকিলে বিশেষ উপকাৰ নহয়। আচলতে বহুতে শাক-পাচলি ৰান্ধিবলৈ এলাহ কৰে। বজাৰৰ শাক-পাচলিত ৰাসায়নিক সাৰ দিয়া বুলিও বহুতে নাখায়। তথাপি সেউজীয়া শাক-পাচলি খাই স্বাস্থ্য সুস্থ কৰি ৰাখক। লিখক: ডা: দুৰ্লভ বৰুৱা, অসম বাণী।