ইয়াক সংস্কৃতত আমৰ, ৰসালসহকাৰ, বসন্তদূত, কামবল্লভ, চ্যুত, কামাঙ্গ, মধুদূত, মাকন্দ, পিকবল্লভ বোলে। গুণ: কেঁচা আমৰ গুণ সুগন্ধী, কেহা, টেঙা, উষ্ণবীৰ্য, ৰুচিকাৰক, মলৰোধক, ৰুক্ষ, কান্তিপ্ৰদ, হৃদ্য, বাতবিত্তবৰ্ধক, ৰক্তপিত্তকৰ, কন্ঠৰোগ, প্ৰমেহ, অতিসাৰ, ব্ৰণ, যোনিৰোগ নিবাকৰ। আম বহুপ্ৰকাৰ। আমৰ গুণ: আমৰ গুণ অম্ল(টেঙা) মিঠা, সামান্য কেহা, সুগন্ধী, ৰুচিকৰ, তৃপ্তিজনক, স্নিগ্ধ, সুখদায়ক, বলবীৰ্যবৰ্ধক, গুৰু, হৃদ্য, শীত, অগ্নিদীপক, কফবৰ্ধক, মলৰোধক, মাংসবৰ্ধক, অতিসাৰ, সংগ্ৰহণী, প্ৰমেহ, ব্ৰণ, তৃষ্ণা, বাত, শ্ৰম, ৰক্তবিকাৰ, পিত্তৰোগ নাশক। মিঠা আমৰ গুণ: ব্ৰণৰোপক, কণ্ডুঘ্ন, ইয়াক খালে ভিতৰৰ ৰক্তবাহী স্ৰোতত হোৱা ঘা অতি সোনকালে আৰোগ্য হয়। আম খালে আৰু গাত ঘঁহিলে খজুৱতি আদি চৰ্বৰোগ নহয়। *অতিসাৰ(বেছিকৈ পাতল শৌচ) হোৱা ৰোগ গ্ৰহণী, হাইজা, যকৃৎ, দৌৰ্বল্য, শূল পেটৰ বিষ আদি ৰোগত আমগছৰ ওপৰৰ খহতা চাল পেলাই ভিতৰৰ চাল পঞ্চাছ গ্ৰাম থেতেলিয়াই পাঁচশগ্ৰাম পানীত সিজাই পঞ্চাছ গ্ৰাম পানী থকাত নমাই ঠাণ্ডা হ’লে মৌৰ লগত খালে উক্ত ৰোগ আৰোগ্য হয়। বিশেষতঃ অতিসাৰ আৰু আমতিসাৰত বিশেষ উপকাৰ হয়। উক্ত প্ৰকাৰে তৈয়াৰ কৰি কেইদিনমান খোৱা উচিত। ৰক্তাতিসা(তেজ পৰা হাগনিত) আমলখিৰ ৰস পঁচিছ গ্ৰাম, মৌ আৰু এঁৱা গাখীৰ প্ৰত্যেকৰে দহ গ্ৰামক আৰু গৰুৰ ঘিউ পাঁচ গ্ৰাম মিহলাই খালে উপকাৰ হয়। সৰু ল’ৰা-ছোৱালীৰ হাগনি হ’লে(পনীয়াকৈ শৌচ কৰিলে) আমঠুৰ ভিতৰৰ শাহ ভাজি গুড়ি কৰি মৌৰ লগত ঘনাই ঘনাই খুৱাব। যদি ৰক্তাতিসাৰ হয়, শৌচৰ লগত তেজ পৰে, তেনেহ’লে আমগছৰ ভিতৰৰ চাল(ওপৰৰ খহতা চাল বাদ দি) দৈ গাখীৰৰ লগত বটি নাভিত ভৰণ দিলে উক্ত ৰোগ গুচিব। গ্ৰহণী আৰু পুৰণি হাগনি ৰোগত মিঠা আমৰ ৰস পঞ্চাছ গ্ৰাম, দৈ গাখীৰ পঁচিছ গ্ৰাম, আদাৰ ৰস দহ গ্ৰাম মিহলাই খাব। আৱশ্যক হ’লে আমৰ ৰস এশ গ্ৰামলৈকে খাব পাৰে। এনেকৈ কেইদিনমান খালে উপকাৰ পাব। মদুমেহ(ডায়েবেটিছ) প্ৰমেহ ৰোগত আম গছৰ ছাল থেতেলিয়াই বিছ গ্ৰাম ৰস উলিয়াই পাঁচ গ্ৰাম চূণৰ পানী মিহলাই তৎক্ষণাৎ খাব। এনেকৈ কেইদিনমান খালে উপকাৰ পাব। খৰ, খহু আদি চৰ্মৰোগত আমঠু পূৰঠ নোহোৱা কোমল আম থেতেলি ৰস উলিয়াই কাপোৰেৰে চেকি ল’ব। ৰস যিমান হয় তাৰ চতুৰ্থাংশ মিথিলেটেড স্পিৰিট মিহলাই বটলত ভৰাই ৰাখিব। মিঠিলেটেড স্পিৰিট নেপালে দেশী মদ মিহলাবও পাৰে। তৃতীয় দিনৰ পৰাই ইয়াক সকলো প্ৰকাৰ চৰ্মৰোগত লগালে চৰ্মৰোগ আৰোগ্য হ’ব। ইয়াক অৰ্শৰ বলিটো লগালে বলি শুকাই যায়। বৃদ্ধি ৰোগত(অণ্ডকোষ ডাঙৰ হৈ ফুলি উঠা ৰোগত) আম গছৰ স্বাভাৱিকতে হোৱা গাঁঠি(টেমুনা) গৰুৰ মূত্ৰৰ লগত বটি লেপ দি সেকিব। উপকাৰ হ’ব। সূত্ৰকৃমি ৰোগত কেঁচা আমঠুৰ গুড়ি এক গ্ৰামৰ পৰা তিনিগ্ৰামলৈকে পানীৰ লগত পুৱা আৰু গধূলি খালে উক্ত কৃমিৰ পৰা হোৱা কষ্ট দূৰ হয়। দন্তৰোগত আমৰ পাতৰ ছাঁইৰে দাঁত মাজিলে সকলো প্ৰকাৰৰ দন্ত ৰোগ আৰোগ্য হয়। পুৱা আৰু গধূলি দিনে দুবাৰকৈ দাঁত মাজিব। শৰীৰৰ কোনো ঠাইত পুৰিলে আমঠুৰ শাহ পানীৰ লগত বটি লগালে জ্বলা-যন্ত্ৰণা নাইকিয়া হয়। জামু: ইয়াক সংস্কৃতত- জম্বু, সুৰভিপত্ৰা, নীলফলা, শ্যামলা, মহাস্কন্ধা, ৰাজাৰ্হা, মেঘ-মোদিনী, ৰাজফলা, শুকপ্ৰিয়া, ৰাজজম্বু, মহাফলা, ফলেন্দ্ৰা বোলে। জামু ক’লা, বগা আৰু সৰু তিনি প্ৰকাৰ। গুণ; ই লগু, ৰুক্ষ, কষায়, মধুৰ, অম্ল, মধুৰবিপাক, শীতবীৰ্য, কফ, পিত্তনাশক, বাতবৰ্ধক, ৰক্তস্তম্ভক, চৰ্মৰোগ নিবাৰক, দাহপ্ৰশমক, দীপক, পাচক, যকৃত উত্তেজক, মলৰোধক, শ্ৰম তৃষ্ণানিবাকৰ, অতিসাৰ, শ্বাস, কাহ, উদৰকৃমি নাশক। ইয়াক দুপৰীয়াৰ আহাৰৰ পিছত খোৱা উচিত। মধুমেহ ৰোগত পকা জামু ত্ৰিছৰ পৰা পঞ্চাশ গ্ৰাম লৈ ত্ৰিছ মিঃলিটাৰ পানীত দি ঢাকি ৰাখিব। আধা ঘন্টা পিছত জামুখিনি উলিয়াই তিনি ভাগ কৰি দিনে তিনিবাৰ খাব। নাইবা জামুৰ গুটি আৰু শুকান আদা প্ৰত্যেকৰে এভাগ, গুড়মাৰ বুটি দুই ভাগ সকলোকে গুড়ি কৰি চালকুঁৱৰীৰ ৰসৰ লগত বটি পঞ্চাছ গ্ৰাম পৰিমাণৰ বড়ি বনাই শুকুৱাই ৰাখিব। এই বড়ি পুৱা, দুপৰীয়া আৰু গধূলি দিনে তিনিবাৰকৈ মৌৰ লগত খালে পেচাবত চেনি যোৱা বন্ধ হ’ব। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন