চমু বিৱৰণ মেজেংগা এবিধ শাক। ই বহুবৰ্ষী উদ্ভিদ। ই মধ্যমীয়া ওখ হয়। ইয়াৰ পাত শাক হিচাপে খোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম যান্থযাইলেম অক্সিফাইলাম ইডজিঅ' (Zanthoxylum Oxyphyllum Edgew) আৰু ই ৰুটাচিয়া(Rutaceae) গোত্ৰৰ। মেজেংগাৰ পাত দীঘলীয়া আকৃতিৰ। বাৰিষা কালত মেজেংগা গছত পাত ওলায়। খৰালি হোৱাৰ লগে লগে মেজেংগাৰ পাত সৰিবলৈ ধৰে। ইয়াৰ পাত আৰু ঠাৰিত কাঁইট থাকে। কোমল পাত ৰান্ধিলে ঘিঁউৰ দৰে মিঠা সুগন্ধি ওলায়। মেজেংগা গছৰ গুটিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ পোৱা যায়। ইয়াৰ বাকলি, ফল, বীজ আৰু পাতৰ ঔষধি গুণ আছে। মেজেংগাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- শৰীৰত ঘা হ’লে মেজেংগাৰ পাতৰ ৰস শৰীৰত লগালে ঘা সোনকালে নিৰাময় হয়। মেজেংগাৰ কোমল পাতৰ ৰস মূৰৰ বিষ নিবাৰক। পেটৰ বিষ হ’লে মেজেংগাৰ পাতৰ আঞ্জা ৰান্ধি খালে বিষ উপশম হয়। মেজেংগাৰ গুটিৰ ৰসে কুকুৰীকণা ৰোগ নিৰাময় কৰে। স্মৃতিশক্তি বৃদ্ধিত মেজেংগাৰ পাতৰ ৰসে সহায় কৰে। জ্বৰৰ বাবে মেজেংগাৰ পাত, ফল উপকাৰী। মেজেংগাৰ পাতৰ ৰস পক্ষাঘাত ৰোগীৰ বাবেও উপকাৰী। দাঁতৰ বিষ হ’লে মেজেংগাৰ পাত, ফল, বাকলি উতলাই কুহুমীয় কৰি কুলকুলি কৰিলে উপকাৰ পোৱা যায়। অভোক বা অজীৰ্ণ হ’লে মেজেংগা শাক সিজাই খালে ভোক লাগে। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী