মানিমুনি বা ব্ৰাহ্মী এবিধ শ্ৰেষ্ঠ ৰসায়ন বুলি চৰক সংহিতাত উল্লেখ আছে। সদায় মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় । শৰীৰ সুস্থ সবল কৰি যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। মানিমুনিৰ বোটানিকেল নাম চেন্টেলা এচিয়াটিকা (Centella Asciatika) , আয়ুৰ্বেদিক নাম ব্ৰাহ্মী আৰু মণ্ডুকপৰ্ণী । বৈদিক যুগৰ পৰা মানিমুনি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। মেলিক এচিড , এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড , ব্ৰাহ্মীনোচাইড , ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ মানিমুনিত পোৱা যায়। মানিমুনিৰ গুণাগুণ - হৃদপিণ্ডৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে, টোপনি স্বাভাৱিক কৰি মানসিক উত্তেজনা নোহোৱা কৰে ,ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, সকলো প্ৰকাৰৰ আঘাত আৰু ঘা উপশম কৰে , চৰ্মৰোগ প্ৰতিৰোধ কৰে, মস্তিষ্ক আৰু স্নায়ুমণ্ডলৰ মৰা কোষবোৰ আতৰাই নতুন কোষ পুনৰাই গঠন কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰাখিব পাৰে। মানিমুনিৰ প্ৰয়োগ - মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন , সদায় মানিমুনি খালে ৰোগমুক্ত হৈ দীৰ্ঘায়ু প্ৰাপ্ত হয় । বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে একলাখ স্নায়ুকোষ ধ্বংস হয় অথবা মৰে। সেয়েহে স্নায়বিক দূৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই, বুদ্ধিৰ বিকাশ কৰে, ভাল টোপনি আহে, মনৰ অস্থিৰতা আতৰ কৰে, মানসিক উৎকন্ঠাৰ (anxiety) নাইকিয়া কৰে, অৱসাদ বিলুপ্ত কৰে । মৃগীৰোগ, আক্ষেপ, কম্পবাত (Parkinson) তথা বাৰ্ধক্যজনিত সকলোপ্ৰকাৰ ৰোগ হোৱাত বাধা আৰোপ কৰে আৰু ৰোগত আক্ৰান্ত হলেও আৰোগ্য কৰে । অন্নদ্ৰৱ শূল (গেষ্ট্ৰিক আলছাৰ), পৰিণাম শূল (ডিওডেনেল আলছাৰ), অম্লপিত্তৰ (গেষ্ট্ৰাইটিচ),মুখৰ ঘা, সংগ্ৰহণী (আলছাৰেটিভ কলাইটিচ) , নাড়ীব্ৰণ (ফিস্তুলা) আৰু অৰ্শ ৰোগ মানিমুনিয়ে ভাল কৰে। চ'ৰিয়েচিচ, ডাৰমাটাইটিচ, ছিফিলিচৰ কাৰণে হোৱা চৰ্মৰোগত মানিমুনি উপকাৰী। ইয়াৰ ৰস খোৱাৰ উপৰিও চৰ্মৰোগ হোৱা স্থানত সানিব পাৰি। মানিমুনি খালে হৃদৰোগ ভাল হয় আৰু হৃদপিণ্ড সুস্থ সবল কৰি ৰাখিব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, শিৰা সঙ্কোচন (ভেৰিক'জ ভেইন) নিৰ্মূল কৰে সকলোপ্ৰকাৰ লিভাৰ ৰোগ ভাল কৰে । বিশেষকৈ লিভাৰ চিৰচিচ নামৰ কোষ ধ্বংস হোৱা ৰোগত মানিমুনি খালে ধ্বংস বা মৃত কোষবোৰ আতৰাই নতুন কোষ গঠন কৰে। পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাহ ৰোগীৰ বাবে মানিমুনি মহৌষধ। মানিমুনি ব্যৱহাৰ - ৰাতিপুৱা খালি পেটত মানিমুনি পাত ৮-১০ পৰ্যন্ত চোবাই খাব পাৰে। ৩-৪ চামুচ মানিমুনিৰ ৰস ২-৩ বাৰ খাব পাৰে। Brahmi vati- দূটাকৈ দিনে তিনিবাৰ খাব । Brahmi syrup- তিনি চামুচকৈ দিনে তিনিবাৰ খাব । Brahmi Rasayan- এচামুচকৈ দিনে দুই-তিনিবাৰ খাব। ইয়াত উল্লেখ কৰা ৫ বিধৰ যিকোনো এবিধ খালেই হ'ব। লেখক: ডা:মনোজ কুমাৰ শইকীয়াফোন নং: 9435209704 উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ